/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-plate.jpg)
ডিজিটেল ডে্স্কঃ লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ লগে লগে প্ৰকাশ পাইছে বিভিন্ন সংস্থা সমূহে প্ৰকাশ কৰা এক্সিট প'লৰ ফলাফল। টাইমছ নাও-ভিএমআৰ এক্সিট প'লৰ ফলাফল অনুসৰি পুনৰবাৰ চৰকাৰলৈ আহিব বিজেপি। ৫৪২ খন আসনৰ ভিতৰত ৩০৬ খন আসন দখলেৰে এনডিএ পুনৰ চৰকাৰলৈ আহিব বুলি এই এক্সিট প'লৰ সমীক্ষাত প্ৰকাশ পাইছে।
ইফালে দক্ষিণ ভাৰতত কৰ্ণাটকৰ বাদে বাকী কেইখন ৰাজ্যত বিজেপিৰ ফলাফল ভাল নহ'ব বুলি এক্সিট প'লৰ সমীক্ষাত প্ৰকাশ। অৱশ্যে মহাৰাষ্ট্ৰত ৪৮ খন আসনৰ ভিতৰত ৩৮-৪২ খন আসনে বিজেপিয়ে লাভ কৰিব বুলি সমীক্ষাত উল্লেখ কৰাৰ বিপৰীতে ইণ্ডিয়া টুডেৰ এউ সমীক্ষাত কংগ্ৰেছে এই ৰাজ্যখনত ৮-১০খন আসন লাভ কৰিব বুলি প্ৰকাশ কৰা হৈছে।
ইফালে ছত্তীশগড়ত ১১ খন আসনৰ ভিতৰত কংগ্ৰেছে ৩-৪ খন আৰু বিজেপিয়ে ৭-৮ খন লাভ কৰিব বুলি সমীক্ষাত উল্লেখ কৰা হৈছে। কেৰালাত কংগ্ৰেছে ২০ খন আসনৰ ভিতৰত ১৫-১৬ খন আসন, বিজেপিয়ে ০-১খন আসন লাভ কৰিব বুলি এক্সিট প'লত প্ৰকাশ।
কৰ্ণাটকত ২৮ খন আসনৰ ভিতৰত ২১-২৫ খন আসন, কংগ্ৰেছে ৩-৬ খন আসন লাভ কৰিব বুলি ইণ্ডিয়া টুডেৰ সমীক্ষাই উল্লেখ কৰিছে। ইণ্ডিয়া টুডেৰ এক্সিট প'লৰ মতে দিল্লীত ৭ খনৰ ভিতৰত ৭ খনেই লাভ কৰিব বিজেপিয়ে।
মধ্যপ্ৰদেশত আজ টকৰ মতে বিজেপিয়ে ২৯ খন আসনৰ ভিতৰত ২৬-২৮ খন আসন লাভ কৰিব। কংগ্ৰেছত এই এক্সিট প'লত দিয়া হৈছে ১-৩ খন আসন। অন্ধ্ৰ প্ৰদেশত ৱাইএছআৰচিপিক ১৮-২০ খন আসন, টিডিপিক ৪-৬ খন, কংগ্ৰ্ছক ০-১ খন আসন, বিজেপিক ০-১ খন আসন দিছে এক্সিট প'লত।
ৰাজস্থানত ২৫ খন আসনৰ ভিতৰত বিজেপিক দিয়া হৈছে এক্সিট প'লত ২৩-২৫ খন আসন। কংগ্ৰেছে ০-১ খন আসন লাভ কৰিব কোৱা হৈছে ৰাজ্যখনত।