শেহতীয়া খবৰ
মাৰ্ঘেৰিটাৰ নিৰ্দলীয় সদস্যই দেখুৱাইছে খেল!, ২৪ ঘণ্টাতে কংগ্ৰেছ-বিজেপি দুই দলতে যোগদান  •  ফটো তুলিবলৈ গৈ দিচাং নৈত পৰা দুই যুৱতী সন্ধানহীন  •  ৰাষ্ট্ৰীয় লংজাম্পৰ টুৰ্ণামেন্টৰ চেম্পিয়ন ছিকিউৰিটি গাৰ্ড ডিম্বেশ্বৰ...  •  ৰাষ্ট্ৰীয় লংজাম্পৰ টুৰ্ণামেন্টৰ চেম্পিয়ন ছিকিউৰিটি গাৰ্ড ডিম্বেশ্বৰ...  •  ৰাষ্ট্ৰীয় লংজাম্প চেম্বিয়নশ্বীপত আজি চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ডিম্বেশ্বৰ দলে  •  ৰাষ্ট্ৰীয় লংজাম্প চেম্বিয়নশ্বীপত আজি চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ডিম্বেশ্বৰ দলে  •  ৰাষ্ট্ৰীয় লংজাম্প চেম্বিয়নশ্বীপত আজি চূড়ান্ত খেলত অৱতীৰ্ণ হ’ব ডিম্বেশ্বৰ দলে  •  গহপুৰ নগৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা ( নগৰাঞ্চল)ৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ  •  বলিউদৰ ছুপাৰষ্টাৰ বিলনীয়া হোৱা ৭০০ কোটি টকীয়া বিয়াখনৰ A to Z, VIDEO  •  বলিউদৰ ছুপাৰষ্টাৰ বিলনীয়া হোৱা ৭০০ কোটি টকীয়া বিয়াখনৰ A to Z, VIDEO

অসমৰ প্ৰথম মহিলা পাইলট কোন?

2,724

ডিজিটেল সংবাদ, গুৱাহাটীঃ কোনে কয় অসমৰ নাৰী পিছ পৰা? অসমৰ মহিলাই এতিয়া বিভিন্ন ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে। শেহতীয়াকৈ আহিছে এক সুখবৰ। আন এগৰাকী অসমীয়া কন্যাই নিযুক্তি লাভ কৰিছে বিমান চালক হিচাপে।

পঢ়িবলৈ ক্লিক কৰকঃ ২৪x৭ কিয় অনলাইনত থাকে অসমৰ এইগৰাকী ৮৯ বছৰীয়া আইতা?

অভিষ্কা বৰুৱাই শেহতীয়াকৈ জেট এয়াৰৱেজত বৈমানিক হিচাপে চলিত মাহত নিযুক্তি পাইছে। তেওঁৰ পূৰ্বে ধীৰা চলিহা আৰু পাপৰি চৌধুৰীয়ে পাইলট হিচাপে যোগদান কৰিছিল।

পঢ়িবলৈ ক্লিক কৰকঃ ICUত এখন বিছনা বিচৰা দৰিদ্ৰৰ বেদনা বুজিব কোনে?

পাপৰি হৈছে উত্তৰ-পূৱৰ প্ৰথমগৰাকী কমাৰ্চিয়েল বিমান চলোৱা পাইলট। ২০০৬ চনৰ জুন মাহৰ পৰা এয়াৰ ইণ্ডিয়াত পাইলট হিচাপে কাম কৰি আছে পাপৰিয়ে। ১৯৯৬চনতে কমাৰ্চিয়েল লাইচেঞ্চ লাভ কৰিছিল পাপৰি চৌধুৰীয়ে।

পঢ়িবলৈ ক্লিক কৰকঃ ফেচবুকত সুন্দৰী প্ৰতিযোগিতাৰে বিজেপিৰ চমক

বহুতে হয়তো গম নাপায়, কেপ্টেইন পাপৰি উত্তৰ-পূবৰ CPL লাভ কৰা প্ৰথমগৰাকী মহিলা পাইলট। পাপৰিৰ ঘৰ গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত। তেওঁৰ পিতৃৰ নাম অজিত চৌধুৰী। আছাম ফ্লায়িং ক্লাৱ, দিল্লী ফ্লায়িং ক্লাৱ, অৰিয়েণ্ট ফ্লাইট স্কুলৰ সৈতে জড়িত পাপৰিয়ে পৰৱৰ্তী সময়ত ফ্ৰান্সৰ  টুলুছত এয়াৰবাছ ৩৩০ চালনাৰ প্ৰশিক্ষণ লৈছিল।

পঢ়িবলৈ ক্লিক কৰকঃ অসমলৈ আহি বন্ধুৰ ভগ্নীক ফুচুলাই নিলে ৰাজস্থানী যুৱকে

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমান চলোৱা পাপৰি বৰ্তমান দিল্লীত থাকে। তেওঁ ২০১০ চনত ড০ দিপম বৰ্মনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

বহুতে এই তথ্য হয়তো নাজানে যে, অসমৰ প্ৰথমগৰাকী মহিলা বিমান পাইলট ধীৰা চলিহা আৰু প্ৰথম বাণিজ্যিক বিমান উৰণৰ লাইচেঞ্চ পোৱা উত্তৰ-পূবৰ মহিলা পাইলট হ’ল পাপৰি চৌধুৰী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি