পলকতে পঢ়ক নিৰ্বাচনৰ ১০ টা খবৰ…

পলকতে পঢ়ক নিৰ্বাচনৰ ১০ টা খবৰ…

author-image
asomiyapratidin
New Update
বিয়লি ৩ বজাৰলৈকে শিৱসাগৰৰ ভোটদানৰ হাৰ…

১. ৰাজ্যৰ বিভিন্ন ভোটকেন্দ্ৰত EVM বিকল। যোৰহাটৰ ১১৩নং বেকাজান উচ্চ মাধ্যমিক বিদ্যালয় কেন্দ্ৰ, কলিয়াবৰৰ ১৮৭নং কপাহেৰা মধ্য ভোট কেন্দ্ৰ, চতিয়াৰ ৯নং বৰালিমৰা কেন্দ্ৰ আৰু বোকাখাতৰ ৮৪নং বুঢ়াজান প্ৰাথমিক বিদ্যালয় কেন্দ্ৰত EVM বিকল।

২. মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভোটদান। পশ্চিম গাৰো পাহাৰ জিলাৰ ৱালবাগৰে ভোটকেন্দ্ৰত শাৰী পাতি ভোটদান কৰিলে চাংমাই।

৩. কলিয়াবৰত মণিমাধৱ মহন্তৰ ভোটদান। তেলীয়া গাঁৱৰ ৪৪নং ভোটকেন্দ্ৰত ভোটদান কৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই। মন্ত্ৰী কেশৱ মহন্তয়ো সাব্যস্ত কৰিলে ভোটাধিকাৰ।

৪. মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীয়ে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ। প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিলে সত্ৰাধিকাৰগৰাকীয়ে।

৫. নাগালেণ্ডত শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰতিটো ভোটকেন্দ্ৰত শাৰী পাতি ভোটাৰে সাব্যস্ত কৰিছে গণতান্ত্ৰিক অধিকাৰ।

৬. ছিকিমৰ মুখ্যমন্ত্ৰী পৱন চামলিঙৰ ভোটদান। নামচিত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে চামলিঙে।

৭. মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভোটদান কৰিলে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত লক্ষীনাথ বৰা ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰে ভোটদান।

৮. ভোটাধিকাৰ সাব্যস্ত কৰিলে বিধায়িকা আঙুৰলতা ডেকাই। মৰিগাঁৱৰ ১৪৯নং কপাহেৰা এইচ এছ স্কুলত ভোটদান।
৯. কাজিৰঙাৰ কুঠৰীত শতায়ু গৰকা বৃদ্ধাৰ ভোটাধিকাৰ সাব্যস্ত, ন-জান কেন্দ্ৰত হুইল চেয়াৰত আহি সাব্যস্ত নিজৰ মৌলিক অধিকাৰ। ভোটদান কৰিবলৈ আহি বিৰুদ্ধাচৰণ নাগৰিকত্ব সংশোধনী বিধেয়কৰ।

১০. নাগালেণ্ডৰ মোককচাঙৰ ৭নং ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে ১০০ বছৰ অতিক্ৰম কৰা দ্বিতীয় বিশ্বযুদ্ধৰ এইগৰাকী সৈনিকে।