নিৰ্বাচন, উৰা বাতৰি আৰু ২০ হাজাৰ কোটি উদ্ধাৰৰ আচল কাহিনী…

নিৰ্বাচন, উৰা বাতৰি আৰু ২০ হাজাৰ কোটি উদ্ধাৰৰ আচল কাহিনী…

author-image
asomiyapratidin
New Update
নিৰ্বাচন, উৰা বাতৰি আৰু ২০ হাজাৰ কোটি উদ্ধাৰৰ আচল কাহিনী…

♦ মৃদুল কুমাৰ সন্দিকৈ

লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে কিছু খবৰে সৰ্বসাধাৰণক বিবুধিত পেলাইছে। বিভিন্ন পক্ষই বিৰোধী পক্ষক বিপদত পেলাবলৈ, ৰাইজক বিভ্ৰান্ত কৰিবলৈ এই খবৰবোৰ প্ৰচাৰ কৰে। শেহতীয়াকৈ এক খবৰ ৰাজহুৱা হৈছে। এই খবৰৰ সৈতে বিভিন্ন ছ'চিয়েল মাধ্যমত ভাইৰেল কৰা হৈছিল এখন আলোকচ্ছিত্ৰ।

এই খবৰ অনুসৰি, ছ'চিয়েল মিডিয়াত দাবী কৰা হৈছিল যে বিজেপিৰ এজন বিধায়কৰ বাহনৰ পৰা উদ্ধাৰ হৈছে ২০ কোটি টকা। নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আয়োগে অবৈধ ধন সৰবৰাহৰ ক্ষেত্ৰত বিশেষ নজৰ ৰাখে। বিভিন্ন ঠাইত ফ্লায়িং স্কোৱাড আৰু আৰক্ষী তথা নিৰ্বাচনৰ পৰ্যবেক্ষনৰ দায়িত্বত থকা বিষয়াৰ নেতৃত্বত অভিযান চলোৱাৰ সময়ত ধন উদ্ধাৰ হোৱাৰ ঘটনা নতুন কথা নহয়।

কিন্তু ফেচবুকত ভাইৰেল হৈ আন ছ'চিয়েল মিডিয়াত বিয়পি পৰা এই খবৰ 'কংগ্ৰেছ সমৰ্থক' নামৰ এটা পেজৰ পৰা হিন্দীত লিখি ভাইৰেল কৰা হৈছে। মহাৰাষ্ট্ৰৰ বিজেপিৰ বিধায়ক সুধীৰ গাডগিলৰ বাহনৰ পৰা ইমান বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হোৱা বুলি সেই পেজটোৰ যোগে প্ৰচাৰ চলোৱা হৈছিল।

কোনো ৰাষ্ট্ৰীয় বা স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা নাছিল এই খবৰ। কেৱল ছ'চিয়েল মিডিয়াযোগে এই খবৰ ৰাজহুৱা কৰা হৈছিল। আনকি এই খবৰৰ সন্দৰ্ভত আন কিছু লোকেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই খবৰক লৈহে পৰৱৰ্তী সময়ত মূল সূঁতিৰ সংবাদ মাধ্যমে খবৰ চপাব লগা হ'ল।

সুব্ৰমণিয়াম স্বামীৰ আন-অফচিয়েল পেজটোত উপলব্ধ এই ফটোখনৰ খবৰটো শ্বেয়াৰ কৰিছে ৫৫ হাজাৰৰো অধিক লোকে। কম সময়ৰ ভিতৰতে এই খবৰ বিয়পি পৰিছে। এনেধৰণৰ ভুৱা খবৰৰ আঁৰৰ ৰহস্য কি? নিৰ্বাচনৰ বতৰত এই খবৰবোৰে কাক সহায় কৰে?

খবৰটোত উল্লেখ থকা মতে, সুধীৰ গাডগিলৰ গাড়ীৰ পৰা ২০ হাজাৰ কোটি টকা উদ্ধাৰ হৈছে। এই খবৰৰ সত্যতা সন্দৰ্ভত বিচাৰ কৰোতে দেখা পোৱা গ'ল- সুধীৰ গাডগিল বিজেপিৰ বিধায়ক হয়। তেওঁ চাংগিলৰ পৰা বিধায়কৰূপে নিৰ্বাচিত হৈছে। কিন্তু বাকীখিনি কথা কিমান সঁচা?

যিবোৰ লোকে এই খবৰ বিয়পাইছিল তাৰ ভিতৰত এটা নাম আছিল সুনীল কুমাৰ সৰকাৰ আৰু হৰি মাণ্ডিয়া কমৰেড। এই পোষ্টৰ সৈতে দিয়া এখন ফটো এইখন-

ফটোখনত এজন আৰক্ষী বিষয়াৰ সৈতে ৫ জন অসামৰিক পোছাকত থকা লোকক দেখা গৈছে আৰু পিছফালৰ এখন বাহনত দেখা গৈছে প্লাষ্টিকৰ বেগ। এই ফটোখন ২০১৬ চনৰে। সেই বছৰৰ নবেম্বৰত নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাড দলে মহাৰাষ্ট্ৰৰ ওচমাবাদৰ পৰা ৬ কোটি টকা জব্দ কৰিছিল। এই ধনখিনি আছিল আৰ্বান কো-অপাৰেটিভ বেংকৰ।

চাংগিলত থকা সেই বেংকটোৰ মুৰব্বী আছিল গনেশ গাডগিল। বিমুদ্ৰাকৰণৰ কিছু দিনৰ পাছতেই এই ধন জব্দ কৰা হৈছিল। চৰকাৰী তথ্য অনুসৰি, জব্দ কৰা ধন সমূহত আছিল এশ টকীয়া ৬০ হাজাৰ খন নোট, ৫০০ টকীয়া ৮৮০০ খন নোট আৰু ১০ হাজাৰ খন ১০০০ টকীয়া নোট।

কিন্তু ৫ জন ব্যক্তি থকা সেই ফটোখনৰ সৈতে সংযুক্ত কৰা হৈছিল বৰ্তমানৰ ২০০ টকীয়া, ২০০০ টকীয়া আৰু ৫০০ টকীয়া নোট থকা এখন ফটো। সেই ফটোখন আছিল ২০১৭ চনৰ নবেম্বৰ মাহৰ। অৰ্থাৎ প্ৰায় এবছৰৰ পাছৰ এখন ফটোৰ সৈতে দুয়োখন ফটো সংযুক্ত কৰি এই ভুৱা পোষ্টটো প্ৰস্তুত কৰা হৈছে।

পিছৰ টকাভৰ্তি ফটোখন আছিল নেশ্যনেল ষ্টক এক্সেঞ্জৰ বুকাৰ সঞ্জয় গুপ্তাৰ দিল্লীৰ ঘৰত তালাচী চলোৱা সময়ত উদ্ধাৰ হোৱা টকাৰ। আয়কৰ বিভাগে সেই অভিযানত ১১ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে, সুধীৰ গাডগিল নামৰ বিধায়কজনৰ ভাতৃ গণেশ গাডগিল। তেওঁ চাংগিলৰ সেই কো-অপাৰেটিভ বেংকটোৰ চেয়াৰমেন আছিল।

২০১৬ চনৰ ১৪ মে'ত এই খবৰ প্ৰকাশ হৈছিল। সেই খবৰৰ কিছু অংশ এয়া-

Mumbai, Nov 14: Amid the government's demonetisation move, Rs six crore in scrapped notes of Rs 1000 and Rs 500 was today seized from a vehicle in Maharashtra's Osmanabad district. However, the persons carrying the cash in the vehicle claimed that the money belonged to an urban cooperative bank and was being taken to its headquarters, police said.

An election squad, on duty on Osmanabad-Tuljapur bypass road, intercepted a car this morning and found six bags of demonetised currency notes of Rs 1,000 and 500 in it, they said. The squad then alerted Tuljapur Police Station, following which police personnel reached the spot and detained the persons who were in the vehicle, police said, adding the vehicle was also impounded.

এই পুৰনি খবৰটোকে এতিয়া এচামে নতুন খবৰৰ ৰূপ দি দুটা পৃথক ঘটনাৰ ফটো সংযুক্তৰে ভুৱা বাতৰি ৰূপত অপ্ৰচাৰ চলাইছে। ইয়াৰ আঁৰত কোন সেয়া তদন্তত পোহৰলৈ আহিব। লোকসভা নিৰ্বাচনৰ সময়ত অবৈধ ধন সৰবৰাহ হয়। দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো বহু ধন, মাদক দ্ৰব্য নিৰ্বাচনী আয়োগৰ বিষয়া তথা ফ্লায়িং স্কোৱাড, আৰক্ষীৰ তালাচীত জব্দ হৈছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ১৮ এপ্ৰিললৈকে মুঠ নগদ ধন জব্দ হৈছে ৬৯৭.৬৪১ কোটি টকা। এই সময়ছোৱাত সুৰা জব্দ হৈছে ২১৯.২১২ কোটি টকা মূল্যৰ। সোণ আৰু অন্যান্য মূল্যবান ধাতু জব্দ হৈছে ৫১২.৩১৪ কোটি টকা মূল্যৰ।

নিৰ্বাচনৰ বতৰত ভোটাৰক আকৰ্ষণ কৰিবলৈ ৰাজনৈতিক দলসমূহে বিভিন্ন পন্থাৰ সহায় লয়। তাৰ ভিতৰত ধন বিতৰণ, সুৰা বিতৰণ বা অন্যান্য সা-সামগ্ৰী বিতৰণৰ দ্বাৰাই ভোটাৰক প্ৰলোভিত কৰাৰ চেষ্টা কৰে। এইবোৰ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। তাৰ মাজতেই আয়োগৰ চকুত ধূলি দি তেনে কাৰ্যৰ দ্বাৰা ভোটাৰক নিজৰ ফলীয়া কৰাৰ চেষ্টা কৰে প্ৰাৰ্থী তথা ৰাজনৈতিক দলসমূহে।

ভাৰতত এনে প্ৰক্ৰিয়াৰে ভোট লাভ কৰাৰ পৰম্পৰা বহু দিনৰ পৰাই চলি আহিছে। এইবোৰ প্ৰতিৰোধৰ বাবে আয়োগে ব্যৱস্থা ল'লেও তাত সফল হৈছে বুলি ক'ব নোৱাৰি। সেয়ে নিৰ্বাচনৰ সময়ত বিশাল পৰিমাণ ধন, সা-সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত আয়োগে দৃষ্টি ৰাখি আহিছে।

দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। এই দুই পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেইবাশ কোটি টকা জব্দ আৰু সুৰা তথা নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হৈছে। সকলোবোৰ সামগ্ৰী তথা ধন নিৰ্বাচনৰ কামত ব্যৱহাৰৰ বাবেই কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে অনা বুলি ক'ব নোৱাৰি। সামগ্ৰিকভাৱে এই প্ৰক্ৰিয়াক নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ছোৱাত আয়োগে বিভিন্ন পদ্ধতিৰে শেনচকু ৰাখে।

কেইবাজনো হাই প্ৰফাইল নেতাৰ হেলিকপ্টাৰত তালাচী চলোৱাৰ লগতে নেতা সকলৰ বাসগৃহতো আয়কৰ বিভাগে অভিযান চলাইছে। আনকি প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰত তালাচী চলাবলৈ যোৱা আয়োগৰ পৰ্যবেক্ষকৰ দায়িত্বত থকা আইপিএছ বিষয়াক নিলম্বন কৰাৰ দৰে ঘটনাও এইবাৰ ঘটিছে। কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আনকি তেওঁৰ হেলিকপ্টাৰত অভিযান চলাবলৈ যোৱা নিৰ্বাচনী বিষয়া তথা আৰক্ষীৰ দলক বাধা প্ৰদান কৰি ভাবুকি দিয়াৰ ঘটনাও ঘটিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকাৰী এনে ব্যৱহাৰৰ বিপৰীতে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে তেওঁ ব্যৱহাৰ কৰা হেলিকপ্টাৰৰ তালাচী চলোৱাৰ সময়ত পূৰ্ণ সহযোগ কৰা পৰিলক্ষিত হয়। নিৰ্বাচনৰ সময়ত এজন প্ৰাৰ্থী মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী হৈ নাথাকে। তেওঁৰ বিষয়বাব, তেওঁৰ ক্ষমতা অন্য এজন সাধাৰণ প্ৰাৰ্থীৰ দৰে একে হৈ পৰে। তথাপিও সকলো প্ৰাৰ্থীৰ ক্ষেত্ৰতে আয়োগে সমান কঠোৰতাৰে পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত ক'ৰবাত বিফল হোৱা যেন পৰিলক্ষিত হয়।

অপৰাধী প্ৰাৰ্থীৰ ক্ষেত্ৰত এইবাৰৰ নিৰ্বাচনৰ পৰা এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা আয়োগে ঘোষণা কৰিছিল। সেই ব্যৱস্থা অনুসৰি অপৰাধী প্ৰাৰ্থীয়ে তেওঁৰ অপৰাধৰ সবিশেষ বিজ্ঞাপন যোগে প্ৰকাশ কৰিব লাগিব বুলি ঘোষণা কৰা হৈছিল। কিন্তু এই নিয়ম প্ৰথম দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতো কোনো প্ৰাৰ্থীয়ে মানি চলা দেখা পোৱা নগ'ল।

নিৰ্বাচনৰ সময়ত উৰা বাতৰিয়ে যিকোনো ধৰণৰ বিৰূপ প্ৰভাৱ পেলাব পাৰে। আইন-শৃংখলাজনিত পৰিস্থিতি, ধৰ্মীয় মেৰু বিভাজনেৰে সাম্প্ৰদায়িক বিষবাষ্প কোনো দল বা প্ৰাৰ্থীৰ বিৰুদ্ধে জনমানসত হেয় কৰা প্ৰতিযোগিতা চলে কিছু লোকৰ মাজত। সাম্প্ৰতিক সময়ত পূৰ্বৰ তুলনাত অধিক তীব্ৰগতিত উৰা বাতৰিসমূহ বিয়পি পৰে। এনে উৰা বাতৰিত বিশ্বাস কৰাৰ পূৰ্বে সকলোবোৰ দিশ চালিজাৰি চোৱাৰ প্ৰয়োজন।

বিজেপি বিধায়কৰ বাহনৰ পৰা ২০ হাজাৰ কোটি টকা উদ্ধাৰ হোৱা বুলি চলোৱা এই অপপ্ৰচাৰৰ আঁৰতো ৰাজনৈতিক সমীকৰণ লুকাই থাকিব পাৰে। সেয়েহে এইবোৰ খবৰ সত্যাসত্যতা বিচাৰ কৰাৰ লগতে এনে অপপ্ৰচাৰৰ পৰা নিজকে বচাই ৰখাৰ প্ৰয়োজন। কোনে জানে এনে এক খবৰৰ পৰাই হ'ব পাৰে খাণ্ডৱ দাহ। তাতে এতিয়া ছ'চিয়েল মিডিয়াৰ প্ৰভাৱত যাৰ যি ইচ্ছা তাকেই কৰিব পৰা হৈছে।