এতিয়া কি হ’ব ৰাহুল-প্ৰিয়ংকাৰ…

এতিয়া কি হ’ব ৰাহুল-প্ৰিয়ংকাৰ…

author-image
asomiyapratidin
New Update
এতিয়া কি হ’ব ৰাহুল-প্ৰিয়ংকাৰ…

ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনত মোডীৰ চুনামীত পুনৰ এবাৰ ধুলিসাৎ হ'ল কংগ্ৰেছ। মোডী আৰু বিজেপিৰ বিৰুদ্ধে তুমুল নিৰ্বাচনী প্ৰচাৰ চলাইও অৱশেষত লক্ষ্যত উপনীত হ'ব নোৱাৰিলে ৰাহুল বাহিনীয়ে। ওড়িশা, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান দৰে কেইবাখনো ৰাজ্যত প্ৰায় নিচিহ্ন হোৱাৰ পথত এতিয়া কংগ্ৰেছ দল।

Advertisment

একালৰ বৃন্দাবন একালত পৰে চন। কংগ্ৰেছৰ লগত এতিয়া এই যোজনাটি প্ৰযোজ্য হৈ পৰিছে। ৫৫ বছৰ ধৰি দেশৰ শাসনৰ বাঘজৰী হাতত লোৱা গান্ধী পৰিয়ালে যোৱা ৫ বছৰৰ ভিতৰতে বিধ্বস্ত হৈ পৰাৰ মূলতে হৈছে মোডীৰ লহৰ। মোডীৰ চতুৰ আৰু কৌশলী ৰাজনীতি, অমিত শ্বাহৰ সুদক্ষ নেতৃত্বৰ বলত কংগ্ৰেছ এতিয়া ইতিহাস হোৱাৰ পথত।

উত্তৰ প্ৰদেশত কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৰাজনীতিত নকৈ প্ৰৱেশ কৰা গান্ধী পৰিয়ালৰ কনিষ্ঠ কন্যা প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকা গান্ধীৰ ৰাজনীতিত প্ৰৱেশৰ পিছতে পূৱ উত্তৰ প্ৰদেশৰ প্ৰভাৰী হিচাপে নিয়োগ কৰা হৈছিল। তাৰ লগতে পশ্চিম উত্তৰ প্ৰদেশৰ দায়িত্ব দিয়া হয় জ্যোতিৰাদিত্য সিন্ধিয়াক। এই দুই নেতাৰ ওপৰতে ন্যস্ত হৈ পৰে উত্তৰ প্ৰদেশত কংগ্ৰেছৰ দায়িত্ব।

উত্তৰ প্ৰদেশত কংগ্ৰেছৰ অৱস্থা ২০১৪ চনৰ পৰাই শোচনীয়। ২০১৪ চনৰ প্ৰচণ্ড লহৰত উত্তৰ প্ৰদেশত মাত্ৰ দুটা সমষ্টিত কংগ্ৰেছে মান ৰাখিবলৈ সক্ষম হৈছিল। এটাত ৰাহুল গান্ধী আৰু আনটোত তেতিয়াৰ কংগ্ৰেছৰ অধ্যক্ষ ছোনীয়া গান্ধী। এইবাৰ ৰাজ্যখনত জ্যোতিৰাদিত্য সিন্ধিয়া আৰু প্ৰিয়ংকা গান্ধীৰ ওপৰত প্ৰচাৰৰ দায়িত্ব অৰ্পন কৰি কংগ্ৰেছে আশা কৰিলে যে ৰাজ্যখনত এইবাৰ দলে হেৰুওৱা সন্মান উভতাই পাব।

কিন্তু ২০১৯ৰ লোকসভা নিৰ্বাচনতো সফল নহ'ল কংগ্ৰেছৰ এই সপোন। ৰাজ্যখনত প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলালেহে চলালে। ৮০ টা সমষ্টিত ২৬ খনকৈ নিৰ্বাচনী জনসভাত অংশ ল'লে। কিন্তু তাৰ পিছতো উত্তৰ প্ৰদেশত কংগ্ৰেছৰ হেৰুওৱা মান উভতাই আনিবলৈ সক্ষম নহ'ল গান্ধী পৰিয়ালৰ নতুন নেতাগৰাকীয়ে। তাৰ বিপৰীতে এইবাৰ খোদ ৰাহুল গান্ধীয়েই পৰাজিত হ'ল নিজৰ সমষ্টিত। আমেথিত ৰাহুল গান্ধীক বিজেপিৰ স্মৃতি ইৰাণীয়ে পৰাজিত কৰি সংসদলৈ নিৰ্বাচিত হয়।

২০১৯ চনৰ লোকসভা নিৰ্বাচনত মুঠ ৩৮ খন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিছিল প্ৰিয়ংকাই। ইয়াৰে ২৬ খন উত্তৰ প্ৰদেশত আৰু বাকীবোৰ হাৰিয়ানা, দিল্লী, মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ডত। কিন্তু প্ৰিয়ংকাই প্ৰচাৰ চলোৱা সমষ্টি সমূহৰ ৯৭ শতাংশ সমষ্টিতেই পৰাজিত হৈছে কংগ্ৰেছ প্ৰাৰ্থী। অৰ্থাৎ গান্ধী পৰিয়ালৰ পৰম্পৰা হেতু ৰাজনীতিত প্ৰৱেশ কৰা প্ৰিয়ংকাৰ ৰাজনৈতিক যাত্ৰাৰ আৰম্ভণিতেই মুখথেকেচা খালে।

প্ৰিয়ংকা গান্ধীৰ ৰাজনীতিত প্ৰৱেশ আৰু কংগ্ৰেছৰ উত্তৰ প্ৰদেশ (পূব)ৰ প্ৰভাৰী হিচাপে নিযুক্তিক লৈ বেছ চৰ্চা চলিছিল। বিভিন্ন ৰাজনৈতিক বিশ্লেষকে প্ৰিয়ংকাৰ আগমণে কংগ্ৰেছৰ পট সলনি কৰিব বুলি দাবী কৰিছিল। বিভিন্নজনে আকৌ কংগ্ৰেছে ততাতৈয়াকৈ এক ভুল সিদ্ধান্ত গ্ৰহণ কৰি প্ৰিয়ংকাক উত্তৰ প্ৰদেশ (পূব)ৰ প্ৰভাৰী নিয়োগ কৰা বুলিও সমালোচনা কৰিছিল।

বহুজনৰ বহু কথা। তাৰ মাজতেই নিয়াৰিকৈ নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা চলাই গৈছিল প্ৰিয়ংকাই। বাৰানসীত ৪ দিনীয়া গংগা যাত্ৰাৰে প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল তেওঁ। বিশাল জনসমাৱেশেৰে অনুষ্ঠিত কৰিছিল ৰোড শ্ব'। এই সকলোবোৰ দেখি সকলোৱেই ধাৰণা কৰিছিল, প্ৰিয়ংকাৰ আগমণে উত্তৰ প্ৰদেশত কংগ্ৰেছৰ সুদিন ঘূৰাই আনিছে। ৰাজ্যখনত এইবাৰ কংগ্ৰেছে সন্মানজনক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।

পিছে ভৱা ধৰণে একো নহ'ল। উত্তৰ প্ৰদেশত মোডীৰ চুনামী আৰু যোগী আদিত্যনাথৰ নিৰ্বাচনী প্ৰচাৰে ধৰাশায়ী কৰিলে কংগ্ৰেছৰ লগতে প্ৰিয়ংকা গান্ধীকো। উত্তৰ প্ৰদেশত এইবাৰ ত্ৰিকোণীয় যুঁজ চলে। এফালে মোডী, আনফালে এছপি-বিএছপিৰ মহাজোঁটবন্ধন। তাৰ মাজতেই আবদ্ধ হৈ ৰ'ল কংগ্ৰেছ। ইখনৰ পিছত সিখন নিৰ্বাচনী সভা, ৰেলী, ৰোড শ্ব' অনুষ্ঠিত কৰিও সফল হ'ব নোৱাৰিলে দলটো। ২০১৪ চনত কংগ্ৰেছে লাভ কৰা দুখন আসনৰো এখন হেৰুৱাই ৰাজ্যখনত কংগ্ৰেছ প্ৰায় নিশ্চিহ্ন হৈ পৰিল। কোনোমতে ৰায়বৰেলী সমষ্টিত ছোনীয়া গান্ধীয়ে জয়লাভ কৰি কংগ্ৰেছৰ লগতে গান্ধী পৰিয়ালৰ মান ৰক্ষা কৰিবলৈ সক্ষম হ'ল।

কেৱল উত্তৰ প্ৰদেশতে নহয়, সমগ্ৰ দেশতেই মোডীৰ চুনামীয়ে উটুৱাই নিছে কংগ্ৰেছক। এইবাৰ মাত্ৰ ৫২ খন আসনতে স্তিমিত হৈ পৰিল কংগ্ৰেছৰ যাত্ৰা। কেইবাখনো ৰাজ্যত এখন আসন পাবলৈও সক্ষম নহ'ল এসময়ত চৰকাৰ গঠন কৰা দলটোৱে। কংগ্ৰেছৰ এনে দুঃসময়ে এতিয়া আশাহত কৰিছে দলটোৰ যি অল্পসংখ্যক সমৰ্থক আছে, সেইসকলকো।

১৯৯৭ চনতে এবাৰ বিজেপিৰ নেতা অটল বিহাৰী বাজপেয়ীয়ে কৈছিল- 'আজি বিজেপিৰ অল্পসংখ্যক সমৰ্থক আৰু ক্ষমতাহীন হোৱাৰ বাবে কংগ্ৰেছে আমাক হাঁহে, কিন্তু এদিন সমগ্ৰ ভাৰততে বিজেপিয়ে চৰকাৰ গঠন কৰিব আৰু কংগ্ৰেছ প্ৰায় নিশ্চিহ্ন হৈ পৰিব, তেতিয়া জনতাই কংগ্ৰেছলৈ চাই হাঁহিব।' প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ এই কথা যেন আজি আখৰে আখৰে ফলিয়াইছে। ৰাস্তা-ঘাট, ছ'চিয়েল মিডিয়া সকলোতে এতিয়া কংগ্ৰেছক লৈ চলিছে ঠাট্টা মস্কৰা। কংগ্ৰেছক ভাৰতীয় ৰাজনীতিত ইতিহাস হৈ পৰা বুলি কোৱা হৈছে। আনকি বিভিন্ন জনে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক ৰাজনীতি ত্যাগ কৰাৰো দাবী জনাইছে।

ইফালে প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশত কংগ্ৰেছক জিকাব নোৱাৰিলেও জনতাৰ মতক মানি লৈ প্ৰধানমন্ত্ৰী মোডীক সম্ভাষণ জনাবলৈ পাহৰা নাই। তেওঁ মোডীক অভিনন্দন জনাই প্ৰগতিৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়েও অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী মোডীক। তেওঁ আমেথিৰ বিজেপিৰ বিজয়ী প্ৰাৰ্থী স্মৃতি ইৰাণীকো অভিনন্দন জনাইছে। লগতে কৈছে- 'আমেথি বাসী মোৰ অতি মৰমৰ, তেওঁলোকৰ হৈ যাতে সদায় কাম কৰি যায়।'

ৰাহুল-প্ৰিয়ংকাই এতিয়া সঁচা অন্তৰেৰে মোডীক অভিনন্দন জনাইছে নে পেটত এটা মুখত এটা লৈ ফুৰিছে সেয়া তেওঁলোকেহে জানিব। কিন্তু জনতাই পুনৰ এবাৰ মোডীক প্ৰধানমন্ত্ৰী পাতি তেওঁলোকক বিৰোধীৰ শাৰীলৈ ঠেলি পঠিয়াইছে। কিছু দিনৰ ভিতৰতে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোডীয়ে। তাৰ পিছত ৰাহুল-প্ৰিয়ংকাৰ ভূমিকা কি হয়, সেয়া লক্ষণীয় হ'ব।