লামডিং-কাৰ্বি আংলং সীমান্তত চোৰাং কাঠ জব্দ…

লামডিং-কাৰ্বি আংলং সীমান্তত চোৰাং কাঠ জব্দ…

ডিজিটেল সংবাদ, লামডিংঃ যি সময়ত সমগ্ৰ ৰাজ্যত বিশ্ব পৰিবেশ দিৱস উদযাপন হয় তেনে সময়ত একাংশ চোৰাং ব্যৱসায়ীয়ে বন ধ্বংস যজ্ঞ কৰা দেখিবলৈ পোৱা গৈছে৷ বিশ্ব পৰিবেশ দিৱসৰ দিনা নিশা লামডিং আৰু কাৰ্বি আংলং সীমান্তত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে ৷ নিশা  লামডিং আৰু কাৰ্বি আংলং সীমান্তত বন বিভাগৰ অভিযান জব্দ হয় কাঠসমূহ৷ কাৰ্বি আংলং জিলাৰ পশ্চিম ডিফু সংমণ্ডলৰ খাংগাৰ বস্তিৰ বিত অফিচাৰৰ অভিজানত জব্দ দুই ট্ৰাক চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ 

নিশা বন বিভাগৰ ৰাকেশ টিচুৰ নেতৃত্বত জিলাখনৰ DISTRICT COUNCIL RESERVE FORESTৰ স্বৰস্বতী পথৰ বনাঞ্চলৰ পৰা জব্দ কৰে কাঠখিনি৷ কোনো চোৰাং ব্যৱসায়ীয়ে ঘণ অৰণ্যৰ মাজত মূল্যবান গছ কাটি মজুত কৰি থোৱাৰ পৰা জব্দ হয় এই খিনি কাঠ৷  নিশাই জব্দ কৰি খাংগাৰ বস্তিৰ বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে কাঠ খিনি৷ এনেদৰে এতিয়া মূল্যবান গছ সমূহ কাটি তহিলং কৰিছে বনাঞ্চল৷

ইফালে, শনিবাৰে হোজাই জিলাৰ লংকা বন বিভাগৰ সফল অভিযান। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই এক গোপন সুত্ৰৰ পম খেদি লংকা বনাঞ্চলিক বনকৰ্মীৰ এটা দলে নীলবাগান ৪৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এখন এ এছ ০২ চি চি ৫৬৭১ নম্বৰৰ মেস্কিম গাড়ী সহ প্ৰায় ৭০ হাজাৰ টকাৰ মূল্যৰ মূল্যবান কাঠ জব্দ কৰাৰ লগতে বাহন খনৰ চালক জনক আটক কৰি লংকা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ আহি সমগ্ৰ ঘটনাটো তদন্ত অব্যাহত ৰাখিছে। ৰাজ্যত এতিয়াও এনেদৰে চোৰাং কাঠ, ড্ৰাগছ, গাঞ্জা বা আনবোৰ নিষিদ্ধ সামগ্ৰীৰ চোৰাং বেহা অব্যাহত আছে। যাৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনো কঠোৰ হোৱা দেখা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in