ইভিএমৰ যাদু! যি টিপক বুটাম, জ্বলিছিল পদুম… কি ক’লে নিৰ্বাচনী বিষয়াই

ইভিএমৰ যাদু! যি টিপক বুটাম, জ্বলিছিল পদুম… কি ক’লে নিৰ্বাচনী বিষয়াই

author-image
asomiyapratidin
New Update
ইভিএমৰ যাদু! যি টিপক বুটাম, জ্বলিছিল পদুম… কি ক’লে নিৰ্বাচনী বিষয়াই

ইভিএমৰ যিকোনো বুটাম টিপিলেই জ্বলি উঠিছিল পদুম ফুল। অৰ্থাৎ ভোট পৰিছিল বিজেপিত। আচলতে হৈছিল কি? কেৱল অসমতে হৈছিল নে এনেকুৱা ঘটনা। এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন

১১ এপ্ৰিলত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ঘটিছিল এই অঘটন। ইভিএমত য'তেই বুটাম টিপিলেও এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোট কেৱল পদুম ফুলত পৰাৰ চিহ্ন জ্বলি উঠিছিল। তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙাজান গাঁও পঞ্চায়তৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰা ৰাইজে এই অভিযোগ উত্থাপন কৰাৰ পিছতে সলনি কৰিব লগা হৈছিল ইভিএম।

পৰৱৰ্তী সময়ত ৰাজ্যখনৰ আন কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা অনুৰূপ অভিযোগ উত্থাপিত কৰিছিল ভোটাৰে। ৰঙাজান ভোটগ্ৰহণ কেন্দ্ৰত ইয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেই সন্দৰ্ভত প্ৰথম এই খবৰ 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে প্ৰকাশ কৰিছিল। সেই বাতৰি আছিল এইটো-

কেৱল পৰে পদুমত ভোট! ৰঙাজানত উত্তপ্ত পৰিস্থিতি, চাওঁক VIDEO

ৰঙাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত গুদামঘাট মিৰিগাঁও স্কুলত থকা ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হৈছিল এই অঘটন আৰু ইয়াৰ পাছতেই সেই ভোটগ্ৰহণ কেন্দ্ৰত থকা নিৰ্বাচনী বিষয়াই ইভিএম সলনি কৰাৰ সিদ্ধান্ত লৈছিল। এক অৰ্থত কাৰিকৰী বিজুতি বা আন কাৰণতে হওঁক এই অভিযোগ সঁচা বুলি স্বীকাৰ কৰি লৈছিল ভোট গ্ৰহণ কেন্দ্ৰটোত কৰ্মৰত নিৰ্বাচনী বিষয়া-কৰ্মচাৰীয়ে।

২৩ এপ্ৰিলত পুনৰ অনুৰূপ অভিযোগ উত্থাপন হৈছিল মহানগৰীৰ এটা ভোটকেন্দ্ৰত। ভোট বেলেগত দিয়া আৰু ভিভিপিএডিত বেলেগক ভোট দিয়া দেখুওৱা বুলি অভিযোগ উত্থাপন কৰিছিল ৰাজ্যৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান হৰেকৃষ্ণ ডেকাই।

গুৱাহাটীত ই ভি এমত বিসংগতি! ভোট দিলে এজনক, ভোট পৰিল বেলেগত… VIDEO

লাচিত নগৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰাৰ সময়ত এই বিসংগতি ধৰা পেলাই প্ৰতিবাদ কৰিছিল হৰেকৃষ্ণ ডেকাই। কেৱল অসমতে এই বিসংগতি হৈছে নেকি? দেশৰ অন্য প্ৰান্ততো অনুৰূপ বিসংগতিৰ খবৰ পোহৰলৈ আহিছে। গোৱাত উত্থাপন হৈছিল অনুৰূপ অভিযোগ। দক্ষিণ গোৱা লোকসভা সমষ্টিৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ যিকোনো বুটাম টিপিলেই পদুম ফুলৰ চিহ্ন জ্বলি উঠাৰ খবৰ পোহৰলৈ আহিছিল।

তেনেকৈ ১৭টা ভোট বিজেপিৰ প্ৰাৰ্থীজনে লাভ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত গোৱা নিৰ্বাচনী বিষয়াই এই অভিযোগ মিছা বুলি দাবী কৰিছে। ৰাজ্যখনৰ এজন জ্যেষ্ঠ নিৰ্বাচনী বিষয়াই এনে খবৰৰ জৰিয়তে মিছা প্ৰচাৰ চলোৱা বুলি দাবী কৰে। উত্তৰ প্ৰদেশতো অনুৰূপ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল অখিলেশ যাদৱে।

ইফালে আম আদমী পাৰ্টীয়ে গোৱাত ইভিএমৰ এনে বিসংগতিৰ অভিযোগ উত্থাপন কৰিছে। চন্দ্ৰবাবু নাইডুৱে এই অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি নিৰ্বাচনৰ নামত আয়োগে তামাচা কৰা বুলি মন্তব্য কৰিছিল। এক সংবাদমেল যোগে তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল যে ৰাজ্যখনত ৩০-৪০ শতাংশ ইভিএম বিকল আৰু সঠিকভাৱে কাম কৰা নাছিল। লগতে তেওঁ বিদেশৰ পৰা এই ইভিএমবোৰ হেক কৰি বিজেপিয়ে নিজৰ ফালে নিৰ্বাচনী ফলাফল নিয়াৰ ষড়যন্ত্ৰ ৰচা বুলি অভিযোগ কৰিছিল।

এখোপ উপৰলৈ গৈ তেলেগু দেশম পাৰ্টীৰ অধ্যক্ষগৰাকীয়ে কৈছিল- নিৰ্বাচন আয়োগ এতিয়া বিজেপিৰ শাখা কাৰ্যালয় সদৃশ হৈ পৰিছে। নিৰ্বাচন আয়োগে এই অভিযোগ অস্বীকাৰ কৰিলেও দেশৰ বিভিন্ন প্ৰান্নত ৰহস্যজনক ভাৱে যিকোনো বুটাম টিপিলেও বিজেপিত ভোট পৰাৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ নিৰ্বাচন আয়োগে গুৰুত্বসহকাৰে নল'লেও এনে কাণ্ডই এতিয়া দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে।