লোকসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে টুইটাৰযোগে কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে…

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে টুইটাৰযোগে কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে…

author-image
asomiyapratidin
New Update
ৰাহুল গান্ধী ঘৰৰো নহয়, পৰৰো নহয়ঃ স্মৃতি ইৰাণী

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰ অৰ্থাৎ ২৩ মে'ত ঘোষণা কৰা হ'ব ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ২৪ ঘণ্টা বাকী থকা সময়তে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে টুইটাৰত কেইবাটাও টুইট কৰে। য'ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশবাসীক ধন্যবাদ জনোৱাৰ লগতে প্ৰধানমন্ত্ৰীক বিৰোধীয়ে সমালোচনা কৰাক লৈ গৰিহণা জনায়।

কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে- 'আৰু মাত্ৰ ২৪ ঘণ্টা বাকী… যেতিয়া আমাৰ ভিতৰৰঅধিকাংশই নিৰ্বাচনৰ ফলাফল টিভিৰ সন্মুখত একেৰাহে বহি চাই থাকিব। তাৰ পূৰ্বে মোৰ দলআৰু দলৰ নেতৃত্বক দেশবাসীয়ে দিয়া আশীৰ্বাদৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ এয়াই সঠিকসময়।'

ইয়াৰ পাছতেইকেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে পুনৰ টুইৰাত টুইট কৰি কয়- 'যোৱা ৫বছৰত এটাওএনেকুৱা দিন যোৱা নাই য'ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিৰোধীয়ে অপমান কৰা নাইআৰু তেওঁক সমালোচনা কৰা নাই। অৱশ্যে দলৰ কৰ্মী হিচাপে আমি গৌৰাৱান্বিত যে প্ৰধানমন্ত্ৰীৰদ্বাৰা কৰা প্ৰতিটো প্ৰচাৰ আৰু প্ৰসাৰত দেশৰ প্ৰতিজন নাগৰিকে তেওঁক সমৰ্থনজনাইছে।'

লগতে তেওঁ টুইটাৰত লিখিছে- 'এইবাৰৰ নিৰ্বাচনী যুঁজ জনতা আৰু বিৰোধীৰমাজত আছিল। দেশ বিভাজন কৰিব বিচৰা সকলৰ বিৰুদ্ধে জনতাই থিয় দিছে। মই দেশৰ জনতাকধন্যবাদ জনাইছো।'