জনতাই আমাক কিয় ভোট দিব লাগে আমি সেয়া বুজাব নোৱাৰাটোৱেই আমাৰ পৰাজয়ৰ কাৰণঃ কেজৰিৱাল

জনতাই আমাক কিয় ভোট দিব লাগে আমি সেয়া বুজাব নোৱাৰাটোৱেই আমাৰ পৰাজয়ৰ কাৰণঃ কেজৰিৱাল

author-image
asomiyapratidin
New Update
দিল্লীৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ, ৬ জুনত শুনানি

ডিজিটেল ডেস্কঃ সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয় লাভ কৰাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালে বুধবাৰে দলৰ কাৰ্যকৰ্তা সকললৈ এক মুকলি চিঠি লিখে। চিঠিত তেওঁ দলৰ কৰ্মকৰ্তাসকলে কৰা কষ্ট আৰু ত্যাগৰ প্ৰশংসা কৰাৰ লগতে আম আদমী পাৰ্টীৰ পৰাজয়ক স্বীকাৰ কৰি লয়।

Advertisment

আনহাতে লোকসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে সাধাৰণ নাগৰিকক বুজাত অসফল হোৱা বাবেই নিৰ্বাচনত পৰাজয় বৰণ কৰিবলগা হোৱা বুলিও পত্ৰত উল্লেখ কৰে। আম আদমী পাৰ্টীক জনতাই কিয় ভোট দিয়া উচিত সেয়া জনতাৰ সন্মুখত উপস্থাপন কৰাত দলৰ নেতৃত্ব বিফল হোৱা বুলি তেওঁ কয়।

অৰবিন্দ কেজৰিৱালে পত্ৰত লিখিছে- নিৰ্বাচনত যদিও আশা কৰা ধৰণে আমি ফল লাভ নকৰিলো, নিৰ্বাচনৰ পিছত চলোৱা সমীক্ষাত আমাৰ পৰাজয়ৰ দুটা মুখ্য কাৰণ ধৰা পৰিছে। প্ৰথমটো হৈছে- দেশ জুৰি চলা মোডীৰ প্ৰভাৱ দিল্লীতো পৰিছে। আৰু দ্বিতীয়টো হৈছে- এইবাৰৰ নিৰ্বাচন জনতাই ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোডীৰ মাজতেই হোৱা বুলি ধাৰণা কৰিছে আৰু সেই অনুসৰি ভোটদান কৰিছে।'

তেওঁ পুনৰ লিখিছে- 'কাৰণ যিয়েই নহওক, কিন্তু আমি সাধৰণ জনতাক এয়া বুজাবলৈ সক্ষম নহ'লো যে তেওঁলোকে আম আদমী পাৰ্টীক কিয় ভোট দিয়া উচিত। আমি আমাৰ ভুলবোৰ সংশোধন কৰিব লাগিব আৰু বিধানসভা নিৰ্বাচনৰ বাবে আমি ন উদ্যমেৰে সাজু হ'ব লাগিব।'