/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/714653fa-098c-4a0d-8fa2-3bcf6272bc30.jpg)
মৃদুল কুমাৰ সন্দিকৈ
কেন্দ্ৰত আকৌ মোডী চৰকাৰ। দ্বিতীয় বাৰৰ বাবে শাসনলৈ অহাটো নিশ্চিত হৈছে বিজেপি নেতৃত্বাধীন এনডিএ। চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ২৭২ খন আসনৰ সীমা ইতিমধ্যে অতিক্ৰম কৰিছে বিজেপিয়ে। এই লেখা প্ৰস্তুত কৰালৈকে ১৭ খন আসনত আনুষ্ঠানিকভাৱে জয় সাব্যস্ত কৰিছে দলটোৱে। ২৯৯ খন আসনত আগবাঢ়ি আছে বিজেপি।
জয়-পৰাজয় নিৰ্বাচনত থাকে। কিন্তু বিৰোধীৰ এই পৰাজয়ৰ কাৰণ অত্যুৎসাহ। মোডীৰ বিৰুদ্ধে বিৰোধীয়ে একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিও সেই সুযোগ গ্ৰহণ কৰিব নোৱাৰিলে। কেইদিনমানৰ পূৰ্বে শাসনলৈ অহা মধ্যপ্ৰদেশত বিধ্বস্ত হ'ল কমলনাথ বাহিনী। ৰাজস্থানতো সেই একেই অৱস্থা। প্ৰজ্ঞা সিং ঠাকুৰৰ হাততে পৰাজয় বৰণ কৰাৰ দিশে কংগ্ৰেছৰ চাণক্যস্বৰূপ দিগ্বিজয় সিং।
আমেথিত ৰাহুল গান্ধীয়ে নাক বচাব নোৱাৰিলে। সেই ৰাহুল গান্ধীয়ে কি দেশ উদ্ধাৰ কৰিব? দিল্লীত আপৰ সৈতে জোঁট বন্ধনেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে বেলেগ এটা ফলাফল লাভ কৰিলেহেঁতেন দুয়ো দলে। কিন্তু শীলা দিক্ষীতৰ ইগ'ৰ বাবেই ৭ খন আসনতেই পৰাজয় স্বীকাৰ কৰিব লগা হ'ল দুয়োটা দলে।
অসমতো কংগ্ৰেছৰ অৱস্থা থৰক বৰক। চৌদিশে এতিয়া ফুলিছে কেৱল পদুম। শিলচৰত পৰাজয় স্বীকাৰ কৰি লবলৈ প্ৰায় সাজু হৈছে সুস্মিতা দেৱ। কোনোমতে গৌৰৱ গগৈয়ে সহজ বিজয় সাব্যস্ত কৰিলেও ভৱাৰ ধৰণে ফল নাপালে যোৰহাটত।
এইবাৰ লোকসভা নিৰ্বাচন অসমৰ বাবে বিভিন্ন কাৰণত উল্লেখযোগ্য আছিল। মোডীৰ ঢৌ নাথাকিলেও সমগ্ৰ দেশজুৰি এইবাৰ মোডীৰ চুনামী বলিল। সেই চুনামীত বিধ্বস্ত হ'ল পশ্চিম বংগত মমতা বাহিনী। দাদাগিৰি কৰিলেই নিৰ্বাচনত নিজিকে। নিৰ্বাচন কেৱল টকা বা বলেৰে খেলিব নোৱাৰি। নিৰ্বাচনত জিকিবলৈ লাগে কিছু ৰণনীতি।
কৰ্ণাটকত প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱগৌড়াৰ সৈতে মিলি লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'লেও কংগ্ৰেছে ভবাৰ দৰে ফল নাপালে। তাতো বিধ্বস্ত হ'ল এই দুই দলৰ নেতাসকল। বিহাৰত নীতিশ কুমাৰ আৰু বিজেপিয়ে লালু আৰু কংগ্ৰেছ বাহিনীক জয়ক কাষ চাপিবই নিদিলে।
লোকসভা নিৰ্বাচন, ২০১৯ৰ ফলাফল ঘোষণাৰ সময়ত ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ সকলোতে কেৱল বিফলতা বুটলিলে ৰাহুল বাহিনীয়ে। প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰোড শ্ব' কৰিলেহে কৰিলে। কোনোমতে মাতৃ ছোনীয়া গান্ধীয়ে ৰায় বৰেলীত কংগ্ৰেছৰ মান ৰাখিলে। নহ'লে উত্তৰ প্ৰদেশত কংগ্ৰছ নাম কটা চিপাহীৰ দৰেই হৈছিল।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল। কিন্তু এই প্ৰতিবাদৰ প্ৰভাৱ নপৰিল নিৰ্বাচনৰ ফলাফলত। এগজিট প'ৰ ফলাফলৰ দৰেই নিৰ্বাচনৰ ফলাফল হ'ল। অমিত শ্বাহে কোৱাৰ দৰেই আসনৰ সংখ্যা মিলি গ'ল। এগজিট প'ল নাছিল যেন সেয়া দৈব্যৰ বাণীহে আছিল।
অসমতো একেই কথা। ৯-১০ খন আসন পাম বুলি কোৱা সকলৰ কথাই মিলিল। ভোটগণনা সম্পন্ন হ'বলৈ কিছু সময় লাগিব। কিন্তু, চৰকাৰ কোনে গঠন কৰিব সেয়া স্পষ্ট হৈ পৰিছে। এই ফলাফল লাভ কৰাৰ পাছত দুগুন উৎসাহেৰে বিজেপিয়ে দ্বিতীয়টো কাৰ্যকালৰ বাবে শাসনৰ বাঘজৰী হাতত ল'ব। 'ফীৰ এক বাৰ মোডীৰ চৰকাৰ' শ্ল'গান এইবাৰ সঁচা প্ৰমাণিত হোৱাৰ পাছত ২০২৪ত হয়তো বিজেপিয়ে বাৰ বাৰ মোডী চৰকাৰ শ্ল'গান দিব।
আৰএছএছে এই বিজয়ক হিন্দুত্ববাদৰ বিজয় আখ্যা দিছে। কণ্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে বিজেপিৰ লহৰ। কংগ্ৰেছ, বিৰোধী কোনোৱেই এই লহৰত জয়ৰ দিশে আগবাঢ়িবলৈ সুবিধাই নাপালে। এয়া জনতাৰ জয়। এয়া গণতন্ত্ৰৰ জয় হয় নহয় পিচৰ কথা।
মোডীৰ চৰকাৰে দ্বিতীয়টো কাৰ্যকালত দেশবাসীক কোনো নতুন আশা দিয়া নাই। সেয়েহে এইবাৰ মোডীক লৈ কোনেও প্ৰশ্ন কৰাৰ থল নাই। এই জয়ৰ দিশে আগবঢ়াত বিজেপিক বিৰোধীয়ে শুভেচ্ছা জনাইছে। ৰাহুল গান্ধীয়েও শুভেচ্ছা জনাইছে মোডীক। পাক প্ৰধানমন্ত্ৰী ইমৰান খানে মোডীক অভিনন্দন জনাইছে।
দেশৰ ৰাজনীতিত বিৰোধীয়ে পুনৰবাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব। কোনো দলৰ চৰকাৰ গঠন হোৱাৰ পাছত সেই চৰকাৰৰ দায়িত্ব থাকে দেশৰ ওপৰত, নাগৰিক সকলক লৈ। ৫ বছৰৰ অভিজ্ঞতাৰ অন্তত সেই দায়িত্ব আগতকৈ সুচাৰু ৰূপে মোডীয়ে পালন কৰিব বুলি আশা কৰিব পাৰি।
ৰাহুল গান্ধীয়ে ৰাজনীতি ত্যাগ কৰাই ভাল। যোগেন্দ্ৰ যাদৱে কোৱাৰ দৰে ধ্বংসৰ দিশে এতিয়া কংগ্ৰেছ। কিন্তু গণতন্ত্ৰত চৰকাৰৰ সমানেই বিৰোধীৰ ভূমিকা থাকে। জয় নিশ্চিতভাৱে কোনো এক পক্ষৰেই হয়। এই জয় জনতাৰ ৰায় বুলি মানি ল'বলৈ সকলো বাধ্য। জনতাই দিয়া সেই ৰায়ক স্বীকাৰ কৰি মোডীক দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰীৰূপে পোৱা এই ঐতিহাসিক ক্ষণত এটা কথা লক্ষ্য কৰিব লাগিব, চৰকাৰ ৫ বছৰৰ বাবেহে আহে।
ইয়াতকৈ ভাল ফলাফল লাভ কৰিও শাসনলৈ আহি বিৰোধীৰ আসনত বহাৰ উদাহৰণ আছে বহু ৰাজনৈতিক দলৰ। অসমত অগপই ভৱাৰ দৰে ফলাফল লাভ কৰিব নোৱাৰিলে। ৩টা সমষ্টিত দলটোৰ প্ৰাৰ্থীয়ে বিজেপিৰ চত্ৰছায়াত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও যথেষ্ট সংখ্যক ভোট লাভ কৰিও পৰাজয় স্বীকাৰ কৰিব লগা হ'ল। আঞ্চলিকতাবাদী ৰাজনীতিত জাতীয়তাবাদত বিশ্বাসী সকলৰ বাবে এয়াও এক দুখ লগা খবৰ।
নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত বিজেপি তথা দলটোৰ সমৰ্থকসকলে নিশ্চিতভাৱে উৎসাহ, উল্লাস কৰিব। এয়া তেওঁলোকৰ বাবে ডাঙৰ প্ৰাপ্তি। অভিনন্দন বিজেপি, অভিনন্দন নৰেন্দ্ৰ মোডী।