পশ্চিমবংগত উত্তেজনা! টিএমচি কৰ্মীয়ে বিজেপিৰ মণ্ডল সভাপতিৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ…

পশ্চিমবংগত উত্তেজনা! টিএমচি কৰ্মীয়ে বিজেপিৰ মণ্ডল সভাপতিৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ…

author-image
asomiyapratidin
New Update
পশ্চিমবংগত উত্তেজনা! টিএমচি কৰ্মীয়ে বিজেপিৰ মণ্ডল সভাপতিৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ…

ডিজিটেল ডেস্কঃ পশ্চিমবংগত উত্তপ্ত পৰিস্থিতি। যাদৱপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অনুপম হাজৰাই কয়- 'টিএমচি কৰ্মীয়ে এজন বিজেপিৰ মণ্ডল সভাপতি, এজন গাড়ী চালক আৰু বাহনৰ ওপৰত আক্ৰমণ চলায়। লগতে আমি তিনিজন পুলিং বিষয়াকো উদ্ধাৰ কৰিছো। টিএমচিৰ গুণ্ডাবাহিনীয়ে ৫২টাকৈ বুথত ৰিগিং কৰিছে। ভোটাৰে বিজেপিক ভোট দিব বিচাৰে কিন্তু তেওঁলোকে ভোটাদানত বাধা প্ৰদান কৰিছে।'

উল্লেখ্য যে, দেওবাৰে পুৱাই অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সমত বাশিৰহাটৰ ১৮৯ নং ভোটগ্ৰহণ কেন্দ্ৰৰ সন্মুখত ভোটাৰে সাব্যস্ত কৰে প্ৰতিবাদ। ভোটাৰ ৰাইজক ভোটাধিকাৰ সাব্যস্ত কৰাত টি এম চি কৰ্মীয়ে বাধা দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল।