/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/sunny-d.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে বিজেপিত যোগদান কৰা অভিনেতা চানী দেউলক পঞ্জাৱৰ গুৰুদাসপুৰ সংসদীয় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদানৰ ঘোষণা কৰিছে দলটোৱে। সমষ্টিটোত বিজেপিয়ে যোগ্য প্ৰাৰ্থীৰ সন্ধান কৰি বিফল হোৱাৰ পিছতে অৱশেষত ন বিজেপি চানী দেউলক সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰোৱাৰ সিদ্ধান্ত লয়।
উল্লেখ্য এই সমষ্টিটোৰ পৰা ৪ বাৰকৈ সাংসদ হিচাপে জয়ী হৈছিল প্ৰয়াত অভিনেতা বিনোদ খান্না। এই সমষ্টিটোত বিনোদ খান্নাই প্ৰথমবাৰলৈ ১৯৯৮ত সাংসদ হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পিছত তেওঁ ১৯৯৯, ২০০৪, ২০১৪ চনত জয়লাভ কৰে। কিন্তু ২০১৭ চনত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ বিনোদ খান্নাৰ দেহাৱসানৰ পিছত সমষ্টিটোত কংগ্ৰেছৰ সুনীল জাখড়ে প্ৰায় ১.৯৩ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰে।
শেহতীয়াকৈ সমষ্টিটোৰ পৰা বিনোদ খান্নাৰ পত্নী কবিতা খান্নাক প্ৰাৰ্থিত্ব প্ৰদানক লৈ চৰ্চা চলিছিল যদিও বিজেপিয়ে তেওঁৰ প্ৰাৰ্থিত্বৰ দৌৰৰ পৰা আতৰাই ৰাখে। কিন্তু দীৰ্ঘদিন ধৰি সমষ্টিটোত এজন যোগ্য প্ৰাৰ্থীৰ সন্ধান কৰি থকা বিজেপিয়ে অৱশেষত চানী দেউলকে প্ৰাৰ্থী হিচাৰে প্ৰক্ষেপ কৰে। গুৰুদাসপুৰত কংগ্ৰেছ প্ৰাৰ্থী সুনীল জাখড়ৰ বিৰুদ্ধে অভিনেতা চানী দেউলে কেনেদৰে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হয়, সেয়া লক্ষণীয় হ'ব।