ভোটকেন্দ্ৰত বয়োজ্যেষ্ঠ ভোটাৰক সহায় বলিউদ অভিনেতাৰ…

ভোটকেন্দ্ৰত বয়োজ্যেষ্ঠ ভোটাৰক সহায় বলিউদ অভিনেতাৰ…

author-image
asomiyapratidin
New Update
ভোটকেন্দ্ৰত বয়োজ্যেষ্ঠ ভোটাৰক সহায় বলিউদ অভিনেতাৰ…

ডিজিটেল ডেস্কঃ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ আজি চতুৰ্থ পৰ্যায়ৰ ভোট গ্ৰহণ। ৯ ৰাজ্যৰ ৭২ খন আসনৰ বাবে ৯৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় ১২ কোটি ৭২ লাখ ভোটাৰে। পুৱাৰে পৰা সাধাৰণ জনগণৰ লগতে বহু ৰাজনৈতিক নেতা আৰু ছবিজগতৰ তাৰকা শিল্পীয়ে ভোটকেন্দ্ৰত শাৰী পাতি ভোটদান সাব্যস্ত কৰা দেখা গ'ল।

পুৱাই বলিউদৰ বহুকেইজন তাৰকা আমিৰ খান, উৰ্মিলা, মাধুৰী দীক্ষিতে সাব্যস্ত কৰিলে ভোটামধিকাৰ। পুৱাই মুম্বাইৰ এটা ভোটকেন্দ্ৰ ভোটদাব কৰিবলৈ অহা অভিনেতা বৰুণ ধাৱানক দেখা গ'ল সাধাৰণ জনতাৰ লাইনত। কেৱল এয়াই নহয় ভোটকেন্দ্ৰটোত ভোট দিবলৈ অহা বয়োজ্যেষ্ঠ ভোটাৰক সহায়ো কৰিলে অভিনেতা গৰাকীয়ে।

ইফালে মুম্বাইতে ভোট দিলে অভিনেত্ৰী কৰীণা কাপুৰে।

প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰেও সাব্যস্ত কৰিলে ভোটাধিকাৰ।