হাতীৰ সলনি আঙুলি পৰিল পদুমত, তৰ্জনী আঙুলি কাটি যুৱকৰ প্ৰায়চিত্ত, চাওক VIDEO

হাতীৰ সলনি আঙুলি পৰিল পদুমত, তৰ্জনী আঙুলি কাটি যুৱকৰ প্ৰায়চিত্ত, চাওক VIDEO

author-image
asomiyapratidin
New Update
হাতীৰ সলনি আঙুলি পৰিল পদুমত, তৰ্জনী আঙুলি কাটি যুৱকৰ প্ৰায়চিত্ত, চাওক VIDEO

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দেশত সম্পন্ন হ'ল লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। দেশৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত দুই এক বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে যদিও প্ৰায় শান্তিপূৰ্ণভাৱে সমাপ্ত হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া। পিছে উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত সংঘটিত হৈছে পূৰ্বে নোহোৱা এক ঘটনা। ভোট দিয়াৰ পিছতে নিজৰ হাতৰ আঙুলি কাটি পেলালে এজন যুৱকে।

এজন ২৫ বছৰীয়া যুৱকে সংঘটিত কৰিছে এই ঘটনা। দৰাচলতে নিজৰ আঙুলি কাটি ভুলৰ প্ৰায়চিত্ত কৰা বুলি প্ৰকাশ কৰিছে যুৱকজনে। ভোটকেন্দ্ৰটোত বহুজন সমাজৱাদী পাৰ্টিক ভোট দিবলৈ গৈছিল যুৱকজনে। পিছে ভোট দিয়াৰ সময়তহে সংঘটিত হ'ল অথন্তৰ। ভুলতে ভোট দিয়া আঙুলিটো বিএছপিৰ পৰিৱৰ্তে পৰিল বিজেপিত।

যুৱকজনৰ নাম প্ৰবীন কুমাৰ। জানিবলৈ পোৱা মতে প্ৰবীন কুমাৰ এজন বি এছ পিৰ সমৰ্থক। নিজে ভাল পোৱা দলটোক ভোট দিবলৈ নাপাই খং উঠে প্ৰবীনৰ। খঙতে ঘৰলৈ ঘূৰি আহি তৰ্জনী আঙুলিটোকে কাটিলে তেওঁ। ইফালে তেওঁৰ এই কাৰ্যক লৈ হতভম্ব হৈ পৰে প্ৰবীন কুমাৰৰ পৰিয়ালৰ লোকসকল।


— Piyush Rai (@Benarasiyaa) April 18, 2019

প্ৰবীন কুমাৰৰ ঘৰ চিকাৰপুৰৰ আবদুল্লাপুৰ হুলাচন গাঁৱত। উল্লেখ্য যে, বুলন্দ চহৰত বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে বৰ্তমানৰ সাংসদ ভোলা সিঙে। ইফালে সমাজৱাদী পাৰ্টি, বহুজন সমাজৱাদী পাৰ্টি আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰজোঁটৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছে যোগেশ বাৰ্মাই।