/asomiyapratidin/media/media_files/2025/05/17/L61fbbeYfzcVSFLcz4NC.jpg)
দেওবাৰে উন্মোচন হ'ব অভিনেত্ৰী মলয়া গোস্বামীৰ নৱতম গ্ৰন্থ
ডিজিটেল ডেস্কঃ দেওবাৰে উন্মোচন হ'ব অভিনেত্ৰী মলয়া গোস্বামীৰ নৱতম গ্ৰন্থ। বিয়লি ৪ বজাত গণেশগুৰিৰ নেডফি হাউচ প্ৰেক্ষাগৃহত গ্ৰন্থখনিৰ উন্মোচন কৰা হ'ব।
অভিনেত্ৰীগৰাকীয়ে জীৱনৰ সুদীৰ্ঘ ৪০ বছৰৰ অভিজ্ঞতা সামৰি লিখি উলিয়াইছে গ্ৰন্থখন। মলয়া গোস্বামীৰ বৰ্ণিল জীৱনৰ বিচিত্ৰ অভিজ্ঞতাই ঠাই পাইছে গ্ৰন্থখনত। গ্ৰন্থখনৰ সম্বন্ধে অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে, "নিৰৱে পাৰ হৈ যোৱা তিনিকুৰি বছৰৰ অন্ততঃ দুকুৰি বছৰ মই এখন উৰ্বৰ সমাজৰ অংশীদাৰ হৈ, অনেক শুভাকাংক্ষী আৰু সুহৃদৰ স্নেহধন্যা হৈ, মোৰ ভাগত পৰা গতানুগতিক দায়িত্বৰ উপৰিও, ছাঁ-পোহৰৰ এখন জগতত বহু সময় পাৰ কৰিলোঁ। জিলমিল জোনাকীৰ দৰে সেইবোৰৰ স্মৃতি মোৰ বৰ আদৰৰ, বৰ হেঁপাহৰ। এনে এমুঠিমান জোনাকীৰ স্মৃতিকেই কাগজত আবদ্ধ কৰি ৰাখিবলৈ মোৰ বৰ মন গ'ল। মোৰ জীৱনৰ কণ কণ পোহৰে কাৰোবাৰ মনটোও হয়তো ক্ষণিকৰ বাবে উজলাই তুলিব পাৰিব।"
গ্ৰন্থখনক লৈ ৰুচিশীল পাঠকৰ মাজত বাঢ়িছে উৎকণ্ঠা। আনহাতে পাঠকে গ্ৰন্থখন আদৰি লব বুলি আশাবাদী লেখক অভিনেত্ৰী মলয়া গোস্বামী।