/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/1bc09c27-6d14-4d87-87c4-1d15842bae43.jpg)
মৃদুল কুমাৰ সন্দিকৈ
দেশৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এজন আই এ এছ বিষয়াই। তেওঁৰ নাম আছিল টি এন শেষান। ১৯৫৫ বেটছৰ আই এ এছ বিষয়া আছিল তেওঁ। ১৯৯০চনৰ পৰা ১৯৯৬চনলৈকে তেওঁ দশমজন মুখ্য নিৰ্বাচন আয়ুক্ত ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
এই দায়িত্বত থকা সময়ত এইগৰাকী মুখ্য নিৰ্বাচন আয়ুক্তই স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কোনো আপোচ কৰা নাছিল। তেওঁ কাৰোলৈ ভয় কৰা নাছিল আৰু শাসক-বিৰোধী সকলোকে সমদৃষ্টিৰে চাইছিল।
নিৰ্বাচন অনুষ্ঠিত কৰা সময়ত যাতে কোনো দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ আছিল টি এন শেষান। তেওঁৰ দিনতেই এজন প্ৰাৰ্থীয়ে নিৰ্বাচনত কিমান টকা ব্যয় কৰিব পাৰিব সেই সন্দৰ্ভত সিদ্ধান্ত লৈ নিয়ম বান্ধি দিছিল এইগৰাকী মুখ্য নিৰ্বাচন আয়ুক্তই।
টি এন শেষানে কোনো শাসকীয় দলৰ পুতলা হ'ব বিচৰা নাছিল। তেওঁ মুখ্য নিৰ্বাচন হৈ থকা সময়ত ভোটাৰক যাতে উপধোকন দিব নোৱাৰে, নিৰ্বাচনৰ সময়ত যাতে সুৰা বিতৰণ কৰি ভোট আদায় কৰাৰ প্ৰয়াস কোনো প্ৰাৰ্থীয়ে কৰিব নোৱাৰে, ধৰ্মীয় আৰু জাত-পাতৰ গইনাৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাত বাধা, উচ্চহাৰত অনুমতি অবিহনে লাউড স্পীকাৰ ব্যৱহাৰত বাধা আদিৰ ক্ষেত্ৰত কঠোৰ আছিল এইগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত।
সেয়েহে এতিয়াও তেওঁক নিৰ্বাচন অনুষ্ঠিত হ'লেই প্ৰতিজন ভোটাৰে মনত পেলায়। বৰ্তমান ৮৭ বছৰীয়া টি এন শেষানে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈও কোনো দিনে আপোচ কৰা নাছিল। চেন্নাইত বাস কৰা টি এন শেষানে মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে গ্ৰহণ কৰা স্থিতিৰ বাবেই ৰাজনৈতিক দলবোৰৰ মাজত ধুমুহাৰ সৃষ্টি হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/8545b967-7c5e-4790-b445-cbd00df29fd4-1024x538.jpg)
এতিয়া তেওঁ বেছিভাগ সময় ইন্টাৰনেট আৰু লেখা-মেলা কামতেই ব্যস্ত থাকে। তেওঁৰ জন্ম হৈছিল ১৯৩২ চনৰ ১৫ ডিচেম্বৰত। ৮৭ বছৰীয়া টি এন শেষানৰ সম্পূৰ্ণ নাম তিৰুনেল্লাই নাৰায়ণা আয়ৰ শেষান। কেৰালাত জন্ম গ্ৰহণ কৰা শেষানে পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লৈছিল মাদ্ৰাছ খ্ৰীষ্টান কলেজৰ পৰা।
হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পাব্লিক এণ্ড এডমিনিষ্ট্ৰেশ্যনত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। ১৯৮৯চনৰ মাৰ্চৰ পৰা ১৮৯চনৰ ডিচেম্বৰলৈকে তেওঁ ভাৰত চৰকাৰৰ কেবিনেট সচিব আছিল। দেশৰ নিৰ্বাচনী সংস্কাৰৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয় টি এন শেষানক।
১৯৯০চনৰ ১২ ডিচেম্বৰত তেওঁ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ লৈ ১৯৯৬চনৰ ১১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল। মুখ্য নিৰ্বাচনী আয়ুক্ত হৈ থকা সময়তে তেওঁ ৫জনকৈ প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন প্ৰক্ৰিয়াৰে জড়িত হৈ আছিল।
মুখ্য নিৰ্বাচনী আয়ুক্ত হৈ থাকোতে তেওঁৰ প্রধান লক্ষ্য আছিল স্বচ্ছ নিৰ্বাচন আৰু কোনেও নিয়ম ভংগ কৰিব নোৱাৰিব। ইয়াৰ বাবে তেওঁ বহু ৰাজনৈতিক দলৰ ককৰ্থনাৰ সন্মুখীন হৈছিল। ৰাজনৈতিল দলবোৰে শেষানক শত্ৰু হিচাপে গণ্য কৰি শষান বনাম ৰাষ্ট্ৰৰ এক পৰিৱেশ সৃষ্টি কৰিছিল।
/https://media.assettype.com/asomiyapratidin/import/unsafe/620x350/smart/static.telegraphindia.com/derivative/THE_TELEGRAPH/1689000/16X9/image19718831-be31-4d74-9921-9d2b540d4354.jpg)
টি এন শেষানৰ দিনতেই ভোটাৰ আই ডি কাৰ্ডৰ ব্যৱস্থা কৰা হৈছিল আৰু নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ উদাহৰণ আছিল। চৰকাৰী যন্ত্ৰক যাতে কোনো শাসকীয় দলে ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে কঠোৰ আছিল টি এন শেষান।
ভাৰতীয় ৰাজনীতি আৰু নিৰ্বাচনী ব্যৱস্থা লৈ স্বচ্ছতা আনিবৰ বাবে টি এন শেষানে লোৱা এই পদক্ষেপ সমূহৰ বাবেই দেশৰ নিৰ্বাচনী ব্যৱস্থালৈ যথেষ্ট পৰিৱৰ্তন আহিছিল। প্রধানমন্ত্ৰী চন্দ্ৰ শেখৰে টি এন শেষানক মুখ্য নিৰ্বাচনী আয়ুক্ত পদত অধীস্থিত কৰাইছিল।
অতি নিয়মানুৱৰ্তী আৰু কঠোৰ বিষয়া হিচাপে শেষানে এই দায়িত্ব পালন কৰিছিল। ভোটদান প্ৰক্ৰিয়াত যাতে অধিক ভোটাৰে অংশ লয় তাৰ প্ৰতিও শেষান আছিল সচেতন। লগতে প্ৰাৰ্থীসকলৰ ওপৰত চকু দিবলৈ নিৰ্বাচনী পৰ্যবেক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত শেষানে যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।
১৯৯৬চনৰ সাধাৰণ লোকসভা নিৰ্বাচনত প্ৰতিটো সমষ্টিতেই তিনিজনকৈ পৰ্যবেক্ষক নিযুক্তি দিবলৈ নিৰ্বাচনী আয়োগে লোৱা সিদ্ধান্ত আছিল শেষানৰ এই দৃঢ়তাৰ ফল। যুগ যুগ ধৰি চলি অহা ৰাজনৈতিক দলৰ ইচ্ছা অনুসৰি প্ৰচাৰ প্ৰক্ৰিয়া, ভোটাৰক আকৰ্ষিত কৰিবলৈ ধৰ্মীয় ৰাজনীতিকৰণ আদি দিশত চোকা দৃষ্টি ৰাখিছিল শেষানে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/assets/images/2018/04/02/750x506/t-n-seshan_1522658386.jpeg)
নিৰ্বাচনৰ সময়ত শাসকীয় বিৰোধী কোনো প্ৰাৰ্থীয়ে যাতে নিৰ্বাচনী বিধি উলংঘা কৰিব নোৱাৰে, তাৰ বাবে তেওঁ লোৱা কঠোৰ পদক্ষেপৰ বাবে শেষানক সমালোচনা কৰিছিল বহু নেতাই। নিৰ্বাচনত কিমান টকা ব্যয় কৰিব সেয়া নিৰ্ধাৰিত কৰা মুল মানুহজন আছিল এইগৰাকী প্ৰাক্তন নিৰ্বাচন আয়ুক্ত।
সততা আছিল তেওঁৰ মূলধন। শেষানে শাসকীয় দলৰ হৈ কাম কৰা চৰকাৰী বিষয়াৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিছিল। এই সন্দৰ্ভত তেওঁ কৈছিল- যদি কোনো বিষয়াক নিৰ্বাচনী দায়িত্ব দিয়া হৈছে, তেন্তে তেওঁৰ কৰ্তৃত্ব তেওঁৰ হাতত। সততাৰে এই দায়িত্ব বিষয়াসকলে পালন কৰিবই লাগিব।
তেওঁ বিচাৰিছিল স্বাধীনভাৱে নিৰ্বাচন আয়োগে কাম কৰক। ইয়াত কাৰো প্ৰভাৱ থাকিব নালাগে। শেষানে দেৱালয়ত ৰাজনৈতিক দলৰ শ্ল'গান লিখাৰ কিছু নিয়ম বান্ধি দিছিল। যি দল বা প্ৰাৰ্থীয়ে চৰকাৰী বা ৰাজহুৱা স্থানত দেৱাল লিখনেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছিল সেই দল বা প্ৰাৰ্থীগৰাকীৰ দ্বাৰা সেইবোৰ পৰিষ্কাৰ কৰিব লাগিব বুলি নিৰ্দেশ দিছিল এইগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্তই।
কোনো দিনে ৰাজনীতিবিদৰ আঙুলিৰ ইচাৰাত নাচিব নিবিচৰা শেষানে কৈছিল- মই ব্ৰেকফাষ্টত ৰাজনীতিবিদক খাওঁ। এই মন্তব্যক লৈ যথেষ্ট বিতৰ্কি হৈছিল। টি এন শেষানক মুখ্য নিৰ্বাচনী আয়ুক্ত পতাত ক্ষেত্ৰত বিশেষ অৰিহণা আছিল সেই সময়ৰ কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী ড০ সুব্ৰমনিয়ম স্বামীৰ।
ড০ স্বামীয়ে শেষানক হাৱাৰ্ড বিশ্ববিদ্যালয়ত পঢ়াইছিল। তেতিয়াৰে পৰা তেওঁ জানিছিল শেষানক। এই প্ৰস্তাৱ লৈ সুব্ৰমনিয়ম স্বামী শেষানৰ কাষ চাপোতে তেওঁ প্ৰথম মান্তি হোৱা নাছিল। An Intimate Story নামৰ গ্ৰন্থত এই কথা লিখিছিল বিশিষ্ট সাংবাদিক কে গোবিন্দ কুট্টিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/news/624/cpsprodpb/B13E/production/_106247354_book.jpg)
ৰাজীৱ গান্ধীৰ সৈতে শেষানৰ আছিল ঘনিষ্ঠ সম্পৰ্ক। মুখ্য নিৰ্বাচনী আয়ুক্ত পদ লোৱাৰ পূৰ্বে তেওঁ ৰাজীৱ গান্ধীৰ মতামত গ্ৰহণ কৰিছিল। শেষানৰ কামত ৰাজীৱ গান্ধী ইমানেই সন্তুষ্ট হৈছিল যে, তেওঁৰ গুৰুত্বপূৰ্ণ বহু কাম শেষানৰ হাততেই অৰ্পন কৰিছিল।
এবাৰ ৰাজীৱ গান্ধীয়ে বিস্কুট খাই থাকোতে শেষানে তেওঁৰ মুখৰ পৰা বিস্কুটো কাঢ়ি লৈছিল। শেষানে কৈছিল প্রধানমন্ত্ৰীয়ে এনে বস্তু খাব নালাগে যিবোৰ আগতীয়া পৰীক্ষা কৰা নহয়। এবাৰ ১৫ আগষ্টত ৰাজীৱ গান্ধীয়ে বিজয় চকৰ পৰা ইণ্ডিয়া গেটলৈ দৌৰিব লৈছিল। প্রধানমন্ত্ৰীয়ে পিন্ধি আছিল ট্ৰেকচ্যুট। তেওঁৰ সমীপতে চ্যুট-টায় পিন্ধি ৰৈ আছিল শেষান। প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে শেষানক কৈছিল- 'চ্যুট-টায় পিন্ধি কি চাই আছা? দৌৰু আহা।' শেষানে উত্তৰ দিছিল- 'কিছু লোকে এনেদৰেই থিয় হৈ থাকিব লাগে যাতে দেশৰ প্ৰধানমন্ত্ৰীয়ে দৌৰিব পাৰে।'
কিছুসময়ৰ পাছত এনে হ'ল যি কথা ৰাজীৱ গান্ধীয়ে ভবা নাছিল। কেইমিনিট মান দৌৰাৰ পাছতেই ৰাজীৱ গান্ধী নিৰাপত্তাৰক্ষীয়ে ঘেৰি লৈ এখন গাড়ীৰ দিশে লৈ গ'ল। গাড়ীখন ষ্টাৰ্ট হৈ আছিল। তেওঁলোকে ৰাজীৱ গান্ধীক গাড়ীত উঠালে আৰু কেই মিনিটমানৰ ভিতৰতে লৈ গ'ল ঘৰলৈ। শেষানৰ নিৰ্দেশ আছিল প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো সুৰুঙা থাকিব নালাগে।
/https://media.assettype.com/asomiyapratidin/import/indiatoday/styles/photo_slider_753x543/public/images/photogallery/201105/tn-seshan-01_052111090652.jpg?ZdluObiobe6DD2PP3eJVAg63rg4ylHL0)
মুখ্য নিৰ্বাচনী আয়ুক্তৰ দায়িত্ব লৈয়ে শেষানে পূৰ্বৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ কাৰ্যালয়ৰ কোঠাত থোৱা মূৰ্তি আৰু দেৱ-দেৱীৰ ফটো আঁতৰাই পেলাইছিল। শেষান নিজে ধাৰ্মিক আছিল, কিন্তু মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে তেওঁ ধৰ্ম নিৰপেক্ষৰ চৰিত্ৰত উমান দিছিল এইদৰে।
ৰাজীৱ গান্ধীৰ হত্যাৰ পাছত চৰকাৰক নোসোধাকৈয়ে নিৰ্বাচন স্থগিত কৰাৰ সিদ্ধান্ত লৈছিল শেষানে। এটা সাক্ষাৎকাৰত শেষানে এবাৰ কৈছিল- পূৰ্বতে নিৰ্বাচন আয়োগ এই পৰ্যায়ত আছিল যে, এখন ৩০ টকীয়া কিতাপ কিনিবলৈও চৰকাৰৰ পৰা অনুমতি বিচাৰিব লগা হৈছিল। লগতে তেওঁ কৈছিল- মোৰ মনত আছে, মই কেবিনেট সচিব হৈ থাকোতে মোক প্ৰধানমন্ত্ৰীয়ে মাতি ক'লে নিৰ্বাচন আয়োগক ক'ব লাগে, কোন তাৰিখৰ পৰা চৰকাৰে নিৰ্বাচন বিচাৰে। তেতিয়া শেষানে এই কাম নকৰি প্রধানমন্ত্ৰীক উপদেশ দিছিল- এই নিৰ্দেশ আমি দিব নোৱাৰো। আমি মাত্ৰ ক'ব পাৰো যে চৰকাৰ নিৰ্বাচনৰ বাবে সাজু।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/f8c26ebe-3a72-455d-a905-408db79c4565.jpg)
শেষানে কেবিনেট সচিব হৈ থকা সময়তে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তক এবাৰ কেন্দ্ৰীয় আইন মন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত বহি থকা দেখা পাইছিল। শেষানৰ মতে, তেওঁ অপেক্ষা কৰি আছিল কেতিয়া তেওঁক ভিতৰলৈ মাতে। মই নিৰ্বাচন আয়ুক্ত হৈয়ে সিদ্ধান্ত লৈছিলো মোৰ সৈতে এনে হ'ব নোৱাৰে।
মুখ্য নিৰ্বাচন আয়ুক্তৰ দায়িত্ব লৈয়ে তেওঁ আৰু এটা কাম কৰিছিল। শেষানে দায়িত্ব লোৱাৰ পূৰ্বে নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা পত্ৰৰ খামত লিখা আছিল- নিৰ্বাচন আয়োগ, ভাৰত চৰকাৰ। শেষানে এই কথা সুক্ষ্মভাৱে লক্ষ্য কৰিছিল আৰু চৰকাৰক জনাই দিছিল- নিৰ্বাচন আয়োগ ভাৰত চৰকাৰৰ অংশ নহয়।
মুখ্য নিৰ্বাচনী আয়ুক্ত হৈয়ে তেওঁ চৰকাৰী বিষয়াক লেকাম লগাইছিল। এবাৰ চহৰ বিকাশ মন্ত্ৰণালয়ৰ সংযুক্ত সচিব কে ধৰ্মৰাজনক ত্ৰিপুৰাত হৈ থকা নিৰ্বাচনৰ পৰ্যবেক্ষক হিচাপে দায়িত্ব দিছিল। কিন্তু তেওঁ এই দায়িত্ব পালন কৰাৰ বিপৰীতে আগৰতলালৈ নগৈ থাইলেণ্ডলৈ গুচি গৈছিল।
শেষানে উচিত শিক্ষা দিছিল এই বিষয়াগৰাকীক। নিৰ্বাচন আয়োগৰ কিমান শক্তি তেওঁ উপলব্ধি কৰিছিল। ২ আগষ্ট, ১৯৯৩চনত ৰাখিবন্ধনৰ দিনা টি এন শেষানে এখন ১৭ পৃষ্ঠাৰ নিৰ্দেশ জাৰি কৰিছিল। যেতিয়ালৈকে চৰকাৰে নিৰ্বাচন আয়োগৰ ক্ষমতাক মান্যতা নিদিয়ে তেতিয়ালৈকে দেশত কোনো নিৰ্বাচন অনুষ্ঠিত কৰা নহয়।
শেষানৰ মতে, সংবিধানে দিয়া নিৰ্বাচন আয়োগৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰে দমন কৰি ৰাখে। সেই ক্ষমতা বিচাৰি তেওঁ ৰাজ্য সভা আৰু বিধানসভাৰ নিৰ্বাচন বন্ধ কৰি ৰাখিছিল। এই বিষয়ক লৈ দেশজুৰি চৰ্চা হৈছিল। তেওঁ পশ্চিমবংগৰ ৰাজ্যসভাৰ আসনৰ বাবেও নিৰ্বাচন অনুষ্ঠিত হ'ব দিয়া নাছিল। যাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী প্ৰণৱ মুখাৰ্জীয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।
পশ্চিমবংগৰ তেতিয়াৰ মুখ্যমন্ত্ৰী জ্যোতি বসু শেষানৰ ওপৰত ইমান ক্ষুব্ধ হৈছিল যে শেষানক তেওঁ 'পাগল কুকুৰ' আখ্যা দিছিল। প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল- আমি আগতে কাৰখানাত লকআউট কৰা কথা শুনিছিলো, কিন্তু নিৰ্বাচন আয়োগক লকআউট কৰা এয়া প্ৰথম দেখিলো।গণতন্ত্ৰক শেষানে লকআউট কৰা আখ্যা দিছিল বিশ্বনাথ প্ৰতাপে।
চৰকাৰে নিৰ্বাচন আয়োগ আৰু শেষানক কাবু কৰিবৰ বাবে আন দুজন নিৰ্বাচন আয়ুক্তৰ নিযুক্তিৰ সিদ্ধান্ত লৈছিল। সেই অনুসৰি জি ভি এছ কৃষ্ণমূৰ্তি আৰু এম এছ গীলক দেশৰ নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিছিল কেন্দ্ৰীয় চৰকাৰে। সেইদিনা শেষান আছিল দিল্লীৰ বাহিৰত।
এই কথাত শেষান ক্ষুব্ধ হৈ পৰে। নিৰ্বাচন আয়োগত কৃষ্ণমূৰ্তিক বহিবলৈও শেষানে বহিবলৈ চকীও দিয়া নাছিল। এই অভিযোগ ৰাষ্ট্ৰপতিক দিব লগা হৈছিল কৃষ্ণমূৰ্তিয়ে। কোনো দিনে চৰকাৰে নিযুক্তি দিয়া এই দুই নিৰ্বাচনী আয়ুক্তক গুৰুত্ব নিদিলে শেষানে।
/https://media.assettype.com/asomiyapratidin/import/thumb/msid-63578086,width-400,resizemode-4/seshan-rumor.jpg)
এবাৰ আমেৰিকালৈ যাওঁতে তেওঁৰ দায়িত্ব দি গৈছিল উপ-নিৰ্বাচনী আয়ুক্তগৰাকীক। উচ্চতম ন্যায়ালয় পাইছিলগৈ এই বিষয়টো। কিন্তু শেষানে হাৰি যোৱা নাছিল। অতি সাধাৰণ আছিল শেষানে। কমদামী এটা বল পেনেৰে তেওঁ কাৰ্যালয়ৰ কাম-কাজ চলাইছিল। এটা সাধাৰণ ঘড়ী পিন্ধিছিল শেষানে।
কিন্তু এতিয়া নিৰ্বাচন আয়োগক লৈ পুনৰ প্রশ্ন উঠিছে। আদালতত এই বিষয় উত্থাপন হৈছে যদিও, ন্যায়ালয় সেই দায়িত্ব নিৰ্বাচন আয়োগলৈ ঠেলি দিছে। প্ৰধানমন্ত্ৰী, শাসকীয় দলৰ সভাপতি তথা নেতাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ উদাস বুলি প্ৰশ্ন উত্থাপিত হৈছে। প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ তালাচী কৰা আই এ এছ বিষয়াক নিলম্বনৰ নিৰ্দেশ দিছিল আয়োগে।
নিৰ্বাচনী সভাত নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ প্রধানমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন হোৱাৰ পাছতো সেয়া অস্বীকাৰ কৰি প্ৰধানমন্ত্ৰীক ক্লিনশ্বীট দিছে নিৰ্বাচন আয়োগে। কিন্তু শেষান আছিল ব্যতিক্ৰম। টি এন শেষান মুখ্য নিৰ্বাচনী আয়ুক্ত হৈ থকা সময়ত মানুহে কৈছিল- ৰাজনীতিবিদসকলে এতিয়া কেৱল দুজনকেই ভয় কৰে। তাৰে এজন ঈশ্বৰ আৰু আন জন টি এন শেষান।