/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/cutttt.jpg)
ডিজিটেল ডেস্কঃ নিৰ্বাচন বনাম নিৰ্বাচনী ভাবুকি। দেশৰ ৰাজনৈতিক মহলত এয়া এতিয়া এক নিৰ্ঘাত সত্যলৈ ৰূপান্তৰিত হৈছে। শাসকীয় দলৰ বিৰুদ্ধে কোনো ব্যক্তিয়ে মুখ খুলিয়েই তেওঁক ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়াটো যেন এক সহজ বিষয়। শাসকীয় বিজেপিৰ এনে স্বদম্ভ কৰ্মকাণ্ডই এতিয়া শংকিত কৰি তুলিছে সকলোকে। চলে-বলে-কৌশলে বিজেপিয়ে প্ৰতিপন্ন কৰাব বিচাৰিছে- জোৰ যাৰ মুলুক যেন তাৰেই হ'ব।
বৃহস্পতিবাৰে দেশজুৰি অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচন, ২০১৯ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে এক বিতৰ্কিত মন্তব্য কৰি শাসক দলটোৰ স্বৈৰাছাৰিতা উন্মুক্ত কৰিছে এগৰাকী সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিশাল জনগণৰ সন্মুখতেই 'যিয়ে বিজেপি কৰ্মকৰ্তাৰ ফালে আঙুলি টোৱাব, তেওঁৰ আঙুলিয়েই কাটি দিয়া হ'ব' বুলি কৰা মন্তব্যই শাসক দলটোৰ একনায়কত্ববাদৰ প্ৰকাশ কৰা বুলি অভিযোগ উত্থাপন হৈছে।
এএনআইৰ বাতৰি অনুসৰি, বৃহস্পতিবাৰে গাজীপুৰৰ এক নিৰ্বাচনী সভাত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী মনোজ সিনহাই। নিৰ্বাচনী প্ৰচাৰ সভাখনত তেওঁ বিজেপিৰ উন্নয়ন আৰু দুৰ্নীতি বিৰোধী যাত্ৰাৰ কথা কৈ কৈ বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লয়। বিজেপিয়ে সদায় দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অপৰাধৰহিত কামকাজ কৰি অহা বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, 'বিজেপি সদায় অপৰাধ আৰু ভ্ৰষ্টাচাৰক ভূপতিত কৰাৰ বাবে প্ৰস্তুত। আৰু মই ক'ব বিচাৰো যে যদি কোনোবাই বিজেপি কৰ্মকৰ্তাৰ ফালে আঙুলিও প্ৰদৰ্শন কৰে, তেন্তে বিশ্বাস কৰক ৪ ঘন্টাৰ ভিতৰতে সেই আঙুলি সুৰক্ষিত নাথাকিব।'
Union Minister Manoj Sinha in Gazipur: BJP ka karyakarta apradh-arjit dhan aur bhrashtachar ko zameendoz karne ko taiyar hai aur main kehna chahta hun ki agar kisi ki ungli BJP ke karyakarta ki taraf dikhi to bharosa rakhiye 4 ghante mein vo ungli salamat nahi rahegi.(18/04/2019) pic.twitter.com/qzht3f35ky
— ANI UP/Uttarakhand (@ANINewsUP) April 19, 2019
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্য এতিয়া লজ্জাজনক আখ্যা দিছে বিৰোধীয়ে। কংগ্ৰেছকে ধৰি বিৰোধীয়ে মনোজ সিনহাক তীব্ৰ ভাষাৰে নিন্দা কৰি এনে মন্তব্যৰ বাবে ক্ষমা খোজাৰ দাবী জনাইছে। শাসকীয় দলটোৱে কিদৰে তেওঁলোকৰ বিৰুদ্ধে যোৱা বা যাব বিচৰাসকলক দমন কৰাৰ চেষ্টা কৰি আহিছে, সেয়া মন্ত্ৰীজনে নিজৰ মন্তব্যৰে প্ৰকাশ কৰা বুলি দাবী কৰিছে বিৰোধীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us