নাগালেণ্ডৰ ওপৰত বিশ্বাস নাই অসম আৰক্ষীৰ! সীমান্তত সুৰক্ষাত ব্যৱহাৰ কৰিব ড্ৰোণ…

নাগালেণ্ডৰ ওপৰত বিশ্বাস নাই অসম আৰক্ষীৰ! সীমান্তত সুৰক্ষাত ব্যৱহাৰ কৰিব ড্ৰোণ…

নাগালেণ্ডৰ ওপৰত বিশ্বাস নাই অসম আৰক্ষীৰ! সীমান্তত সুৰক্ষাত ব্যৱহাৰ কৰিব ড্ৰোণ…

ডিজিটেল সংবাদ,মৰিয়নি :  মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত একাংশ নগা লোকে অসমৰ দিচৈভেলি সংৰক্ষিত বনাঞ্চলৰ বৃহৎ অংশ বেদখল কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ।মৰিয়নিৰ নাগালেণ্ড সীমান্তত আৰক্ষীয়ে ৰাখিব চোকা দৃষ্টি! বৰ্তমান সীমান্তৰ পৰিস্থিতিক লৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে যোৰহাট আৰক্ষী-প্ৰশাসন। মৰিয়নিৰ নাগালেণ্ড সীমান্তত ৰখিব চোকা দৃষ্টি  ৰাখিব যোৰহাট আৰক্ষীয়ে । অচিৰেই যোৰহাট আৰক্ষীয়ে ব্যৱহাৰ কৰিব ড্ৰোণ, অসমৰ মাটি বেদখল কৰাক লৈ সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ যোৰহাট জিলা প্ৰশাসনে নাগালেণ্ড প্ৰশাসনৰ সৈতে  যোগাযোগ অব্যাহত ৰখাৰ পিছতো কিন্তু বিভিন্ন অজুহাতত আগবাঢ়ি অহা নাই নাগালেণ্ড চৰকাৰৰ বিষয়ববীয়া।

শেহতীয়াকৈ কেইদিনমান পূৰ্বে যোৰহাট জিলাৰ মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তত একাংশ নগা লোকে অসমৰ দিচৈভেলি সঙৰক্ষিত বনাঞ্চলৰ বৃহৎ অংশ বেদখল কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত বৰ্তমান সীমান্তৰ পৰিস্থিতিক লৈ কঠোৰ হৈ পৰিছে যোৰহাট প্ৰশাসন। সীমান্ত অঞ্চলটোত গতিবিধি নিৰীক্ষণৰ বাবে যোৰহাট আৰক্ষীয়ে সীমান্তত পেট্ৰলিং বৃদ্ধি কৰাৰ লগতে অচিৰেই ব্যৱহাৰ কৰিব ড্ৰোণ। ড্ৰোন কেমেৰাৰ জৰিয়তে সীমান্ত অঞ্চলটোত সুক্ষ্ম দৃষ্টি ৰখাৰ বাবে যাৱতীয় পদক্ষেপ ইতিমধ্যে যোৰহাট আৰক্ষীয়ে আৰম্ভ কৰিছে । লগতে সীমান্ত অঞ্চলটোত আৰক্ষীৰ সঞ্চালন বৃদ্ধি কৰাৰ লগতে সীমান্তত আৰক্ষীৰ আন্ত:গাঠনি উন্নত কৰাৰ বাবে যাৱতীয় পদক্ষেপ ল'বলৈ আগবাঢ়িছে চৰকাৰ ।

উল্লেখ যোগ্য যে সীমান্ত অঞ্চলত সুৰক্ষা নিৰীক্ষণ ৰাখিবলৈ ড্ৰোণ ব্যৱহাৰ কৰাৰ বাবে জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰিছে আৰক্ষীয়ে। অচিৰেই নাগালেণ্ড সীমান্তত সেয়া ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে।সীমান্ত অঞ্চলত চলা সকলো আপত্তিজনক গতিবিধিৰ বিষয়ে  নিৰ্দিষ্ট স্থান পৰ্যন্ত চিহ্নিত কৰি তাৎক্ষণিক ভাৱে নিশ্চিত তথ্য লাভ কৰিবলৈ এই ব্যৱস্থা কৰাৰ কখথা উল্লেখ কৰে যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে। আনহাতে মৰিয়নিৰ বিধায়ক তথা একাংশ সাংবাদিকলৈ লক্ষ্য কৰি কেইদিনমান পূৰ্বে সীমান্ত অঞ্চলটোত নাগালেণ্ডৰ একাংশ দুস্কৃতিকাৰীয়ে গুলীচালনা কৰা ঘটনাৰ পিছত এই ঘটনাৰ ওপৰত যোৰহাট আৰু নাগালেণ্ডৰ আৰক্ষী-প্ৰশাসনৰ মাজত হ'ব লগা আলোচনা বৰ্তমানলৈকে অনুষ্ঠিত হোৱা নাই ।

যোৰহাটৰ উপায়ুক্ত , আৰক্ষী অধীক্ষকৰ বাৰম্বাৰ প্ৰচেষ্টাৰ পিছতো কোভিড পৰিস্থিতিৰ বাবে নাগালেণ্ডৰ একাংশ শীৰ্ষ বিষয়া হোম আইছলেচনত থাকিব লগা হোৱা বুলি কৈ এই আলোচনাত পৰা বিৰত আছে। ইয়াৰ পিছত যোৰহাট জিলা প্ৰশাসনে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আলোচনা কৰিবলৈ বিচাৰে যদিও তাৰ প্ৰতিও নাগালেণ্ড কৰ্তৃপক্ষৰ পৰা সঁহাৰি লাভ কৰা নাই। আনহাতে বন বিভাগৰ সৈতে মিলি যোৰহাট জিলা প্ৰশাসনে দিচৈভেলি বনাঞ্চলৰ উক্ত বৃহৎ অঞ্চল যে অসমৰ অন্তৰ্গত তাৰ যাৱতীয় সকলো তথ্য-প্ৰমাণ , মেপসমূহ যোগাৰ কৰি ৰাখিছে বুলি জানিবলৈ দিছে । আৰু দিচৈভেলি বনাঞ্চল যে অসমৰ সাংবিধানিক সীমাৰ ভিতৰত অৱস্থিত সেই কথা পুনৰ স্পষ্ট কৰি দিয়ে যোৰহাটৰ উপায়ুক্তগৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in