/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5NXzesUEAAiP5c.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী উমা ভাৰতীয়ে দেওবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰক এগৰাকী সন্ত বুলি অভিহিত কৰে। মধ্যপ্ৰদেশ ৰাজনীতিত সাধ্বী প্ৰজ্ঞাৰ উপস্থিতিয়ে উমা ভাৰতীৰ স্থান সংকটত পেলাইছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি জ্যেষ্ঠ বিজেপি নেত্ৰী উমা ভাৰতীয়ে কয়, 'তেওঁ এগৰাকী সন্ত। তেওঁৰ সৈতে মোক তুলনা নকৰিব। মইতো এটি মাত্ৰ সাধাৰণ আৰু মুৰ্খ প্ৰাণী হে।'
উল্লেখ্য যে, কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰা সাধ্বী প্ৰজ্ঞাক দলে মধ্যপ্ৰদেশৰ ভূপাল লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই সমষ্টিটোত তেওঁ কংগ্ৰেছৰ চাণক্য হিচাপে পৰিচিত দিগ্বিজয় সিঙৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। সমষ্টিটোত ইতিমধ্যে সাধ্বী প্ৰজ্ঞাই জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাই জনতাক আকৰ্ষণৰ চেষ্টা চলাই আছে। বিজেপি ন কৈ প্ৰৱেশ কৰিলেও কম দিনৰ ভিতৰতে দলৰ ভিতৰত তেওঁ বেচ জনপ্ৰিয়তাও অৰ্জন কৰিবলৈ সক্ষম হৈছে।
আনফালে মালেগাঁও বোমা বিস্ফোৰণ কাণ্ডৰ মূল অভিযুক্ত সাধ্বী প্ৰজ্ঞাই নিৰ্বাচনী ৰণত নমাক লৈ আপত্তি দৰ্শাই বিস্ফোৰণত নিহত এজনৰ পিতৃয়ে নিয়াৰ আদালতত এখন আবেদন দাখিল কৰিছিল। সেই আবেদনত সাধ্বী প্ৰজ্ঞাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বিৰোধিতা কৰি নিষাৰ চৈয়দ নামৰ লোকজনে অভিযোগ কৰিছিল যে যিহেতু সাধ্বী প্ৰজ্ঞা কেৱল জামিনতহে বাহিৰলৈ আহিছে আৰু এতিয়াও তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ নিষ্পত্তি হোৱা নাই, গতিকে তেওঁক নিৰ্বাচন খেলিবলৈ দিয়াটো অনুচিত। অৱশ্যে এনআইএ আদালতে এই আবেদন খাৰিজ কৰাত প্ৰজ্ঞা সিং ঠাকুৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাট প্ৰশস্ত হৈ পৰে।
অন্যহতে কিছুদিন পূৰ্বে অযোধ্যা সন্দৰ্ভত বিবাদিত মন্তব্য কৰি নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগত নিৰ্বাচন আয়োগে তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল। অযোধ্যাৰ আকৃতি ভাঙি সন্তুষ্টি লাভ কৰা বুলি সাধ্বী প্ৰজ্ঞাই কৰা এই মন্তব্যৰ বাবে ৰাজনৈতিক মহলতো বিতৰ্কৰ সৃষ্টি হয়। নিৰ্বাচন আয়োগেও শনিবাৰে এই সন্দৰ্ভত বিজেপি প্ৰাৰ্থীগৰাকীৰ পৰা উত্তৰ বিচাৰে।