টুডে’জ চাণক্যৰ মতে ৩৫০ খন আসনেৰে শাসনত বিজেপি, অসমত পাব ১০ খন আসন

টুডে’জ চাণক্যৰ মতে ৩৫০ খন আসনেৰে শাসনত বিজেপি, অসমত পাব ১০ খন আসন

author-image
asomiyapratidin
New Update
টুডে’জ চাণক্যৰ মতে ৩৫০ খন আসনেৰে শাসনত বিজেপি, অসমত পাব ১০ খন আসন

ডিজিটেল ডেস্কঃ ৩৫০ খন আসন দখলেৰে দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিব বিজেপি। লোকসভা নিৰ্বাচৰ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ অন্তত টুডে'জ চাণক্যই প্ৰকাশ কৰা এক্সিট প'লৰ মতে উত্তৰ প্ৰদেশত ৬৫ খন আসন লাভ কৰিব বিজেপিয়ে। ৰাজ্যখনত এছপি-বিএছপিৰ মহাজোঁটবন্ধনে ১৩ খন আৰু কংগ্ৰেছে মাত্ৰ ২ খন পাব বুলি উল্লেখ কৰিছে টুডে'জ চাণক্যই প্ৰকাশ কৰা এক্সিট প'লত। হাৰিয়াণাত ১০ খন, অসমত ১০ খন আসন পাব বুলি এই এক্সিট প'লত দাবী কৰিছে টুডে'জ চাণক্যই।

ইফালে ছত্তীশগড়ত টুডে'জ চাণক্যৰ মতে এনডিএয়ে ৯ খন আসন লাভ কৰিব। ৰাজ্যখনত মাত্ৰ ২ খন আসন কংগ্ৰেছক দিছে টুডে'জ চাণক্যই। ইফালে কৰ্ণাটকত ২৩ খন আসন বিজেপিয়ে আৰু কংগ্ৰেছে ৫ খন আসন লাভ কৰিব। মোডীৰ গৃহ ৰাজ্যত বিজেপিয়ে ২৬ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ২ খন আসন লাভ কৰিব বুলি এক্সিট প'লত উল্লেখ আছে।