পাৰ্বত্য ভূমিত আৰএছএছৰ ২০ দিনীয়া প্ৰশিক্ষণ, শুকুৰবাৰে নিশা উপস্থিত হ’ল সংঘৰ মুৰব্বী মোহন ভাগৱত

পাৰ্বত্য ভূমিত আৰএছএছৰ ২০ দিনীয়া প্ৰশিক্ষণ, শুকুৰবাৰে নিশা উপস্থিত হ’ল সংঘৰ মুৰব্বী মোহন ভাগৱত

ডিজিটেল ডেস্ক: জুনত অনুষ্ঠিত হ'ব কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন। ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা পৌৰসভা আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি সমৰ্থক ভোটাৰৰ বৃহৎ এটা অংশ বিৰোধী দলৰ প্ৰাৰ্থীলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত পাৰ্বত্য ভূমিত যাতে ইয়াৰ প্ৰভাৱ নপৰে তাৰবাবে শাসক দল বিজেপি ইতিমধ্যে সক্ৰিয় হৈ উঠিছে।

বিশেষকৈ বিজেপিৰ মূল আত্মাস্বৰূপ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ  উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় পৰ্যায়ৰ এক প্ৰশিক্ষণ কাৰ্যসূচী পশ্চিম কাৰ্বি আংলঙত যোৱা ৯ তাৰিখৰ পৰা আৰম্ভ হৈছে।

তাৎপৰ্যপূৰ্ণ ভাৱে ২০ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত তিনিদিনৰ বাবে অংশগ্ৰহণ কৰিব আৰএছএছৰ মুৰব্বী স্বয়ং মোহন ভাগৱতে। পশ্চিম কাৰ্বি আংলঙৰ ডংকামকাম তথা ফুলনিৰ সমীপৱৰ্তী ৰংবংহম সেৱাশ্ৰমত আজি তিনিদিনৰ কাৰ্যসূচী লৈ উপস্থিত হৈছে হি আৰএছএছ প্ৰধান গৰাকী।

শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত তেওঁ অসমকে ধৰি চুবুৰীয়া ৰাজ্যসমূহৰ বহু কেইগৰাকী সংঘ চালকৰ সৈতে সেৱা আশ্ৰমত প্ৰৱেশ কৰে।এই সময়ত সেৱা আশ্ৰমৰ প্ৰশিক্ষাৰ্থী সকলক নেতৃত্ব প্ৰদান কৰি উপস্থিত আছিল সংঘৰ প্ৰান্তীয় মন্ত্ৰী হাৰ্চিং তেৰং আৰু সংঘ চালক কেশৱ ভূঞা।তেনে সময়তে মোহন ভাগৱতৰ আগমনৰ সময়ত আৰএছএছ কৰ্মী সকলৰ মাজত বিপুল উৎসাহ পৰিলক্ষিত হয়।

ইয়াৰ পূৰ্বে ৯ মে'ৰ পুৱাই আশ্ৰমৰ এটি স্থায়ী ভৱনৰ বাবে ভূমি পূজন কাৰ্যসূচীৰে আৰম্ভ হোৱা ২০ দিনীয়া  এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে ৬ দিন অতিক্ৰম কৰিছে আৰু ইয়াৰ সামৰণি পৰিব ২৮ মে'ৰ দিনা।

ইফালে প্ৰশিক্ষণ কালত তিনিটা দিন সেই আশ্ৰমতে থাকি প্ৰশিক্ষাৰ্থী আৰু কাৰ্যকৰ্তা সকলক বিশেষভাৱে পাঠ দিব মোহন ভাগৱতে।উল্লেখ কৰা প্ৰয়োজন যে পাৰ্বত্য জিলাখনৰ দুৰ্গম এলেকাৰ সমীপৱৰ্তী ফুলনি এলেকাতো এসময়ত উগ্ৰপন্থীৰ ঘাটি সদৃশ আছিল যদিও ইয়াতেই আশ্ৰম পাতি আৰএছএছে পাৰ্বত্য ভূমিত তেওঁলোকৰ খোপনি ক্ৰমাৎ মজবুত কৰি নিছে।

ইয়াৰ বিপৰীতে এইবাৰ জুনত অনুষ্ঠিত হ'বলগীয়া স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত আম আদমী পাৰ্টিৰ প্ৰাৰ্থীয়ে বহুকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱণা থকাৰ বিষয়ে দলটোৰ  সূত্ৰৰ পৰা জানিব পৰা গৈছে।

এনে সম্ভাৱণাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ পৰা বিজেপি হোৱা পাৰ্বত্য ভূমিৰ ন বিজেপি নেতা সকলৰ মাজতো বিশেষ তৎপৰতাৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in