বাংলাদেশলৈ পঠাব লাগে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা বাহিনীঃ মমতা বেনাৰ্জী

সমান্তৰালভাৱে সোমবাৰে এই প্ৰসংগত মতপোষণ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । তেওঁ কয় যে দেশখনত শান্তি ঘূৰাই অনাৰ লগতে আৰু হিন্দু সকলৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰিবলৈ ৰাষ্ট্ৰসংঘই শান্তি ৰক্ষা বাহিনীৰ দল বাংলাদেশলৈ পঠাব লাগে

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  বাংলাদেশৰ শেহতীয়া কিছুমান ঘটনাই গোটেই বিশ্বৰ দৃ্ষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । দেশখনত সংখ্যালঘু হিচাপে চিহ্নিত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত চলা অমানৱীয় অত্যাচাৰে বাৰুকৈয়ে চিন্তাত পেলাইছে প্ৰতিবেশী ৰাষ্ট্ৰ ভাৰতবৰ্ষক ।

সমান্তৰালভাৱে সোমবাৰে এই প্ৰসংগত মতপোষণ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । তেওঁ কয় যে দেশখনত শান্তি ঘূৰাই অনাৰ লগতে আৰু হিন্দু সকলৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰিবলৈ ৰাষ্ট্ৰসংঘই শান্তি ৰক্ষা বাহিনীৰ দল বাংলাদেশলৈ পঠাব লাগে । প্ৰধানমন্ত্ৰী মোদীক বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ব্যক্তিগতভাৱে প্ৰচেষ্টা চলাবলৈ আহ্বান জনাই। 

``আমাৰ বহুতৰ পৰিয়ালৰ লোকৰ লগতে সম্বৰ্কীয় বহু লোক বাংলাদেশত আছে । ভাৰত চৰকাৰে যি সিদ্ধান্ত লয় আমি মানি চলিম কিন্তু ধৰ্মৰ গইনা লৈ বিশ্বৰ কোনো ঠাইতে কোনো লোককে আক্ৰমণ কৰা কথা সমৰ্থন নকৰো ।``- বেনাৰ্জীয়ে এইদৰে উল্লেখ কৰে ।

ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰক এই বিষয়টোক গুৰুত্ব সহকাৰে লবলৈ আহ্বান জনাই ।বিধানসভাত ভাষণপ্ৰসংগত বেনাৰ্জীয়ে কয় যে যদি কোনো ভাৰতীয় লোকক বাংলাদেশত আক্ৰমণ কৰে আমি কোনো পধ্যেই সেয়া সহ্য নকৰো, আমি আমাৰ নাগৰিকক উভতাই আনিম ।

মমতা বেনাৰ্জী