২৯ এপ্ৰিলত ৯ ৰাজ্যৰ ৭২ সমষ্টিত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ…

২৯ এপ্ৰিলত ৯ ৰাজ্যৰ ৭২ সমষ্টিত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ…

author-image
asomiyapratidin
New Update
২৯ এপ্ৰিলত ৯ ৰাজ্যৰ ৭২ সমষ্টিত চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ…

ডিজিটেল ডেস্কঃ ২৯ এপ্ৰিলত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ৯ খন ৰাজ্যৰ ৭২টা সংসদীয় সমষ্টিত অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ বাবে ইতিমধ্যে সাজু হৈছে নিৰ্বাচন আয়োগ। পূৰ্বৰ দৰে ২৯ তাৰিখেও যাতে শান্তিপূৰ্ণ ভাৱে ভোটগ্ৰহণ সম্পন্ন হৈ যায়, তাৰ বাবে স্পৰ্শকাতৰ অঞ্চল সমূহত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰি সষ্টম নিৰাপত্তা গঢ়ি তুলিছে প্রশাসনে।

উল্লেখ্য যে, যোৱা ১১ এপ্ৰিলত অনুষ্ঠিত হৈছিল ২০১৯ৰ লোকসভা নিৰ্বাচৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ইয়াৰ পিছতে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় ১৮ এপ্ৰিলত। দুই এটা সাধাৰণ বিক্ষিপ্ত ঘটনাৰ মাজেৰে প্ৰায় শান্তিপূৰ্ণভাৱে ২৩ এপ্ৰিলত অনুষ্ঠিত হৈ যায় তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ইয়াৰ পিছতে ২৯ এপ্ৰিল অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হ'ব চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ। বিহাৰৰ ১৫ টা সমষ্টি, জম্মু-কাশ্মীৰৰ ১টা, ঝাৰখণ্ডৰ ৩টা, মধ্য প্ৰদেশৰ ১৭টা, মহাৰাষ্ট্ৰৰ ১৭টা, ওড়িশাৰ ৬টা, ৰাজস্থানৰ ১৩টা, উত্তৰ প্ৰদেশৰ ১৩টা আৰু পশ্চিম বংগৰ ৮ টা লোকসভা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব এই ভোটগ্ৰহণ।

ইতিমধ্যে দেওবাৰে এই ভোটগ্ৰহণক নিৰ্বাচন আয়োগ ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। নিৰ্বাচনী বিষয়াসকলে হাতত ইভিএম, ভিভিপেড লৈ নিজৰ নিজৰ গন্তব্যস্থলীলৈ ৰাওনা হৈছে। আনফালে দূৰণীবতীয়া অঞ্চলসমূহলৈ শনিবাৰেই ৰাওনা হৈছে নিৰ্বাচনী বিষয়া আৰু ভোটগ্ৰহণত নিয়োজিত কৰ্মীসকল।