চৰকাৰী বিভাগৰ ভূমি পৰিণত হৈছে বিষয়াৰ সম্পত্তিত, ষ্টেটফেডৰ কোটিটকীয়া মাটি লীজত লৈ ঘুৰাই নিদিয়া হ’ল বণিয়াই…

চৰকাৰী বিভাগৰ ভূমি পৰিণত হৈছে বিষয়াৰ সম্পত্তিত, ষ্টেটফেডৰ কোটিটকীয়া মাটি লীজত লৈ ঘুৰাই নিদিয়া হ’ল বণিয়াই…

চৰকাৰী বিভাগৰ ভূমি পৰিণত হৈছে বিষয়াৰ সম্পত্তিত, ষ্টেটফেডৰ কোটিটকীয়া মাটি লীজত লৈ ঘুৰাই নিদিয়া হ'ল বণিয়াই…

ডিজিটেল ডেস্কঃ জাগীৰোড-কাছাৰ কাগজ কল চৰকাৰ নিয়োজিত লিকুইডেটৰ মাধ্যমত মূল্য নিৰ্ধাৰণ কৰি পানীৰ দৰত কেইবাহাজাৰ কোটিটকীয়া এই সম্পত্তি ১১৩৯কোটি টকাত বিক্ৰী মূল্য ধাৰ্য কৰি নিবিদা আহ্বান কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যত জোকাৰণি তোলাৰ সময়তে পোহৰলৈ আহিছে অসমৰ বিভিন্ন বিভাগে বিগত বছৰসমূহত একেই পদ্ধতিৰে তেওঁলোকৰ ভূসম্পত্তি তথা ভৱন আদি লিকুইডেটৰৰ মাধ্যমত মূল্যমান নিৰ্ধাৰণেৰে বহু দিনৰ পৰাই বিক্ৰী অথবা বিভিন্ন লোকক লিষ্ট প্ৰদানৰ নামত হস্তান্তৰিত কৰাৰ নিকৃষ্ট এক কৌশল অৱলম্বন কৰি আহিছে।

এই কথা সকলোৱে জানে যে, ৰাজ্যৰ কৃষি, বিশ্ববিদ্যালয়সমূহ, শিক্ষা, পৰিবহন, গড়কাপ্তানি, বন, খাদী বৰ্ড, সমবায়, অসম আৰক্ষী তথা গৃহ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, উদ্যোগৰ লগতে জলসিঞ্চন আদি বিভাগীয় কৰ্তৃত্বক হাজাৰ হাজাৰ বিঘা মাটি আৰু বহুকোটি টকাৰ মূল্যৰ ভৱন অব্যৱহৃত অৱস্থাত পৰি আছে। এনে বিভাগসমূহৰ বহু ভূমি আৰু ভৱনকে ধৰি অন্যান্য বৃহৎ মূল্যৰ সম্পত্তি এই বিভাগসমূহৰ সংশ্লিষ্ট মুৰব্বী-আমোলা আৰু একাংশ বণিয়াই মিলি কৌশলপূৰ্ণভাৱে লীজত দিয়া অথবা বিক্ৰী কৰাৰ মাধ্যমত বৃহৎ অংকৰ ধন আত্মসাৎ কৰি আহিছে। বহু সময়ত ৰাজ্য চৰকাৰ এই বিষয়ে অৱগত হৈও ৰহস্যজনকভাৱে তেনে কাৰ্যৰ বিৰুদ্ধে বৰ্তমানলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। ফলত চৰকাৰৰ জ্ঞাতসাৰেই হাজাৰ হাজাৰ কোটি টকা সম্পত্তি একাংশ বিষয়া আমোলা আৰু বণিয়াই মিলি আত্মসাৎ কৰিছে।

আমাৰ হাতলৈ অহা তেনেকুৱা এক ভয়ংকৰ তথ্য হল- সমবায় বিভাগৰ অন্তৰ্গত অসম সমবায় গ্ৰাহক আৰু বিপণন ফেডাৰেশ্যন চমুকৈ ষ্টেৰ্টফেড নামৰ সংস্থাটো। এই কথা সকলোৱে জানে যে, এটা সময়ত বনস্পতিকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী আৰু বস্ত্ৰ আদি উৎপাদনৰ লগতে বিক্ৰীৰ জৰিয়তে ষ্টেটফেড সমবায় বিভাগটো সৰ্বাধিক লাভ আহৰণকাৰী সংস্থা আছিল।

আমাৰ হাতলৈ অহা তেনেকুৱা এক ভয়ংকৰ তথ্য হল- সমবায় বিভাগৰ অন্তৰ্গত অসম সমবায় গ্ৰাহক আৰু বিপণন ফেডাৰেশ্যন চমুকৈ ষ্টেৰ্টফেড নামৰ সংস্থাটো। এই কথা সকলোৱে জানে যে, এটা সময়ত বনস্পতিকে ধৰি বিভিন্ন খাদ্য সামগ্ৰী আৰু বস্ত্ৰ আদি উৎপাদনৰ লগতে বিক্ৰীৰ জৰিয়তে ষ্টেটফেড সমবায় বিভাগটো সৰ্বাধিক লাভ আহৰণকাৰী সংস্থা আছিল। সেই সূত্ৰেই লাভজনকভাৱে চলি থকা এই সংস্থাটোৰ উৎপাদন গোট, কাৰ্যালয় ভৱন আৰু পণ্যাগাৰ স্থাপনৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত বৃহৎ পৰিমাণৰ মাটি চৰকাৰে ষ্টেটফেডৰ নামত আৱন্টন দিয়ে যদিও পৰৱৰ্তী সময়ত বিষয়াৰ লুটপাতৰ বাবে লোকচান ভৰি ভৰি ক্ৰমাৎ বিধ্বস্ত হবলৈ ধৰা এই সংস্থাটোৰ একাংশ বিষয়াই চেগ বুজি এই সম্পত্তিবোৰ কৌশলেৰে হস্তগত কৰা অথবা ভাড়ালৈ দিয়াৰ মাধ্যমত আত্মাসাৎ কৰাত নামি পৰে। এই প্ৰসংগতে উল্লেখ কৰা প্ৰয়োজন যে, ষ্টেটফে়ডৰ কৰ্তৃত্বত থকা কেইবিধমান বহুমূলীয়া সম্পত্তিৰ তালিকা হল এনেধৰণৰ-

গুৱাহাটী মহানগৰীৰ ভঙাগড় এলেকাৰ ৩বিঘা ৩কঠা ১২লোচা মাটি। যি মাটিত এটা ৩মহলীয়া কাৰ্যালয় ভৱনৰ লগতে পণ্যাগাৰো আছে। চৰকাৰী হিচাপমতে এই মাটিৰ মূল্য ১৫কোটি ৮১লাখ। আনহাতে ইয়াত থকা ভৱনৰ মূল্য ৪কোটি ৪০লাখ ৯৩হাজাৰ টকা। দ্বিতীয়তে উজান বজাৰত ষ্টেটফেডত আছে ২কঠা ১৮লোচা মাটি। পট্টা নং ২০ আৰু দাগ নং ৭২৪ৰ চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত মূল্য মতে এই মাটিৰ মূল্য হল ৮৭লাখ টকা। উক্ত মাটিটোৰ ২৭লাখ ৮৪হাজাৰ ৭৮২টকাৰ এটা তিনিমহলীয়া ভৱনৰ লগতে অসম আৰ্হিৰ ১৩লাখ ৮হাজাৰ ৬৪০টকাৰ মূল্যৰ আন এটা এক মহলীয়া ঘৰ আছে।

ইফালে কুমাৰপাৰাত ৩৪৯, ৭৬৭ আৰু ৪৯৯ নম্বৰৰ পট্টাৰ অন্তভূক্ত এবিঘা ১৫লোচা মাটি আছে। যিমাটিৰ মূল্য হল ১কোটি ৭৫লাখ ৩৫হজাৰ টকা। এই মাটিত অসম আৰ্হিৰ ৪লাখ ৪হাজাৰ ১১২টকাৰ মূল্যৰ এটা ঘৰো ২০০৮চনতে নিৰ্মাণ কৰা হৈছিল। নলবাৰী চহৰৰ ১৯৭, ১৮৭, ১৪১নং পট্টাৰ অধীনত ৩বিঘা ৩কঠা ১৫লোচা মাটি আছে। যি মাটিৰ মূল্য হল ৭১লাখ ৮১হাজাৰ টকা। ইয়াক ক্ৰমে ২৫০০মেট্ৰিকটন আৰু ৫০০মেট্ৰিকট্ৰন ক্ষমতাৰ দুটা পণ্যাগাৰ আছে। যিদুটাৰ মূল্য ক্ৰমে ৭০, ৭৭, ৯১৫ আৰু ২৬,৭৭, ৩২৫টকা।

কামৰূপ মহানগৰেৰে বতাহগিলা ৪১নং পট্টাৰ অধীনত ১বিঘা ১কঠা ১২লোচা মাটি মুকলি ভাৱে পৰি আছে। যাৰ মূল্য ৩২লাখ ৫২হাজাৰ ৮৪৯টকা। সেইদৰে হাইলাকান্দি ২৪১, ২৪৬, ২৪৭নং পট্টাৰ অধীনত ৫বিঘা মাটি আছে। যাৰ মূল্য ৬০লাখ টকা। এই মাটিত ১টা ১০০০ মেট্ৰিকটন আৰু এটা ৫০০মেট্ৰিকটন বহন ক্ষমতা সম্পন্ন গুদাম আছে। যাৰ মূল্য ক্ৰমে ৩৫,২১,১৪২ আৰু ১৯,৯২,৬৭২টকা। ইফালে তেজপুৰৰ দোলাবাৰীত ক্ৰমে ১৯, ৩৮, ৩৩, ৫৫, ৩১নং পট্টাৰ অধীনত ১১বিঘা ১কঠা ৮লোচা মাটি আছে। যিমাটিৰ চৰকাৰী মূল্য হল ২কোটি ৩৮লাখ টকা। উক্ত মাটিত এটা ২৫০০মেট্ৰিকটন, এটা ১৫০০মেট্ৰিকটন আৰু এটা ১০০০ মেট্ৰিকটন বহন ক্ষমতাৰ মুঠ তিনিটা পণ্যাগাৰ আছে। ইয়াৰ মূল্য ক্ৰমে- ৬৭,৯৪, ৭৯৮টকা, ৫১,২৩,১৪৮টকা আৰু ৬৭,১০, ৮৮২টকা।

অসমীয়া ডিজিটেল ডেস্কৰ হাতত পৰা এক শেহতীয়া তথ্য অনুসৰি, কুমাৰপাৰাত থকা এবিঘা মাটি আৰু এমহলীয়া ঘৰসহ কবিতা ৰাণী দাস নামৰ লিকুইডেটৰৰ মূল্যায়নৰ ভিত্তিত চৰকাৰৰ কোনো অনুমতি নোলোৱাকৈ মাত্ৰ ২০লাখ টকাত মহম্মদ মাইনুল আলী আৰু শ্ৰীইমৰান শ্বাহ চৌধুৰী নামত ক্ৰমে নাৰেংগী আৰু হাতীঁগাঁৱৰ দুজন লোকক মাত্ৰ ২০লাখ টকাত লিজত দিয়াৰ সিদ্ধান্ত হৈ বিধি বৰ্হিভূত পদ্ধতিৰে এগ্ৰিমেন্ট কৰা হয়। সেই সুলভ মূল্যতে উক্ত গুৰুত্বপূৰ্ণ স্থানত মাটি ডোখৰত থকা এমহীয়া ঘৰটো তেওঁলোকক গতাই দিয়া হয়। ২০০৮চনতে মুঠ ১কোটি ৮৯লাখ ৩৯হাজাৰ ১১২টকা চৰকাৰী মূল্য ধাৰ্য কৰা এই মাটি আৰু ঘৰ ২০লাখ টকাত লীজৰ নামত গতাই দিয়াৰ পাছত ৰহস্যপূৰ্ণভাৱে এতিয়া লীজত লোৱা লোকদুজনে বাৰম্বাৰ বিভাগে নটিছ দিয়া স্বৰ্ত্ত্বেও ষ্টেটফেডক গতাই দিয়া নাই।

ইফালে তাত থকা অসম আৰ্হিৰ ঘৰটো পুৰণি সামগ্ৰী ক্ৰয় কৰা ব্যৱসায়ীক ১০লাখৰো অধিক টকা মূল্যত তেওঁলোকে গতাই দিছে। কিয়নো ঘৰটোৰ টিঙৰ চালি, কাঠৰ আচ-বাবৰ লগতে অন্যান্য সা-সামগ্ৰীসমূহ প্ৰায় নতুন হৈয়ে আছে। অভিযোগ উঠা মতে লীজৰ নামত দৰাচলতে অতি কৌশলপূৰ্ণ ভাৱে এই মাটি লিকুইডেটৰ ব্যৱসায়ী কেইজনৰে মিলি সম্পূৰ্ণৰূপে আত্মসাত কৰিব বিচাৰিছে। ষ্টেটফেডত সম্পত্তি বিক্ৰী প্ৰক্ৰিয়া এইটোৱে নতুন নহয়। একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা কোটিপতি অচিনাক্ত ব্যৱসায়ী। এনে কাৰ্য কেৱল ষ্টেটফেডতে ঘটা নাই। পৰিবহন নিগমৰ কোটি কোটি টকা সম্পত্তি, ব্যৱসায়িক প্ৰতিষ্ঠান, শ্ৰমিক ইউনিয়নৰ একাংশ নেতা-কৰ্মী আৰু বিভাগটোৰ বিষয়া-আমোলাৰ নেতৃত্বত একাংশই আত্মসাত কৰাদি খাদী বৰ্ড, কৃষি বিভাগকে ধৰি বিভিন্ন বিভাগৰ সম্পত্তি লাভখোৰ ব্যৱসায়ী আৰু বিষয়া-আমোলাৰ পৈতিক সম্পত্তিৰূপে ব্যৱহৃত হৈছে।

এনে পৰিস্থিতিত নতুন চৰকাৰে অতি কঠোৰ স্থিতি গ্ৰহণ কৰাটো বিচাৰিছে। এইক্ষেত্ৰত আন এক গুৰুত্বপূৰ্ণ অভিযোগ হল,. অসমৰ প্ৰায়বোৰ বিভাগৰে বহু নিম্ন পৰ্যায়ৰ বিষয়াৰ হাতত এতিয়া আছে ২০-২৫লাখ টকীয়া মূল্যৱান বিলাসী গাড়ী। এই গাড়ীবোৰ বিধিমতে ষ্টেটপলৰ পৰ্যবেক্ষণত ক্ৰয়-বিক্ৰয় হব লাগে যদিও কোনো বিভাগে এয়া মানি চলা নাই। আনকি তেনে প্ৰৱণতা চৰকাৰী বিভাগৰ চাৰিসীমা চেৰাই আন বিভাগো পাইছেগৈ। যত সাধাৰণতে দেখা বলেৰ, স্কৰপিঅৰ ঠাইত এতিয়া ইনভা বা হোণ্ডাইৰ বহুমূলীয়া গাড়ী নিম্ন পৰ্যায়ৰ বিষয়াই অবাধে ব্যৱহাৰৰ সুযোগ লাভ কৰিছে। কিন্তু ইয়াৰ নামত ব্যয় হোৱা ধন আৰু বৰ্ধিত হাৰত খৰছ হোৱা তেলৰ ব্যয় চৰকাৰ বা বিভাগে কিদৰে অনুমোদন দিছে, সেয়া অতি আশ্বৰ্যজনক। ৰাইজে এই দিশতো নিজে বিলাসী বাহন বৰ্জন কৰিম বুলি কোৱা মুখ্যমন্ত্ৰীৰ পৰা ব্যৱস্থাগ্ৰহণৰ আশা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in