আজি গণশিল্পী খগেন মহন্তৰ সপ্তম মৃত্যুবাৰ্ষিকী…

আজি গণশিল্পী খগেন মহন্তৰ সপ্তম মৃত্যুবাৰ্ষিকী…

আজি গণশিল্পী খগেন মহন্তৰ সপ্তম মৃত্যুবাৰ্ষিকী…

ডিজিটেল ডেস্কঃ আজি গণশিল্পী খগেন মহন্তৰ সপ্তম মৃত্যুবাৰ্ষিকী। সমগ্ৰ ৰাজ্যজুৰি স্মৰণ কৰাৰ লগতে পাঞ্জাবাৰীস্থিত তেখেতৰ সমাধিস্থলীতো আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। শ্ৰদ্ধাঞ্জলি এই অনুষ্ঠানত বিশিষ্ট কেইবাগৰাকীও ব্যক্তিৰ লগতে উপস্থিত থাকে পুত্ৰ অংগৰাগ পাপন মহন্ত।

উল্লেখ্য যে, খগেন মহন্তৰ ১২ জুন, ২০১৪ চনত ৭২বছৰ বয়সত মৃত্যু হৈছিল। ১৯৪২ চনৰ ১৭ আগষ্টত নগাঁও জিলাৰ জাজৰি বগৰিগুৰি আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰৰ গৃহত তেওঁৰ জন্ম হৈছিল। পিতৃ প্ৰয়াত হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ প্ৰয়াত লক্ষ্মীপ্ৰিয়া দেৱী। তেওঁ শৈশৱতে পিতৃৰ পৰাই নাম-কীৰ্তন, প্ৰসংগ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্যকলা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। সত্ৰীয়া নৃত্যৰ লগতে খোলবাদ্যতো তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিছিল।

আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে তেখেতে ১৯৬৫ চনৰ পৰাই গীত গাবলৈ লয় আৰু ১৯৭২ চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। ১৯৭৬ চনৰ পিছত তেখেতে আকাশবাণীত কম্প'জাৰৰ চাকৰীত যোগদান কৰে আৰু বিভিন্ন শিল্পীক গীত-মাত শিকাবলৈ লয়। পিছত তেওঁ আকাশবাণীত সংগীত প্ৰযোজক হৈ শেষত আকাশবাণীৰ উত্তৰ-পূব সঞ্চালকালয়ৰ ডেপুটী ডাইৰেক্টৰ হিচাপে ২০০১ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে।

গুৱাহাটী আকাশবাণী কেন্দ্ৰত থকাৰ সময়তে তেওঁ অসমীয়া লোকসংগীতক শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈছিল। ইয়াৰোপৰি অকাশবাণীত শিশু অনুষ্ঠান পৰিচালনা, সংগীতালেখ্য প্ৰস্তুত, সাক্ষাৎকাৰ গ্ৰহণ আদিৰ দৰে অনেক নতুন অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল। ২০১৪ চনৰ ১২ জুন তাৰিখে বিয়লি ৩ বাজি ৩০ মিনিটত গুৱাহাটীৰ নিগাজীপামৰ নিজ বাসগৃহত ৭২ বছৰ বয়ষত খগেন মহন্তৰ মৃত্যু হৈছিল।

১৯৬০ চনৰ অসমৰ ভাষা আন্দোলনৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাহেমাঙ্গ বিশ্বাস আৰু যুগল দাসৰ দ্বাৰা নিৰ্মাণ কৰা হাৰ্মনি দল (Harmony Group)-ৰ এজন সক্ৰিয় সদস্য হৈ তেওঁ গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল।[5][2] অসমীয়া সংগীত জগতৰ যুগজয়ী অথবা কালজয়ী অথবা চিৰসেউজ গীতসমূহৰ ভিতৰৰ কাউৰী পৰে, কলৰে পাততে কাউৰী পৰে, মা আমি শদিয়ালৈ যামেই, পাৰৰ পাখিত গুঁজি দিলোঁ ফুলাম চিঠিখনি, পাহাৰৰ জুৰিটি পিৰীতি সাৱটি, আদি গীতত খগেন মহন্তই কণ্ঠদান কৰিছিল।

তেওঁ অসমৰ গাঁৱে-ভূঞে গৈ সহজ-সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা লোকগীতৰ লেছেৰি বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত মেলি ধৰি এক মহত দায়িত্ব পালন কৰি আহিছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা এয়ে মোৰ শেষ গান গীতটোক খগেন মহন্তই সুৰ আৰু কণ্ঠৰে সজাই তুলিছিল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in