শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰই ক’লে…

ডিজিটেল ডেস্ক: অহা ১৭ মে’লৈ উত্তৰ পূৰ্বাঞ্চলৰ ঠায়ে ঠায়ে প্ৰৱল বৰষুণৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰ বিজ্ঞানীয়ে জনোৱা মতে, শুকুৰবাৰৰ পৰা অহা ১৭ মে’লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ঠায়ে ঠায়ে ধাৰাষাৰ বৰষুণ হোৱাৰ উপৰিও অসম- মেঘালয়, মণিপুৰ আৰু অৰুণাচলৰ কিছু কিছু ঠাইত বৰষুণৰ লগতে বিজুলী – ধেৰেকণীৰো সম্ভৱনা আছে ।

বংগোপ সাগৰৰ উত্তৰ দক্ষিণ কোণত সৃষ্টি হোৱা নিম্ন চাপৰ প্ৰভাৱৰ ফলতেই অহা পাচ দিন ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থাকিব। এই জাননী সদৰী কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।

আৰু পঢ়ক: নাৰায়ণপুৰৰ ৰঙতি-বালিপথাৰ-দোৰপাং সংযোগী পথৰ বিদ্ধস্ত ৰূপ…