/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/bjp-flag-3818-1.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ বিজেপি সভাপতি অমিত শ্বাহে আয়োজন কৰিছে এক নৈশ ভোজৰ। এই নৈশ ভোজলৈ আমন্ত্ৰণ জনোৱা হৈছে নৰেন্দ্ৰ মোডী মন্ত্ৰী সভাৰ সকলো সদস্য তথা এন ডি এৰ অংশীদাৰ নেতৃত্বক। নৈশ ভোজৰ পূৰ্বে বিজেপিৰ মুখ্য কাৰ্যালয়ত হ'ব এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত বিজেপি নেতৃত্বৰ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও উপস্থিত থাকিব।
ইফালে, শাসকীয় এন ডি এৰ সমান্তৰালভাৱে চৰকাৰ গঠনক লৈ তৎপৰ বিৰোধী নেতৃত্বও। বিজেপিৰ বিকল্প চৰকাৰ গঠনৰ বাবে ইতিমধ্যে মিলিত হৈছে চন্দ্ৰবাবু নাইডু, ৰাহুল গান্ধী, মমতা বেনাৰ্জী, অখিলেশ সিং যাদৱ, মায়াৱতী আদি।
এগজিট প'লক নস্যাৎ কৰি বিৰোধী পক্ষই যাতে সন্মিলিত চৰকাৰ গঠন কৰিব পাৰে, তাৰ বাবে এই প্ৰস্তুতি চলাইছে বিৰোধীয়ে। বিৰোধীৰ মতে, এগজিট প'ল চৰকাৰী পৃষ্ঠপোষকতাত হৈছে আৰু নিৰ্বাচনত ইয়াৰ বিপৰীত ফলাফল দেখা পোৱা যাব।