/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/370095-uma-priyanka.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখাৰ সমান্তৰালকৈ বিৰোধীৰ বিৰুদ্ধে সমালোচনাপূৰ্ণ মন্তব্য কৰি চৰ্চালৈ অহাও পৰিলক্ষিত হৈছে। শেহতীয়াকৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক সমালোচনা কৰি কৰা মন্তব্যৰে বিতৰ্কৰ মাজত সোমাই পৰিছে বিজেপি নেত্ৰী উমা ভাৰতী।
উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ দুৰ্গ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী বিজয় বঘেলৰ হৈ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ প্ৰিয়ংকা গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লয়। জ্যেষ্ঠ বিজেপি নেত্ৰী গৰাকীয়ে কয়, 'যাৰ স্বামী চুৰি কাৰ্যত অভিযুক্ত, তেওঁক মানুহে কি দৃষ্টিৰে চাব। চোৰৰ পত্নীক মানুহে কি বুলি মতা উচিত।' আনহাতে প্ৰিয়ংকা গান্ধীৰ সক্ৰিয় ৰাজনীতিত যোগদানে বিজেপিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে উমা ভাৰতীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us