/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/modi-bixex.jpg)
মৃদুল কুমাৰ সন্দিকৈ
২০১৯চনৰ লোকসভা নিৰ্বাচনৰ অন্ত পৰিল। ৭টা পৰ্যায়ত অনুষ্ঠিত এই নিৰ্বাচনী পৰ্ব আৰম্ভ হৈছিল ২০১৯ৰ ১১ এপ্ৰিলৰ পৰা। ১৯ মে'ত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব অন্ত পৰাৰ পাছত এতিয়া চৰ্চা হৈছে- এইবাৰ কাৰ চৰকাৰ?
নিৰ্বাচন অন্ত পৰাৰ পাছতে বিভিন্ন সংস্থা সমূহে প্ৰকাশ কৰিছে এক্সিট প'ল। ৫৪২ খন আসনৰ বাবে অনুষ্ঠিত লোকসভা নিৰ্বাচনত একজিট প'লৰ ফলাফল অনুসৰি দ্বিতীয়বাৰৰ বাবে আহিব পাৰে মোডী চৰকাৰ।
কেইবাটাও সংস্থাই নিৰ্বাচন অন্ত পৰাৰ পাছতেই ৰজহুৱা কৰিছে এক্সিট প'লৰ ফলাফল। সেই অনুসৰি এইবাৰ লোকসভা নিৰ্বাচনৰ 'চি ভোটাৰ'-এ বিজেপি নেতৃত্বাধীন এনডিএক ২৮৭ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএয়ে ১২৮ খন আৰু অন্যান্যই ১২৭ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি ঘোষণা কৰিছে।
ভিএমআৰৰ মতে, এনডিএ-য়ে ৩৫৬, ইউপিএ ১৩২ আৰু অন্যা্ন্যই ১০৪ খন আসন লাভ কৰিব। জন কী বাতৰ এক্সিট প'ল অনুসৰি এনডিএ-য়ে ৩০৫ খন, ইউপিএয়ে ১২৪ খন আসন লাভ কৰাৰ বিপৰীতে অন্যানই লাভ কৰিব ১১৩ খন আসন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/a67bdba1-7c20-4a50-9c69-0450afc71563-1024x638.jpg)
২০১৪ চনত এনডিএয়ে ৩৩৬ খন আসন লাভ কৰি শাসনলৈ আহিছিল। সেইবাৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ-য়ে ৬০ খন আৰু অন্যান্যই ১৪৭ খন আসন লাভ কৰিছিল। কেন্দ্ৰত চৰকাৰ গঠন কৰাত উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ফলাফলে বিশেষ ভূমিকা পালন কৰে।৮০ খন লোকসভা আসন থকা ৰাজ্যখনত ২০১৪ চনত বিজেপি মিত্ৰজোঁটে ৭৩ খন আসন লাভ কৰিছিল। সেই বছৰ কংগ্ৰেছৰ আসনৰ সংখ্যা আছিল মাত্ৰ ২ খন।
এইবাৰ উত্তৰ প্ৰদেশৰ এক্সিট প'লত বিজেপিৰ আসনৰ সংখ্যা হ্ৰাস পাব বুলি কোৱা হৈছে। NIELSONৰ মতে ৰাজ্যখনত বিজেপি মিত্ৰজোঁটে ২২ খন, এছপি-বিএছপিয়ে ৫৬ খন আৰু কংগ্ৰেছে ২ খন আসন লাভ কৰিব।
'চি ভোটাৰে' উত্তৰ প্ৰদেশত বিজেপিয়ে ৪৮ খন আসন, বিএছপি-এছপিয়ে ৪০ খন আৰু কংগ্ৰেছে ২ খন আসন লাভ কৰাৰ কথা কৈছে। একেদৰে জন কী বাতৰ মতে বিজেপি মিত্ৰজোঁটে ৫১ খন, এছপি-বিএছপি মিত্ৰজোঁটে ২৬ খন আৰু কংগ্ৰেছে ৩ খন আসন লাভ কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/68b3c990-4644-4dcf-b23d-641ce0ef3afc-1024x341.jpg)
৪২ খন আসন থকা পশ্চিম বংগত ২০১৪ চনত তৃণমূলে ৩৪ খন, বিজেপিয়ে ২ খন, বাও দলে ২ খন আৰু কংগ্ৰেছে ৪ খন আসন লাভ কৰিছিল। এক্সিট প'লৰ মতে, এইবাৰ বিজেপিয়ে ভাল ফলাফল লাভ কৰিব ৰাজ্যখনত। ভিএমআৰৰ মতে, পশ্চিম বংগত তৃণমূলে ২৮ খন, বিজেপিয়ে ১১ খন আৰু কংগ্ৰেছে ২ খন আসন লাভ কৰিব। চি ভোটাৰেও বিজেপিক ১১ খন, তৃণমূলে ২৯ খন আৰু কংগ্ৰেছে ২ খন আসন লাভ কৰিব বুলি এক্সিট প'লত উল্লেখ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/402c7fe5-3c00-4ad2-8a5c-09fc69626beb-1024x341.jpg)
টাইমছ নাউ-ভিএমআৰ-এ লোকসভা নিৰ্বাচনৰ ৰাজ্যিক পৰ্যায়ত কোনে কিমান আসন লাভ কৰিব তাৰ এক্সিট প'লৰ তথ্য প্ৰকাশ কৰিছে। সেই অনুসৰি-
১.আন্দামান নিকোবৰঃ
মুঠ আসন- ১
এনডিএ- ১
কংগ্ৰেছ মিত্ৰজোঁট- ০
অন্যান্য- ০
২. তেলেংগানাঃ
মুঠ আসন- ১৭
এনডিএ- ১
ইউপিএ-২
অন্যান্য- ১৪
৩. অন্ধ্ৰপ্ৰদেশঃ
মুঠ আসন- ২৫
এনডিএ- ০
ইউপিএ-০
অন্যান্য- ২৫
৪. অৰুণাচল প্ৰদেশঃ
মুঠ আসন- ২
এনডিএ- ২
ইউপিএ-০
অন্যান্য- ০
৫. অসমঃ
মুঠ আসন- ১৪
এনডিএ- ৬
ইউপিএ-৫
এআইইউডিএফ- ২
অন্যান্য- ১
৬. বিহাৰঃ
মুঠ আসন- ৪০
এনডিএ- ৩০
ইউপিএ-১০
অন্যান্য- ০
৭. চণ্ডীগড়ঃ
মুঠ আসন- ১
এনডিএ- ১
ইউপিএ-০
অন্যান্য- ০
৮. ছত্তীশগড়ঃ
মুঠ আসন- ১১
এনডিএ- ৭
ইউপিএ-৪
অন্যান্য- ০
৯. দাদৰ আৰু নগৰ হাফেলীঃ
মুঠ আসন- ১
এনডিএ- ০
ইউপিএ-১
অন্যান্য- ০
১০. দমন আৰু ডিউঃ
মুঠ আসন- ১
এনডিএ- ১
ইউপিএ-০
অন্যান্য- ০
১১. দিল্লীঃ
মুঠ আসন- ৭
এনডিএ- ৬
ইউপিএ-১
অন্যান্য- ০
১২. গোৱাঃ
মুঠ আসন- ২
এনডিএ- ১
ইউপিএ-১
অন্যান্য- ০
১৩. গুজৰাটঃ
মুঠ আসন- ২৬
এনডিএ- ২৩
ইউপিএ-৩
অন্যান্য- ০
১৪. হাৰিয়ানাঃ
মুঠ আসন- ১০
এনডিএ- ৮
ইউপিএ-২
অন্যান্য- ০
১৫. হিমাচল প্ৰদেশঃ
মুঠ আসন- ৪
এনডিএ- ৩
ইউপিএ-১
অন্যান্য- ০
১৬. জম্মু-কাশ্মীৰঃ
মুঠ আসন- ৬
এনডিএ- ২
ইউপিএ-৪
অন্যান্য- ০
১৭. ঝাৰখণ্ডঃ
মুঠ আসন- ১৪
এনডিএ- ৮
ইউপিএ-৬
অন্যান্য- ০
১৮. কৰ্ণাটকঃ
মুঠ আসন- ২৮
এনডিএ- ২১
ইউপিএ-৭
অন্যান্য- ০
১৯. কেৰালাঃ
মুঠ আসন- ২০
এনডিএ- ১
ইউপিএ-১৫
অন্যান্য- ৪
২০. লক্ষদ্বীপঃ
মুঠ আসন- ১
এনডিএ- ০
ইউপিএ- ১
অন্যান্য- ০
২১. মধ্যপ্ৰদেশঃ
মুঠ আসন- ২৯
এনডিএ- ২৪
ইউপিএ-৫
অন্যান্য- ০
২২. মহাৰাষ্ট্ৰঃ
মুঠ আসন- ৪৮
এনডিএ- ৩৮
ইউপিএ-১০
অন্যান্য- ০
২৩. মণিপুৰঃ
মুঠ আসন- ২
এনডিএ- ১
ইউপিএ-১
অন্যান্য- ০
২৪. মেঘালয়ঃ
মুঠ আসন- ২
এনডিএ- ০
ইউপিএ-১
অন্যান্য- ১
২৫. মিজোৰামঃ
মুঠ আসন- ১
এনডিএ- ০
ইউপিএ-০
অন্যান্য- ১
২৬. নাগালেণ্ডঃ
মুঠ আসন- ১
এনডিএ- ০
ইউপিএ-১
অন্যান্য- ০
২৭. ওড়িশাঃ
মুঠ আসন- ২১
এনডিএ- ১২
ইউপিএ-১
অন্যান্য- ৮
২৮. পুডুচেৰীঃ
মুঠ আসন- ১
এনডিএ- ১
ইউপিএ-০
অন্যান্য- ০
২৯. পঞ্জাৱঃ
মুঠ আসন- ১৩
এনডিএ- ৩
ইউপিএ- ১০
অন্যান্য- ০
৩০. ৰাজস্থানঃ
মুঠ আসন- ২৫
এনডিএ- ২১
ইউপিএ- ৪
অন্যান্য- ০
৩১. চিকিমঃ
মুঠ আসন- ১
এনডিএ- ০
ইউপিএ-০
অন্যান্য- ১
৩২. তামিলনাডুঃ
মুঠ আসন- ৩৮
এনডিএ- ৯
ইউপিএ-২৯
অন্যান্য- ০
৩৩. ত্ৰিপুৰাঃ
মুঠ আসন- ২
এনডিএ- ২
ইউপিএ-০
অন্যান্য- ০
৩৪. উত্তৰ প্ৰদেশঃ
মুঠ আসন- ৮০
এনডিএ- ৫৮
ইউপিএ-২
অন্যান্য- ২০
৩৫. উত্তৰাখণ্ডঃ
মুঠ আসন- ৫
এনডিএ- ৪
ইউপিএ- ১
অন্যান্য- ০
৩৬. পশ্চিম বংগঃ
মুঠ আসন- ৪২
এনডিএ- ১১
ইউপিএ- ২
অন্যান্য- ২৯
এক্সিট প'লৰ ফলাফলৰ মতে ২০১৯ত হ'ব আকৌ এবাৰ মোডী চৰকাৰ। ২৩ মে'ত অৱশ্যে বাস্তৱ ছবি পোহৰলৈ আহিব। সেইদিনাই হ'ব ভোটগণনা। নিৰ্বাচন অন্ত পৰাৰ পাছত একজিট প'লে এখন প্ৰতিচ্ছৱি দাঙি ধৰে। বিভিন্ন সময়ত এক্সিট প'লৰ ফলাফল মিছা প্ৰমাণিত হৈ আহিছে।
২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত অটল বিহাৰী বাজপেয়ী পুনৰ চৰকাৰলৈ আহিব বুলি এক্সিট প'লে তথ্য দাঙি ধৰিছিল। সেইবাৰ আজ টক, ওআজি-এমএআৰজিয়ে এনডিএয়ে ২৪৮ খন আসন, ইউপিএয়ে ১৯০ খন আৰু অন্যান্যই ১০৫ খন আসন লাভ কৰিব বুলি আগতীয়াকৈ ভৱিষ্যদ্বাণী কৰিছিল।
এন ডি টিভিয়ে ২০০৪ চনত এনডিএক ২৩০-২৫০, ইউপিএক ১৯০-২০৫ আৰু অন্যান্যক ১০০-১২০ খন আসন দিছিল। ষ্টাৰ নিউজে এডিএক ২৬৩-২৭৫ খন, ইউপিএক ১৭৪-১৮৬ আৰু অন্যানই ৮৬-৯৮ খন আসন লাভ কৰিব নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বে এক্সিট প'লৰ ফলাফল প্ৰকাশ কৰিছিল। কিন্তু ভোট গণনাৰ দেখা গ'ল এনডিএয়ে মাত্ৰ ১৮৭ খন, ইউপিএয়ে ২১৯ আৰু অন্যান্যই ১৩৭ খন আসন লাভ কৰিছিল।
২০১৪ চনৰ লোকসভা নিৰ্বাচনতো মিলা নাছিল এক্সিট প'লৰ তথ্য। ইণ্ডিয়া টুডেৰ সমীক্ষা অনুসৰি ২০১৪ত এনডিএয়ে ২৬১-২৮৩ , ইউিএয়ে ১১০-১২০ আৰু অন্যান্যই ১৫০-১৬২ খন আসন লাভ কৰিব বুলি আগতীয়াকৈ সদৰি কৰিছিল। চিএন এন-আইবিএন আৰু চিএছডিএছৰ মতে এনডিএয়ে ২৭০-২৮২ খন . ইউপিএ- ৯২-১০২ আৰু অন্যান্য ১৫৯-১৮১ খন আসন পাব বুলি কৈছিল যদিও নিৰ্বাচনী ফলাফলত এনডিএয়ে ইয়াতকৈ অধিক আসন লাভ কৰিছিল।
২০১৪ৰ লোকসভা নিৰ্বাচনত এনডিএয়ে ৩৩৬ খন আসন, ইউপিএ ৬০ আৰু অন্যান্যই ১৪৮ খন আসন লাভ কৰে। ২০১৭ৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ একজিট প'লৰ তথ্যও মিলা নাছিল। 'চি ভোটাৰে' ৰাজ্যখনত বিজেপিয়ে ১৬৮ খন, এছপি ১৪১ খন আৰু বিএছপিয়ে ৮৭ খন আসন লাভ কৰিব বুলি কোৱাৰ বিপৰীতে বিজেপিয়ে ৩৬৫ খন আসন লাভ কৰি শাসনলৈ আহিছিল।
২০১৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত ইণ্ডিয়া টুডে, টুডে'জ চাণক্য, টাইমছ নাও আদিয়ে প্ৰকাশ কৰিছিল এক্সিট প'ল। সেই এক্সিট প'লৰ তথ্য অনুসৰি টুডে'জ চাণক্যৰ মতে ৰাজ্যখনত বিজেপিয়ে ১৫৫ খন, জেডিইউনে ৮৩ খন আসন লাভ কৰিব বুলি কোৱা হৈছিল। ইণ্ডিয়া টুডেৰ এক্সিট প'লৰ মতে বিজেপিয়ে ১২০ খন আৰু জেডিইউৱে ১৭৮ খন আসন লাভ কৰাৰ কথা কৈছিল যদিও নিৰ্বাচনী ফলাফলত বিজেপিয়ে মাত্ৰ ৫৮ খনহে লাভ কৰে। তাৰ বিপৰীতে জেডিইউ মিত্ৰজোঁটে লাভ কৰে ১৭৮ খন আসন।
২০১৫ত অনুষ্ঠিত দিল্লী বিধানসভা নিৰ্বাচনতো মিলা নাছিল এক্সিট প'লৰ তথ্য। ইণ্ডিয়াজ চাণক্যই এক্সিট প'লত দিল্লী বিধানসভা নিৰ্বাচনত ২২ খন, আপ-এ ৪৮ খন আসন পাব বুলি কৈছিল। এবিভিপি নিউজৰ মতে বিজেপিয়ে ২৬ খন আৰু আপ-এ ৪৩ খন আসন পাব বুলি কোৱা হৈছিল। কিন্তু চূড়ান্ত ফলাফল আছিল- বিজেপি-৩ আৰু আপ-৬৭।
এইবাৰ লোকসভা নিৰ্বাচনৰ অন্তত প্ৰকাশ পোৱা এক্সিট প'লৰ সমীক্ষাই পৰৱৰ্তী চৰকাৰ কাৰ হ'ব তাৰ এক আভাষ দিছে। হয়তো এক্সিট প'লৰ মতে পুনৰবাৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে নৰেন্দ্ৰ মোডী। কিন্তু এই কথা মনত ৰখা ভাল- এয়া একজিট প'ল হে। চূড়ান্ত ফলাফলত ইফাল সিফাল হোৱাটো স্বাভাৱিক।
বালাকোটৰ আক্ৰমণৰ পাছত মোডী চৰকাৰে নিৰ্বাচনী প্ৰচাৰত ছাৰ্জিকেল ষ্ট্ৰাইকক এক নিৰ্বাচনী ইছ্যু কৰিছিল অতি কৌশলেৰে। তাৰ কিছু ফল বিজেপিয়ে পাব। কিন্তু উত্তৰ প্ৰদেশ আৰু দক্ষিণৰ ৰাজ্যসমূহত বিজেপিয়ে ভৱাৰ দৰে ফল লাভ নকৰে বুলি এক্সিট প'লত কোৱা হৈছে। অসমত বিজেপিয়ে ৯ খনৰো অধিক আসন পাব বুলি দাবী কৰিছিল যদিও একজিট প'লে বিজেপিৰ সেই দাবী যে সফল হ'ব তাৰ ইংগিত প্ৰদান কৰা নাই। এয়া এক্সিট প'ল! প্ৰকৃত ফলাফলৰ বাবে এতিয়া অপেক্ষা কৰিব লাগিব ২৩ মে'লৈ।