আৰ জে ডি নেতাৰ ব্যক্তিগত সুৰক্ষাকৰ্মীয়ে ফটো সাংবাদিকৰ ওপৰত চলালে আক্ৰমণ, VIDEO…

আৰ জে ডি নেতাৰ ব্যক্তিগত সুৰক্ষাকৰ্মীয়ে ফটো সাংবাদিকৰ ওপৰত চলালে আক্ৰমণ, VIDEO…

author-image
asomiyapratidin
New Update
আৰ জে ডি নেতাৰ ব্যক্তিগত সুৰক্ষাকৰ্মীয়ে ফটো সাংবাদিকৰ ওপৰত চলালে আক্ৰমণ, VIDEO…

ডিজিটেল ডেস্কঃ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত থকা মাজতে বিহাৰৰ পাটনাত সংঘটিত হয় উত্তপ্ত পৰিস্থিতি। লালু যাদৱৰ জ্যেষ্ঠ পুত্ৰ আৰু আৰ জে ডিৰ নেতা তেজপ্ৰতাপ যাদৱে ভোটদান কৰি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ওলাই অহা পাছত সংঘটিত হয় এই উত্তপ্ত পৰিস্থিতি।

তেজপ্ৰতাপ যাদৱে ভোটদান কৰাৰ পাছতেই সাংবাদিকে তেওঁৰ প্ৰতিক্ৰিয়া লৈ থকা সময়তে বাকবিতণ্ডাৰ সৃষ্টি হয়। তাৰপাছত তেজপ্ৰতাপ যাদৱৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী, সাংবাদিক আৰু ফটো সাংবাদিকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।


— ANI (@ANI) May 19, 2019

দৰাচলতে, তেজপ্ৰতাপ যাদৱৰ বাহনত কাষত বহু সমৰ্থক আৰু সাংবাদিকে সেই সময়ত উপস্থিত আছিল। আৰ জে ডিৰ নেতাগৰাকীয়ে সাংবাদিকসকলৰ মন্তব্য কৰি থকা সময়তে গাড়ীচালকে জনে বাহনখন আগুৱাই লৈ যায় আৰু যাৰফলত এজন সাংবাদিক আহত হয়। আৰু তাৰপাছত সংবাদকৰ্মীৰে সংঘটিত এক সংঘৰ্ষত বাহনখনৰ গ্লাছ ভাঙি যায়।বাহনখন ক্ষতিগ্ৰস্ত হোৱাৰ পাছতেই তেজপ্ৰতাপ যাদৱৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু সমৰ্থকে এজন কেমেৰামেনৰ ওপৰত আক্ৰমণ চলায়।