সংঘৰ্ষৰ দিনত প্ৰিয়জনৰ বাদে আন কোনোৱে নাছিল, পদক জয়েৰে পদোন্নতি নয়নমণিৰ

সংঘৰ্ষৰ দিনত প্ৰিয়জনৰ বাদে আন কোনোৱে নাছিল, পদক জয়েৰে পদোন্নতি নয়নমণিৰ

ডিজিটেল ডেস্ক :  কমনৱেলথ গেমছত পদক জয়েৰে দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ পৰা সহকাৰী কমাণ্ডেন্ট পদলৈ পদোন্নতি লাভ কৰিলে নয়নমণিয়ে।

বাৰ্মিংহামত সোণৰ পদক জয়েৰে জিলিকিল গোলাঘাটৰ জীয়ৰী নয়নমণি। সেই গোলাঘাটৰ পৰা ওলাই আহি কমনৱেলথ গেমছত পদক জয় কৰি প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে ইতিহাস ৰচিলে নয়নমণিয়ে। লন বলৰ পূৰ্বে ভাৰওত্তোলনত মনোনিবেশ কৰিছিল যদিও আঘাতৰ বাবে লন বল খেলিবলৈ আৰম্ভ কৰে।

এফালে দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবল আৰু আনফালে পৰিয়াল-সামাজিক দায়িত্ববোধৰ মাজেৰে নয়নমণি শইকীয়াই বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আজি সুনাম বুটলিবলৈ সক্ষম হৈছে। সংঘৰ্ষৰ দিনত প্ৰিয়জনৰ বাদে আন কোনোৱে নাছিল নয়নমণিৰ কাষত। লকডাউনৰ সময়ত প্ৰশিক্ষক অবিহনেই খেলৰ অনুশীলন কৰিছিল নয়নমণিয়ে।

স্বামী, শাহুৱেকৰ সাহসেৰেই আগবাঢ়ি গৈ নয়নমণিয়ে পূৰ্বে ৪ বাৰকৈ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰি কোনো পদক অৰ্জন কৰিব পৰা নাছিল যদিও দৃঢ় বিশ্বাস আৰু দৃঢ় মনোবলৰ বাবে পঞ্চমবাৰত কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in