পাকিস্তানৰ সৈতে পূৰ্ণ-মাত্ৰাৰ যুদ্ধৰ বাবে আমি সাজু নে?

ভাৰতে আৰম্ভ কৰিছে অপাৰেচন সিন্দুৰ। সীমান্ত পাৰ হৈ আক্ৰমণ কৰিছে শত্ৰুৰ দেশত। এনে পৰিবেশ পৰিস্থিতিত যুদ্ধৰ প্ৰস্তুতিৰ সন্দৰ্ভত নানান প্ৰশ্নৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পাকিস্তানৰ সৈতে পূৰ্ণ-মাত্ৰাৰ যুদ্ধৰ বাবে আমি সাজু নে?

ভাৰতীয় সেনাই আৰম্ভ কৰিছে অপাৰেচন সিন্দুৰ। সীমান্ত পাৰ হৈ আক্ৰমণ কৰিছে শত্ৰুৰ দেশত। বাজিছে যুদ্ধৰ দামাম। এনে পৰিবেশ পৰিস্থিতিত যুদ্ধৰ প্ৰস্তুতিৰ সন্দৰ্ভত নানান প্ৰশ্নৰ সৃষ্টি হৈছে। ভাৰতৰ সৈতে যুদ্ধত লিপ্ত হ'বলৈ পাকিস্তানৰ শক্তি কিমান, দেশখনৰ অৰ্থনীতি এই যুদ্ধৰ বাবে সাজুনে? সেই সকলো বিষয় সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'মোৰ মত' শিতানত অভিজ্ঞতাৰ ভিত্তিত এই লেখা লিখিছে গ্ৰুপ কেপ্টেইন দেৱানন্দ গোহাঁয়ে।

Advertisment

‘পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ বাবে সাজুনে’?  আচলতে, এই প্ৰশ্নটো এতিয়া পাকিস্তানক হে সুধিব লাগে। কালি পৰ্যন্ত এই প্ৰশ্নটো কাল্পনিক আছিল। কিন্তু নিশাৰে পৰা “অপাৰেচন সিন্দুৰ” আৰম্ভণিৰে ভাৰতে কৌশলগত ধৈৰ্য্যৰ পৰা সক্ৰিয় পদক্ষেপলৈ আগবাঢ়িছে।

এই প্ৰশ্নত পূৰ্বে, দুয়োখন দেশৰ উত্তৰ বিশেষকৈ পাকিস্তানৰ ক্ষেত্ৰত "না" আছিল। কিন্তু এতিয়া পৰিস্থিতি সক্ৰিয় সামৰিক অভিযানলৈ পৰ্যবসিত হোৱাৰ ফলত, এই যুদ্ধৰ মূল্য আৰু প্ৰতিক্ৰিয়া বহু বেছি হ’ব।

এটা সাধাৰণ উদাহৰণেই ইয়াৰ বাবে যথেষ্ট। সাধাৰণ লোকে বুজিব পৰাকৈ ক’বলৈ গ’লে, মাত্ৰ এবেলি যুদ্ধৰ বাবেও আধুনিক বিমান বাহিনীৰ বহু পৰিমাণৰ ব্যয় কৰিব লাগে। মই ভাৰতীয় বিমান বাহিনীত ৩০ বছৰতকৈ অধিক সময় ফাইটাৰ পাইলট হিচাপে কৰ্মৰত আছিলোঁ আৰু এটা মিগ-২১ স্কোৱাৰ্ডনৰ মুৰব্বী আছিলোঁ।

মই ২০০০ চনত শেষবাৰৰ বাবে ফাইটাৰ বিমান উৰুৱাইছিলো। এতিয়াও মই অনুভৱ কৰোঁ যে, বৰ্তমানৰ যুদ্ধ প্ৰস্তুতিৰ খৰচৰ বিষয়ে মোৰ জ্ঞান যথেষ্ট নহয়। সেয়ে মই মোৰ স্মৃতিৰ ওপৰত ভৰসা নকৰাকৈ আমাৰ বন্ধুৰ সহায় ললোঁ, গুগলৰ পৰা বৰ্তমান উপমহাদেশৰ যুঁদ্ধত বিমান চলাচলৰ ব্যয়ৰ বিষয়ে তথ্য সংগ্ৰহ কৰিলোঁ।


প্ৰশ্নোত্তৰ:


প্ৰশ্ন-১: F-16 এ বহন কৰা এটা সাধাৰণ এয়াৰ-টু-এয়াৰ ক্ষেপণাস্ত্ৰৰ মূল্য কিমান?
উত্তৰঃ  ক্ষেপণাস্ত্ৰৰ ধৰণ অনুসৰি ই বেলেগ হয়। ছৰ্ট-ৰেঞ্জ AIM-9X Sidewinder ৰ মূল্য প্ৰায় ৪৫০,০০০ মাৰ্কিন ডলাৰ। আৰু AIM-120 AMRAAM ৰ মূল্য প্ৰতি ইউনিটত 1  মিলিয়ন জডলাৰতকৈ অধিক।

প্ৰশ্ন-২: এটা F-16 এ কিমানটা AIM-120 বহন কৰিব পাৰে?
উত্তৰ: এটা F-16 এ ৬টা পৰ্যন্ত AIM-120 AMRAAM বহন কৰিব পাৰে।

প্ৰশ্ন-৩: বায়ু-সুৰক্ষা ভূমিকাৰ বাবে এটা F-16 ৰ সাধাৰণ অস্ত্ৰ সজ্জা কেনেকুৱা হয়?
উত্তৰ: সাধাৰণতে AIM-120 AMRAAM (দীৰ্ঘ-পৰিসৰৰ বাবে) আৰু AIM-9 Sidewinder (নিখুট যুদ্ধৰ বাবে)ৰ সংমিশ্ৰণ থাকে, যাক ইলেকট্ৰনিক ৱাৰফেৰ সহায়েৰে সমৰ্থন কৰা হয়।

শক্তি প্ৰদৰ্শনৰ মূল্য


এজন সাধাৰণ লোকে কৰাৰ এটা সৰল গণনাই দেখুৱাই যে, এখন F-16  ক্ষেপণাস্ত্ৰ লৈ সাজু থকাৰ বাবেও প্ৰায় ১০ মিলিয়ন ইউ এছ ডলাৰৰ খৰচ হয়। যদি তাত ইলেকট্ৰনিক ৱাৰফেৰ, শক্তি, আৰু ৩ ঘণ্টাৰ এটা উৰণো অভিযানো সামৰি লোৱা হয় তেন্তে ই ২০ পৰা ২৫ মিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাব পাৰে।

অস্ত্ৰ ব্যৱহাৰ নকৰিলেও, এখন F-16 ৰ ৩বাৰ উৰণ অভিযান দৈনিক হ’লে পাকিস্তান বায়ুসেনাৰ খৰচ প্ৰায় ১০ ৰ পৰা ১৫ মিলিয়ন ইউ এছ ডলাৰ হ’ব। ১২ খন F-16 থকা এটা স্কোৱাৰ্ডনে যদি সদায়েই সাজু হৈ থাকিবলৈ ব্য কৰিব লাগে প্ৰতিদিনে ১৫০ ৰ পৰা ২০০ মিলিয়ন ইউ এছ ডলাৰ পৰ্যন্ত। 

গুগলৰ তথ্য মতে, পাকিস্তান বায়ুসেনাৰ ওচৰত বৰ্তমান প্ৰায় ৮৫ খন F-16 আছে। সকলো পাইলটকে সম্পূৰ্ণ প্রস্তুত কৰিবলৈ বহুসংখ্যক উৰণ প্ৰশিক্ষণ, ব্যয়বহুল অস্ত্ৰ ব্যৱহাৰ, আৰু অধিক শক্তি খৰচৰ প্ৰয়োজন হয়। এইবোৰ অস্ত্ৰ আৰু স্পেয়াৰ পাৰ্টছৰ আয়ু সীমিত আৰু এইবোৰ সাধাৰণতে আমদানি কৰা হয়। ফলস্বৰূপে, কেৱল এটা স্কোৱাৰ্ডনক এটা মাহলৈ সাজু কৰিবলৈ প্ৰায় ৫ বিলিয়ন মাৰ্কিন ডলাৰৰ ব্যয় হ’ব পাৰে। 

অপাৰেচন সিন্দুৰ আৰম্ভ হোৱাৰ লগে লগে এই সকলো কাল্পনিক খৰচ পাকিস্তানৰ বাবে এক বাস্তৱিক অৰ্থনৈতিক দুঃস্বপ্ন হৈ পৰিছে। প্ৰতিটো মিনিটতে তেওঁলোকৰ দুর্বল অৰ্থনীতিৰ ৰক্তক্ষৰণ হৈছে। 

শক্তি, আগ্নেয়াস্ত্ৰ আৰু দূৰদৰ্শিতা

মই কৰ্তব্যৰত অৱস্থাত চলোৱা মিগ-২১ বিমানখনে এবাৰ উৰণত প্ৰায় ৩,০০০ লিটাৰ এভিয়েচন টাৰ্বাইন ফুয়েল (ATF) খৰচ হৈছিল। বৰ্তমানৰ মাল্টি-ৰ’ল বিমান আৰু AWACS ৰ ব্যৱহাৰ কৰাৰ ফলত সেই খৰচ আৰু বেছি হৈছে। এটা স্কোৱাৰ্ডনে দৈনিক ১ ৰ পৰা ১.৫ লাখ লিটাৰ শক্তি বা ইন্ধন ব্যয় কৰে। 

এই প্ৰশিক্ষণৰ ব্যয় শান্তিপূৰ্ণ সময়ত পূৰ্বেই নিৰ্ধাৰণ কৰা থাকে। কিন্তু কোনো ৰাষ্ট্ৰই যুদ্ধৰ খৰচ আগতীয়াকৈ নিৰ্ধাৰণ কৰিব নোৱাৰে। সেইবাবে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ ভিয়েটনাম যুদ্ধক বাদ দি অধিকাংশ যুদ্ধই খুব কম সময়তে অন্ত পৰিছে। 
যুদ্ধৰ ফলত সম্পদ শেষ হৈ যায়, আৰু তাৰ পিছতেই যুদ্ধবিৰতি বা আত্মসমৰ্পণ হয়।১৯৭১ চনত পাকিস্তানে ৯৩,০০০ সেনা আত্মসমৰ্পণ কৰাৰ কাৰণ তেওঁলোকৰ গুলীৰ যোগান শেষ হৈ গৈছিল। 

পাকিস্তানৰ বাবে কিমান সংকটজনক পৰিৱেশ?

অপাৰেচন সিন্দুৰ আৰম্ভ হোৱাৰ পিছত, পাকিস্তানে দুটা পথৰ যিকোনো এটা বাচনি কৰিব লাগিব। অত্যাধিক ব্যয়সহ যুদ্ধ তীব্ৰ কৰিব লাগিব নতুবা পিছলৈ খোজ দি শান্তিৰ বাবে আবেদন কৰিব লাগিব। 

মোৰ অভিজ্ঞতাৰ আধাৰত অনুমান, পাকিস্তানে এই ধৰণৰ চাপ দীৰ্ঘকাল সহ্য কৰিব নোৱাৰে। সম্ভৱতঃ শীঘ্ৰেই সেনা প্রধান জেনেৰেল আসিম মুনীৰে ইয়াৰ দায়িত্ব স্বাকীৰ কৰি পদত্যাগ কৰিব পাৰে। অৱশ্যে, এইটো পাকিস্তানৰ দৰে এখন দেশৰ পৰা আশা কৰিব নোৱাৰি, যি ঐতিহাসিকভাৱে প্ৰস্তুতিৰ ওপৰত নহয়,  বৰঞ্চ প্ৰদৰ্শনকামিতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে।

ভাৰতৰ হিচাপ- নিকাচ কৰি খোজ দিয়াৰ চিন্তা

ভাৰত সন্দৰ্ভত মই বিশ্বাস কৰোঁ, আমি পৰিস্থিতি বিচক্ষণতাৰে পৰ্যবেক্ষণ কৰি আগবাঢ়িছোঁ। আমাৰ প্ৰদৰ্শনকামিতাৰ মনোভাৱেৰে আগবঢ়া নাই। আমি যুদ্ধত উদগ্রীব নহয়, কিন্তু যেতিয়া প্ৰভাৱিত কৰা হয়, তেতিয়া আমি তাৰ দৃঢ় প্ৰত্যুত্তৰ দিওঁ। 
অপাৰেচন সিন্দুৰ এটা স্পষ্ট বাৰ্তা—সংযমৰো সীমা থাকে। আৰু সেই সীমা এতিয়া অতিক্ৰম কৰা হৈছে।

অৰ্থনৈতিকভাৱে, আমি এইবোৰ সহ্য কৰিব পাৰোঁ। কৌশলগতভাৱে, আমি অধিক সজাগ। ৰাষ্ট্ৰীয়ভাৱে, দেশ একত্ৰিত হৈ আছে। বহু বছৰ পাছত, মই ১৯৬৫ আৰু ১৯৭১ চনৰ দৰে এটা মানসিক অৱস্থা দেশবাসীৰ মাজত অনুভৱ কৰিছোঁ।

এজন অৱসৰপ্ৰাপ্ত সৈনিকৰ সতৰ্কবাণী


মই স্বীকাৰ কৰিব লাগিব—মোৰ জ্ঞানত কিছু সীমাবদ্ধতা আছে। মই ২০০৪ চনত অৱসৰ লৈছোঁ, আৰু যুদ্ধৰ জগতখন বৰ্তমান বহু দূৰ আগবঢ়িছে। কেইবছৰমান আগতে মই এজন পুৰণি সহকৰ্মীৰ স্কোৱাৰ্ডনত এজাক SU-৩০ ৰ ককপিটত বহিলোঁ। মোৰ অুভৱ হ’ল সেইখন যেন এখন ফাইটাৰ নহয়, এক মহাকাশ যানহে।

মোৰ এটা বাস্তৱ অভিজ্ঞতা কওঁ। মই পশ্চিম ফ্রন্টত এজন ফ্লাইট কমাণ্ডাৰ আছিলোঁ। এটা শত্রু বিমানঘাঁটিৰ ৰাণৱে ধ্বংস কৰাৰ দায়িত্ব পাইছিলো। কিন্তু মোক যি বোমা দিয়া হৈছিল। মোক আৱণ্টন কৰা অস্ত্ৰটো কংক্ৰিট প্ৰৱেশৰ বাবে অনুপযুক্ত আছিল। যেতিয়া মই কৰ্তৃপক্ষৰ ওচৰত এই কথা উল্লেখ কৰিছিলো, মোক কোৱা হৈছিল, "পৰৱৰ্তী আমদানি নোহোৱালৈকে আমাৰ ওচৰত এয়াই আছে।" সেই মুহূৰ্তটোৱে মোক এক গুৰুত্বপূৰ্ণ শিক্ষা দিছিল: কেতিয়াও কম প্ৰস্তুতিৰে যুদ্ধলৈ আগবাঢ়ি নাযাব। 

 

যুদ্ধ পাকিস্তান