‘মই কিয় চৰিয়ালো হাৰ্দিক পেটেলক, মোৰ সন্তানসম্ভৱা পত্নী আছিল…’

‘মই কিয় চৰিয়ালো হাৰ্দিক পেটেলক, মোৰ সন্তানসম্ভৱা পত্নী আছিল…’

author-image
asomiyapratidin
New Update
মঞ্চত হাৰ্দিকৰ গালত চৰ! কোনে কিয় শোধালে… VIDEO

ডিজিটেল ডেস্কঃ গুজৰাটৰ সুৰেন্দ্ৰনগৰত এক নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে মঞ্চৰ ওপৰত কংগ্ৰেছ নেতা হাৰ্দিক পেটেলক চৰ মৰা তৰুণ গজ্জৰ নামৰ লোকজন বৰ্তমান চিকিৎসাধীন হৈ আছে। হাৰ্দিক পেটেলেক চৰ মৰাৰ পাছত কংগ্ৰেছ সমৰ্থৰ ৰোষত পৰি গুৰুতৰভাৱে আহত হয় লোকজন। ইয়াৰ পিছতে আৰক্ষীয়ে লোকজনক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে। বৰ্তমান চিকিৎসকে তৰুণ গজ্জৰক বিপদমুক্ত বুলি ঘোষণা কৰিলেও তেওঁৰ আঘাত গভীৰ বুলি মন্তব্য কৰিছে।

দৰালচতে শুকুৰবাৰে পুৱা গুজৰাটাৰ সুৰেন্দ্ৰনগৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত যোগ দিছিল একালৰ পাটিদাৰ আন্দোলনৰ নেতা তথা বৰ্তমানৰ কংগ্ৰেছ নেতা হাৰ্দিক পেটেলে। জনসভাত তেওঁ মঞ্চৰ ওপৰত ভাষণ প্ৰদান কৰি থকা সময়তে হঠাৎ প্ৰৱেশ ঘটে বগা কুৰ্তা, পায়জামা পৰিহিত এজন ৪০-৪৫ বছৰীয়া ব্যক্তিৰ। মঞ্চৰ ওপৰতে লোকজনে হাৰ্দিক পেটেলক এটা চৰ মাৰে আৰু পাটিদাৰ আন্দোলনত নিহত ১৪ গৰাকী লোকৰ মৃত্যুৰ কাৰণ হাৰ্দিক পেটেল বুলি চিঞৰি চিঞৰি কয়।

ব্যক্তিজনৰ এনে আকস্মিক কাণ্ডৰ পিছতে উপস্থিত কংগ্ৰেছ কৰ্মী-সমৰ্থকে তৰুণ গজ্জৰ নামক লোকজনক কৰায়ত্ব দি লপাথপা দিয়ে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰে আৰু চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু লোক জনে কি কাৰণে এনেদৰে এক জনসভাৰ মাজত হাৰ্দিক পেটেলক চৰিয়ালে সেয়া এক ৰহস্যৰ বিষয় হৈ পৰে।

কিন্তু অৱশেষত সেই ৰহস্য ভেদ কৰিলে তৰুণ গজ্জৰে। হাৰ্দিক পেটেলক চৰিওৱা কাৰণ সন্দৰ্ভত তেওঁ কয় যে হাৰ্দিক পেটেলে যি সময়ত গুজৰাটত পাটিদাৰ আন্দোলন তীব্ৰতৰ কৰিছিল, সেই সময়ত তেওঁ এই আন্দোলনৰ বাবে বিভিন্ন অসুবিধা আৰু দুখ কষ্টৰ সন্মুখীন হ'বলগা হৈছিল। যাৰ বাবে তেওঁ সিদ্ধান্ত লৈছিল যে ইয়াৰ প্ৰত্যুত্তৰ হিচাপে তেওঁ এদিন হাৰ্দিক পেটেলক ভালকৈয়ে এসেকা দিব।

চিকিৎসালয়তে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰা মুহূৰ্তত তৰুণ গজ্জৰে কয়, 'পাটিদাৰ আন্দোলন যেতিয়া চলিছিল, তেতিয়া মোৰ পত্নী অন্তঃসত্বা আছিল আৰু তেওঁ চিকিৎসাধীন হৈ আছিল। সেই সময়ত মই চিকিৎসালত, ঘৰত, ৰাজপথত বহু অসুবিধাৰ সন্মুখীন হ'বলগা হৈছিল। পাটিদাৰ আন্দোলনৰ বাবে সমগ্ৰ গুজৰাট যেন বন্ধ কৰি পেলোৱা হৈছিল। ৰাজপথত গাড়ী চলা নাছিল, ৰেচনৰ দোকান বন্ধ, আনকি ফাৰ্মাচী পৰ্যন্ত বন্ধ ৰখা হৈছিল। তেতিয়াই মই সিদ্ধান্ত লৈছিলো, যিকোনো প্ৰকাৰে এই আন্দোলনৰ নেতাজনক এসেকা দিম।'

হাৰ্দিক পেটেল গুজৰাটৰ হিটলাৰ নেকি বুলি প্ৰশ্ন কৰি লোকজনে কয়, 'তেওঁ যি বিচাৰে সেয়াই কৰিছিল। মানুহৰ অসুবিধাৰ প্ৰতি ভ্ৰূক্ষেপ নাছিল। এয়া মোৰ বাবে অন্তত অসহনীয়।' উল্লেখ্য যে, আৰক্ষীয়ে লোকজনৰ বিষয়ে অনুসন্ধান চলাই লোকজন কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয় বুলি নিশ্চিত হৈছে। লোকজনে একান্তই ব্যক্তিগত কাৰণত আইন হাতত তুলি লোৱা বুলি মন্তব্য কৰে আৰক্ষীয়ে।