উচ্ছেদৰ তিনিদিনৰ পিছত চাপৰত উপস্থিত সাংসদ ৰকিবুল হুছেইন

চাপৰত উচ্ছেদৰ তিনিদিন পিছত অৱশেষত উচ্ছেদস্থলীত উপস্থিত হয় ধুবুৰীৰ সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন। উচ্ছেদস্থলীত সাংসদগৰাকী উপস্থিত হোৱাৰ লগে লগে এটি অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-11 at 6.37.35 PM

উচ্ছেদৰ তিনিদিন পিছত চাপৰত উপস্থিত সাংসদ ৰকিবুল হুছেইন

ডিজিটেল সংবাদ, চাপৰঃ চাপৰত উচ্ছেদৰ তিনিদিন পিছত অৱশেষত উচ্ছেদস্থলীত উপস্থিত হয় ধুবুৰীৰ সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন। উচ্ছেদস্থলীত সাংসদগৰাকী উপস্থিত হোৱাৰ লগে লগে এটি অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। এগৰাকী উচ্ছেদিত মহিলাই সাংসদ গৰাকীক সাৱটি ধৰি কান্দোনত ভাঙি পৰে।

Advertisment

সাংসদ ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত এই উচ্ছেদ অভিযানক "অমানৱীয় আৰু অনৈতিক" বুলি অভিহিত কৰে। ইফালে,সাংসদ গৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৃদয়খন উদাৰ কৰিবলৈ বিনম্ৰ অনুৰোধ জনায়।

তেওঁ অভিযোগ তোলে যে, উচ্ছেদিত লোকসকলক সংবাদ মাধ্যম বা পৰিদৰ্শনকাৰী লোকৰ আগত নিজৰ দুখ-দুৰ্দশা প্ৰকাশ কৰিবলৈ বাধা দিয়া হৈছে। লগতে “যদি কংগ্ৰেছ চৰকাৰ পুনৰ ক্ষমতালৈ আহে, তেন্তে অসমৰ প্ৰতিটো ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰা হ’ব। এই অন্যায়ৰ বিৰুদ্ধে আমি সংবিধানিকভাৱে প্ৰতিবাদ কৰি যাম” বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে।

উল্লেখযোগ্য যে, উচ্ছেদৰ পাছত উচ্ছেদিত বহু পৰিয়াল আজিও মুকলি আকাশৰ তলত দিন-ৰাতি কটাই আছে। চিকিৎসা, খাদ্য আৰু পানীৰ অভাৱো প্রকট হৈ পৰিছে। এই পৰিস্থিতিৰ মাজতেই উচ্ছেদিতক লৈ ৰাজনৈতিক উত্তাপো বৃদ্ধি পাইছে।

উচ্ছেদ ৰকিবুল হুছেইন উচ্ছেদ অভিযান