/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/jagroan-government-polling-gurpreet-jagroan-hindustan-sunday_5f57ec4a-7aa2-11e9-98c6-ecfd32845dee.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে অন্ত পৰিল সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ৮ ৰাজ্যৰ ৫৯ টা সমষ্টিত সম্পন্ন হ'ল অন্তিম তথা সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ। এই অন্তিম পৰ্যায়ত ঝাৰখণ্ডৰ এগৰাকী মহিলা বিশেষভাৱৰ চৰ্চালৈ আহিছে।
মহিলা গৰাকীৰ নাম ৰেণু মিশ্ৰা। বয়স ৫৯। জটিল ৰোগত আক্ৰান্ত হৈ শাৰীৰিকভাৱে সম্পূৰ্ণ ভাগি পৰা মহিলা গৰাকীয়ে দেওবাৰে ঝাৰখণ্ডৰ ডুমকা ৪৩ নং ভোটকেন্দ্ৰত সাব্যস্ত কৰে ভোটাধিকাৰ। ৰেণু মিশ্ৰাই ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবেই কলিকতাৰ পৰা ঝাৰখণ্ডৰ ভোটকেন্দলৈ মুঠ ৩৩০ কি:মি: পথ অতিক্ৰম কৰে। অক্সিজেনৰ অবিহনে এক মুহুৰ্তয়ো থাকিব নোৱাৰা মিশ্ৰাৰ মানসিক শক্তি দেখি হতঃভম্ভ হৈছে দেশবাসী।
ভোটাধিকাৰ সাব্যস্ত কৰি ৰেণু মিশ্ৰাই সংবাদ মাধ্যমৰ সন্মুখত কয় ' যেতিয়ালৈকে জীয়াই থাকো নিজৰ গণতান্ত্ৰিক অধিকাৰ সদায় এখন সুস্থ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সাব্যস্ত কৰিম।' উল্লেখ্য যে, চলিত বৰ্ষৰ ২১ জানুৱাৰীৰ পৰা ডুমকাৰ বিশ্ব স্বাহ্য চিকিৎসাধীন হৈ আছে ৰেণু মিশ্ৰা।