/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/ce23caef-40d1-4c86-9097-e5fa270913d5.jpg)
মৃদুল কুমাৰ সন্দিকৈ
সন্মুখত বহু লোক। কানহাইয়া কুমাৰ তেতিয়া মঞ্চত। এগৰাকী ছাত্ৰীয়ে তেওঁক সুধিলে- 'পুত্ৰ-কন্যা, ঘৰ-সংসাৰ এৰি দি বুদ্ধ দেৱে জ্ঞানৰ সন্ধানত ওলাই গৈছিল। ঠিক একেদৰে মোডীয়ে পত্নী, ঘৰ-সংসাৰ এৰি দেশসেৱাত লাগিছে। সেইজন মানুহৰ ব্যক্তিগত জীৱনক লৈ সমালোচনা কৰাৰ প্ৰয়োজন আছেনে?'
এটা ডাঙৰ প্ৰশ্ন সেই মুহূৰ্তত কানহাইয়াৰ সন্মুখত। কিয়নো মোডীক সততে আক্ৰমণ কৰা কানহাইয়াই প্ৰায়ে মোডীৰ পত্নীৰ সন্দৰ্ভত প্ৰশ্ন তোলে। কিছু সময় ৰৈ কানহাইয়াই উত্তৰ দিছিল- 'হয়, ব্যক্তিগত জীৱনক লৈ কাকো আক্ৰমণ কৰিব নালাগে। এয়া মই মানি লওঁ।'
তাৰপাছত কানহাইয়া কুমাৰে এই প্ৰশ্নৰ উত্তৰ কোৱা কথাৰ সাৰাংশ আছিল এনে ধৰণৰ। মোডীৰ নাম নোলোৱাকৈ তেওঁ কৈছিল- যদি সেই জীৱন সমাজ জীৱনৰ সৈতে জড়িত হয় তেনেহ'লে কেতিয়াবা প্ৰশ্ন কৰিব লগা হয়।প্ৰধানমন্ত্ৰী হিচাবে তেওঁ কি কৰিছে এবাৰ চাইছেনে?
তেওঁ মাৰ্কেটিং কৰে। তেওঁ পত্নীৰ কথা তেতিয়াহে উল্লেখ কৰিলে, যেতিয়া নিৰ্বাচন আয়োগে পত্নীৰ সন্দৰ্ভত তথ্য দিব লগাতো বাধ্যতামূলক কৰিলে। আপোনালোকে চাওঁক, বিমুদ্ৰাকৰণৰ সময়ত তেওঁ মাতৃক শাৰীত থিয় কৰাই দিলে। তাৰ পাছত প্ৰচাৰ চলিল- মোডীৰ মাতৃও এইদৰে লাইনত থিয় হৈছে।
কোনোবা পুত্ৰই ৮০ উৰ্ধ্বৰ মাতৃক বিমুদ্ৰাকৰণৰ পাছত এইদৰে লাইনত থিয় কৰাই নিজেই বাহ বাহ লোৱাৰ উদাহৰণ আছেনে? এই শাসকীয় দলটোৱে অটল বিহাৰী বাজপেয়ীৰ দিনত প্ৰচাৰ চলাইছিল- ঘৰ-সংসাৰ নথকা মানুহ, কোনো কেলেংকাৰী নকৰে বা ধন-সম্পত্তিৰ প্ৰতি লালসা নাই। মোডীৰ ক্ষেত্ৰতো একেই প্ৰচাৰ চলোৱা হৈছে।
শেহতীয়াকৈ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীআদিত্য নাথৰ ক্ষেত্ৰতো একেই কথা। তাৰমানে কি? বিবাহিত প্ৰতিজন মানুহেই দুৰ্নীতি পৰায়ন? সম্বলৰ ডকাইতবোৰে লুটপাত চলাইছিল। তেওঁলোকতো বিবাহিত নাছিল। কোনজন লোকে মাকক সাক্ষাৎ কৰিব যাওঁতে কেমেৰা-সাংবাদিক লৈ যায়? এইদৰে নিজৰ মাকক লৈও মাৰ্কেটিং কোনোবাই কৰিব পাৰেনে? তেনেবোৰ কথা ব্যক্তিগত বুলি এৰি দিব পাৰি নেকি?
কানহাইয়াই আৰু এক প্ৰশ্নৰ সন্মুখীন হয় প্ৰায়। মোডীৰ সন্দৰ্ভত তেওঁ ইমান সৰৱ, ৰাহুল গান্ধীক লৈ তেওঁ একো নকয় কিয়? প্ৰশ্নকৰ্তাক কানহাইয়াই সুধিছিল- কোন ৰাহুল গান্ধী? ৰাহুল গান্ধী কোন হয়? প্ৰশ্নকৰ্তা নিমাতে ৰৈছিল। কানহাইয়াই কৈ গৈছিল- আজিৰ তাৰিখত ৰাহুল গান্ধী মোৰ দৃষ্টিত একো নহয়। তেওঁ প্ৰধানমন্ত্ৰী, নে ৰাষ্ট্ৰপতি?
অ' মই ২০১৪চনৰ আগলৈকে একেবোৰ কথা ড০ মনমোহন সিং তথা কংগ্ৰেছক সুধিছিলো। মোৰ ফেচবুকৰ টাইমলাইনৰ ২০১৪ৰ আগৰ পোষ্টবোৰ চালে আপুনি স্পষ্ট হ'ব। এতিয়া মই প্ৰধানমন্ত্ৰী ৰূপে মোডীক প্ৰশ্ন নকৰি, কাক কৰিম?
৬০ বছৰে দৰিদ্ৰতা নিৰ্মূলৰ বাবে কি কৰিলে কংগ্ৰেছে? সেই যুক্তিতে যদি মোডী চৰকাৰেও একো নকৰে, তেন্তে পৰৱৰ্তী সময়ত কংগ্ৰেছৰ চৰকাৰ আহিও ক'বহি- মোডীয়ে চোন একো নকৰিলে। এনেদৰে এখন দেশ চলে নেকি?
শাসক দলে বা প্ৰধানমন্ত্ৰীয়ে উত্তৰ দিব লাগিব। বিৰোধীৰ দায়িত্ব প্ৰশ্ন কৰা। কিন্তু এতিয়া এনে এক পৰিৱেশে বিৰাজ কৰিছে- বিৰোধীকহে প্ৰশ্ন কৰে শাসকীয় দলে। মোডীয়ে প্ৰায়ে কয়- বিৰোধীয়ে কাম কৰিব নিদিয়ে। ইমান বৃহৎ সংখ্যক আসন লৈ ২০১৪ত শাসনলৈ আহিল এন ডি এ। দেশৰ প্ৰায়বোৰ ৰাজ্যতে বিজেপিৰ শাসন। তাৰ পাছত বিৰোধীৰ সন্দৰ্ভত এই কথা মানি ল'ব পাৰি নেকি?
কোন হ'ব প্ৰধানমন্ত্ৰী? সেয়া নিৰ্বাচিত সাংসদে তেওঁলোকৰ দলীয় নেতা নিৰ্বাচন কৰি তেওঁক দায়িত্ব দিয়ে। আৰু তেওঁ মন্ত্ৰীসভা গঠন কৰে। ভাৰতীয় গণতন্ত্ৰত এয়া পৰম্পৰা। কিন্তু এতিয়া হৈছে কি? আকৌ এবাৰ মোডী চৰকাৰ। মোডী প্ৰধানমন্ত্ৰী হ'ব সেয়া নিশ্চিত কৰি দেশবাসীৰ কাষ চাপিছে। আমাৰ দেশততো আমেৰিকাৰ দৰে নিৰ্বাচন নহয় যে, দেশৰ জনসাধাৰণে পোনপটীয়াকৈ ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰি পঠিয়াব। কিন্তু এতিয়া এয়াই হৈ আছে।
এতিয়া এই নৰেন্দ্ৰ মোডীক এইবোৰ কথা নুসুধি বা শাসকীয় দলক এনে প্ৰশ্ন নকৰি কাক কৰিব লাগিব? যদি ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হয় তেন্তে ৰাহুল গান্ধীৰ প্ৰতিও একেই প্ৰশ্ন প্ৰয়োজনত আমি কৰিম। শাসনলৈ যি আহে তেওঁক আমি কিছু কথা সুধিবলগীয়া থাকে।
২০১৪চনৰ আগলৈকে নৰেন্দ্ৰ মোডীক আমি টু শব্দও কোৱা নাছিলো। প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তেওঁ এইবোৰ প্ৰশ্ন উত্তৰ দিবলৈ বাধ্য। কানহাইয়া কুমাৰে আন এক ভাষণত মোডীৰ মিথ্যাচাৰক লৈ প্ৰশ্ন তুলিছিল। তেওঁ কৈছিল- সকলোৱে কয় নৰেন্দ্ৰ মোডী এজন সত্যবাদী মানুহ। কোনোবাই মানি ল'ব পাৰে, কোনোবাই নোৱাৰে। কিন্তু 'ইউনিভাৰ্ছিয়েল ট্ৰুথ' বুলি যিবোৰ কথা থাকে, সেইবোৰৰ দৰে ক'ব পাৰি- মোডী এজন 'ইউনিভাৰ্ছিয়েল মিছলীয়া'।
অপেক্ষা মাত্ৰ কেইটামান ঘণ্টাৰ। মোডীয়ে হওঁক বা আন কোনোবা, দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব। কিন্তু যোৱা ৫ বছৰত মোডীয়ে কৰা কামবোৰৰ বাবে এক নিৰপেক্ষ বিশ্লেষণ কৰাত কাৰো আপত্তি থাকিব নোৱাৰে।
দেশবাসীয়ে কাক শাসনৰ বাকজৰী গতাই সেয়া ইভিএমত বন্দী হৈ আছে। তাৰ পূৰ্বে এগজিট প'লৰ জৰিয়তে এনে এক পৰিৱেশ ৰচনা কৰা হ'ল, সেয়া এগজিট প'ল নে 'এগজেক্ট প'ল' তাৰ পাৰ্থক্য শাসকীয় দলে মন কৰা নাই।
ইতিমধ্যে দিল্লীত ৰাজনৈতিক ডিনাৰ পাৰ্টি অনুষ্ঠিত হৈ গৈছে। মোডীক প্রশংসাৰে উপচাই পেলোৱা হৈছে। ফুলৰ মালা পিন্ধাই অভিনন্দন জনোৱা হৈছে। এগজিট প'লৰ পাছতেই কোনো ৰাজনৈতিক দলৰ এই তৎপৰতা আচলতে হাস্যকৰ।
প্ৰকৃত ফলাফল অহালৈ বাট নাচায়, এনেদৰে এগজিট প'লৰ আধাৰত চৰকাৰ গঠনৰ কুচকাৱাজক কোৱা হয়- 'গছত কঠাল, ওঁঠত তেল…'। মঙলবাৰে অৰ্থাৎ ২১ মে' ২০১৯ত দিল্লীৰ পঞ্চতাৰকা হোটেল অশোকাত আয়োজন কৰা ভোজমেলত শিৱসেনা, জে ডি ইউ, এ আই ডি এম কে, অগপ, আৰ পি আই, এন পি পি, গোৱা ফ'ৰৱাৰ্ড, আপনা দল, আই এল পি, আই পি টি এফকে ধৰি এন ডি এৰ অংশীদাৰ হোৱা ৰাজনৈতিক দলবোৰৰ নেতৃত্বও উপস্থিত আছিল।
মোডীৰ প্ৰতি সন্মান জনায় সৰ্বসন্মতি ক্ৰমে কেইবাটাও প্ৰস্তাৱ লোৱা হ'ল এই নৈশভোজত। এন ডি এৰ মিত্ৰদলক ১৩০ কোটি ভাৰতীয়ৰ সপোন আৰু আশাংকাৰ মিত্ৰজোঁট বুলি কোৱা হ'ল। এন ডি এ ভাৰতৰ জনতাৰ কণ্ঠত পৰিণত হৈ বুলি আত্মপ্ৰত্যয়ত ডুব গ'ল তেওঁলোক।
ভোটবেংকৰ ৰাজনীতি চলিছে বুলি উল্লেখ কৰি ভোট বেংকৰ ৰাজনীতিৰ বিৰুদ্ধে সংকল্প ল'লে তেওঁলোকে। ৰাষ্ট্ৰ নিৰ্মাণক অগ্ৰাধিকাৰ দিব বুলি সংকল্প লোৱা সকলে হয়তো নিজৰ গাত চিকুট এটা মাৰি নাচালে।
প্ৰধানমন্ত্ৰী মোডীয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানক তীৰ্থ যাত্ৰাৰ সৈতে তুলনা কৰিলে। মোডীৰ মতে এই নিৰ্বাচন ৰাজনৈতিক দলে নহয়, জনতাই খেলিছে। বহু নিৰ্বাচন দেখাৰ কথা উল্লেখ কৰি ২০১৯ৰ লোকসভা নিৰ্বাচনক তেওঁ আটাইবোৰ নিৰ্বাচনৰ উৰ্ধত আৰু উত্তম বুলি উল্লেখ কৰিলে।
পিছ পৰি নাথাকিল অমিত শ্বাহ। অমিত শ্বাহে টুইটাৰত ক'লে- মই টীম মোডীৰ চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকলাপ, কঠোৰ পৰিশ্ৰম আৰু অৱদানক ধন্যবাদ জনাইছো। নতুন ভাৰতৰ বাবে মোডীৰ নেতৃত্বত এই ধাৰা অব্যাহত থাকিব।
ইভিএমক লৈ চলা চৰ্চাক অনাৱশ্যকীয় চৰ্চা আখ্যা দিলে মোডী আৰু অমিত শ্বাহে। কিন্তু এই চৰ্চা কিয় হ'বলৈ পাইছে? নিৰ্বাচন আয়োগৰ খোদ এজন নিৰ্বাচনী আয়ুক্তই কিয় মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ লিখিব লগা হ'ল?
এইবোৰৰ উত্তৰ কোনে দিব? ইভিএমৰ সুৰক্ষাক লৈ বিৰোধীয়ে প্ৰশ্ন তুলিছে। উত্তৰপ্ৰদেশত ষ্ট্ৰং ৰূমৰ সন্মুখত সন্দেহজনক ভাৱে ই ভি এম উঠোৱা-নমোৱা কৰা হৈছে। সেই ঘটনাবোৰ কিয় হ'বলৈ পালে? নিৰ্বাচনী আচৰণ বিধি কেৱল বিৰোধীৰ বাবে নেকি? দেশৰ সেনা বাহিনীক মোডীৰ সেনা বুলি কোৱা সকল কিয় বাচি গ'ল? প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰত তালাচী চলোৱা বিষয়াক কিয় নিৰ্বাচন আয়োগে নিলম্বনৰ দৰে সিদ্ধান্ত লৈ পিচ হুহুকিব লগা হ'ল?
অতি পৰিকল্পিতভাৱে এই নিৰ্বাচনত দেশৰ জনতাৰ মাজত দেশপ্ৰেমৰ ভাব জাগৃত কৰিবলৈ বালাকোটৰ আক্ৰমণৰ আশ্ৰয় ল'লে শাসক দলে। কিন্তু এইখন চৰকাৰে নিৰ্বাচন শেষ নোহোৱালৈকে এই কথা ৰাজহুৱা কৰিব নোৱাৰিলে যে, বালাকোটৰ আক্ৰমণৰ পাছত পাকিস্তানৰ বায়ু সেনাই ভাৰতলৈ আক্ৰমণ কৰিবলৈ আহোতে নিজৰ মিছাইলেৰে পাক সেনাৰ বিমান বুলি ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু হেলিকপ্টাৰকে ভূপতিত কৰিলে। সেই খবৰ লুকুওৱা হ'ল কিয়?
পাকিস্তানৰ দৰে ভাৰতৰ মাটিত ইচ্ছা গ'লেই প্ৰৱেশ কৰি চীনে বীৰত্ব প্ৰদৰ্শন কৰে। সেই চীনৰ বিৰুদ্ধে ভাৰতৰ স্থিতি কি? শক্তিশালী চীনৰ বিৰুদ্ধে কিয় ভাৰতে শক্তিশালী ভূমিকা ল'ব পৰা নাই? ২ কোটি চাকৰি সৃষ্টি হ'ল নে, লাখ লাখ নিবনুৱাই চাকৰি হেৰুৱালে?
যোৱা ৫ বছৰত বিজ্ঞাপন, প্ৰচাৰ আৰু ন ন কৌশলেৰে ফঁটা ঢোল বজোৱা এইখন চৰকাৰে পুঁজিপতিসকলৰ বাবে ঠিকেই কৰিলে, কিন্তু দৰিদ্ৰ সকলৰ অৱস্থা কি হ'ল এবাৰ ভাবি চাইছেনে? বেংকৰ একাউণ্টত ন্যূনতম ধনৰাশি নাথাকিলে নিজৰ ধনৰ পৰাই জৰিমনা কাটে। এয়া কেনে নিয়ম?
পেট্ৰ'লৰ দাম কিহৰ বাবে বৃদ্ধি হ'ল? মূল্যবৃদ্ধি হোৱা নাইনে? কৃষকে কিয় আত্মহত্যা কৰিব লগা হ'ল? অৰাজনৈতিক সাক্ষাৎকাৰ দি আম খোৱাৰ কথা কোৱা প্ৰধানমন্ত্ৰীয়ে আম উৎপাদন কৰা খেতিয়কসকলৰ কথা কিয় এবাৰো নক'লে?
অসমৰ ক্ষেত্ৰতেই মোডীয়ে আহি কিমান প্ৰতিশ্ৰুতি দিছিল? ২০১৪চনৰ নিৰ্বাচনৰ সময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দিয়া মোডীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ বাবে দিয়া নিৰ্দেশ কোনোবাই পালন কৰিলেনে?
বিদেশী সমস্যাৰ সমাধান কৰাৰ সলনি বিদেশীৰ বোজা জাপি দিবলৈ চেষ্টা চলালে। অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিম বুলি কয় পিছত সেইবোৰ পাহৰিলে। ব্ৰহ্মপুত্ৰ খনন কি হ'ল? ৰাজ্যৰ সামাজিক আৰু অৰ্থনৈতিক দিশত উল্লেখ কৰিব পৰাকৈ মোডী চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কৰা কেইটামান কামৰ উদাহৰণ কোনোবাই দিব পাৰিবনে?
এটা কামেই তেওঁ ভালদৰে কৰিব জানে, সেয়া হ'ল 'মাৰ্কেটিং'। নিজক সঁচা-মিছা সাঙোৰি প্ৰক্ষেপ কৰিব পাৰে মোডীয়ে। আচলতে তেওঁ এজন ভাল মেনেজ মাষ্টাৰ। নিৰ্বাচনৰ পূৰ্বে নিজকে চকীদাৰ আখ্যা দিয়া এইজন মোডীয়েই জানো কোনোবা পুঁজিপতি ব্যৱসায়ীৰ পৰা উপহাৰ স্বৰূপে লোৱা সোণৰ সূতাৰে সিয়া ছ্যুট-টায় পিন্ধি আমেৰিকাৰ ৰাষ্ট্ৰপতিক আদৰা নাছিল?
দেশতকৈ বিদেশত বেছি সময় কটোৱা, যি বিদেশী ৰাষ্ট্ৰলৈ গৈছে তাতেই নিজক নায়কৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ ভাৰতৰ ৰাজভঁড়ালৰ ধন ব্যয় কৰা, মোডীৰ মেক ইন ইণ্ডিয়া, স্বচ্ছ ভাৰত আদি আঁচনিবোৰ কি অৱস্থাত আছে? তাৰ প্ৰশ্নৰ উত্তৰ মোডীয়ে নিদি দিব কোনে?
এই কথাবোৰ কোনোবাই সুধিলেই যদি দেশদ্ৰোহী হয়, তেন্তে মিছা আশ্ৰয় লৈ জনতাক বিভ্ৰান্ত কৰা এইসকল নেতা কি? প্ৰচাৰ আৰু বিজ্ঞাপনৰ নামত মোডী চৰকাৰে কিমান ধন ব্যয় কৰিলে? সেয়া কোনোবাই ভাবিছেনে?
শাসনলৈ আহিয়েই ধর্মীয় মেৰু বিভাজনেৰে জাত-পাতৰ ৰাজনীতি অতি কৌশলেৰে আৰম্ভ কৰি মোডী তথা শাসকীয় দলটোৱে আচলতে এক কলুষিত ৰাজনৈতিক পৰিৱেশৰ বাবে দায়ী বুলি বিশ্বৰ প্ৰতিষ্ঠিত 'টাইম' মেগাজিনে ক'বলৈ বাধ্য হ'ল। মোডীক এদিন বিশ্বৰ প্ৰভাৱশালী নেতাৰ শাৰীত থোৱা বিশ্বৰ সংবাদমাধ্যমৰ দৃষ্টিতেই মোডীৰ এই স্খলন কোনোবাই দেখক বা নেদেখক, নিৰপেক্ষজনে ঠিকেই দেখে।
২০১৪চনৰ ১৬ মে'ত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত আনন্দত বহু দেশবাসী বুৰ গৈছিল। কিয়নো সকলোৱে ভাবিছিল পৰিৱৰ্তন আহিব। কিন্তু আহিল জানো পৰিৱৰ্তন? বৃহস্পতিবাৰে নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছতেই নতুন প্ৰধানমন্ত্ৰীয়ে দায়িত্ব ল'ব ৫ বছৰৰ বাবে। তাৰ পূৰ্বেই এক কাহিনী ক'লে যোৱা ৫ বছৰত কি হ'ল সেয়া ৰাইজে ভালদৰে বুজিব।
২০১৪চনৰ ১৬ মে'ত নিৰ্বাচনী ফলাফল লাভ কৰাৰ পাছত বিজেপিৰ এজন সমৰ্থক আনন্দতে বেহুছ হৈ পৰিল। ক'মাত গুচি যোৱা সেই সমৰ্থকজনে নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে পুনৰ সাৰ পালে। ৬০ মাহ তেওঁ ক'মাতেই আছিল। হুছ অহাৰ পাছত কাষতে থকা ডাক্তৰজনক সুধিলে- মই ইয়াত থকা কিমান দিন হ'ল? ডাক্তৰজনে উত্তৰ দিলে- ৫ বছৰ। তাৰপাছত তেওঁ ডাক্তৰজনক এটা এটাকৈ প্ৰশ্ন সুধি গ'ল-
- দুৰ্নীতিমুক্ত ভাৰতত থাকি কেনেকুৱা লাগে?
- ৰবাৰ্ট বাদ্ৰা এতিয়া কোনখন জে'লত আছে?
- ৰাহুল আৰু ছোনিয়া গান্ধী জে'লত আছে নে ইটালীলৈ পলাই গ'ল?
- আমেৰিকাই এতিয়াও ভাৰতক হাতযোৰ কৰি থাকেনে?
- লাহোৰ ৰাজস্থান নে কাশ্মীৰত চামিল হ'ল?
- চীনত এতিয়া হিন্দী ভাষা চলে নে চাইনীছে চলি আছে?
- ক'লা ধনবোৰ গণনা কৰোতে কিমান দিন লাগিছিল?
- ৩৭০ ধাৰা আঁতৰাই দিয়াৰ পাছত বৰ গণ্ডগুল হৈছিল নেকি?
- ৩৫ টকাত এতিয়া ১ ড'লাৰ পাইনে?
- পিয়াজ, বিলাহী, চাউল, দাইল এতিয়া চাগৈ ফ্ৰীতে পাই ন?
- আমাৰ গাঁৱৰ পৰা লক্ষ্ণৌলৈ সপ্তাহত কেইখন বুলেট ট্ৰেইন চলে?
- ৰাম মন্দিৰ বনাওতে কিমানদিন লাগিল বাৰু?
- ২০১৪ৰ ১৭ মে'ত ভাৰতৰ পৰা বাংলাদেশীবোৰ পলাওঁতে কি পৰিস্থিতি হৈছিল?
- এতিয়াতো আমাৰ গৰীববিলাকৰ একাউণ্টত লাখ লাখ টকা আছে চাগৈ ন'?
- দেশত চাগৈ প্ৰতিজন লোকেই লাখপতি?
- মোডী অহাৰ পাছত এজনীও মহিলাক কোনেও বলাৎকাৰ কৰা নাই নিশ্চয়?
- প্ৰতিশোধ লৈ পাকিস্তানত সোমাই পাক সেনা বধ কৰি লৈ অহা পাকিস্তান সেনাৰ সাজ-পোছাক, অস্ত্ৰ-শস্ত্ৰবোৰ কোনটো মিউজিয়ামত আছে?
- মোক মোডীৰ অন্ধভক্ত বুলি গালি পৰা সকলে মোডীৰ কাম দেখি চাগৈ এতিয়া লাজতে তলমূৰ নকৰেনে?
এই প্ৰশ্নবোৰৰ উত্তৰত ডাক্তৰজনে কেৱল ক'লে- হেৰা এইবোৰ একো হোৱা নাই। মই ইমানেই জানো- শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে মোডীৰ ভৰিত ধৰি মাত্ৰ সুধিছে- মহাশয়, ইমান ডাঙৰ ডাঙৰ কৈ চিঞৰি চিঞৰি মিছা কথাবোৰ কেনেকৈ কয়? মোডীয়ে উত্তৰ দিলে- মিছা কথা ক'বলৈ সাহস লাগে। আমাৰ দেশৰ মানুহবোৰে সঁচা মিছা বিচাৰ কৰাতকৈ আৱেগৰ ঢৌত চলে। সেই কাম ভাৰততহে সম্ভৱ, শ্ৰীলংকাত নহয়।
হয়তো মোডীয়ে আকৌ হ'ব প্রধানমন্ত্ৰী, যদি এগজিট প'লৰ ফলাফল মিলে। কিন্তু এইটো ঠিক, এই কথাবোৰ সুধিবলৈ, এই প্ৰশ্নবোৰ কৰিবলৈ মোডীয়ে পুনৰবাৰ সুযোগ দিব। যদিও তেওঁ সংবাদমাধ্যমৰ সন্মুখীন হ'বলৈ ভয় কৰে, ৫বছৰীয়া কাৰ্যকালত নিৰ্বাচন অন্ত পৰাৰ পাছত এদিনৰ বাবে সংবাদমাধ্যমৰ সন্মুখত বহি সংবাদমেল সম্বোধন কৰা প্ৰধানমন্ত্ৰীয়ে আজি নহ'লেও এদিন কিন্তু এইবোৰ প্ৰশ্নৰ সন্মুখীন হ'বই লাগিব। মোডীক ভগৱানৰ শাৰীত থোৱা সকলে তেওঁলোকে মোডীক ভুল বুলি ক'লে আৰু সমালোচনা কৰিলে সহ্য নকৰে। কিন্তু মোডী কেৱল তেওঁলোকৰেই প্ৰধানমন্ত্ৰী নহয়, এখন দেশৰ প্ৰধানমন্ত্ৰী ৰূপে তেওঁ এই প্ৰশ্নবোৰৰ উত্তৰ এদিন নহয় এদিন দিবই লাগিব। সমৰ্থকে ক্ষমা কৰিলেও, দেখি নেদেখাৰ ভাও জুৰিলেও সময় আৰু পৰিস্থিতিয়ে কাকো ৰেহাই নিদিয়ে।
আকৌ এবাৰ মোডী চৰকাৰ। সেই শ্ল'গান আওৰাই থকা সকলেও এনে ধাৰা অব্যাহত থাকিলে এদিন নিজেই আত্মউপলব্ধিৰে নিজক সংশোধন কৰিব। লগতে এক প্ৰশ্ন উত্থাপন হৈছে সংবাদমাধ্যমক লৈ। এগজিট প'লৰ পাছত দেশৰ একাংশ প্ৰতিষ্ঠিত সংবাদমাধ্যমে চৰকাৰৰ হেঁচাত এ চি ৰূমত বহি চৰকাৰে বিচৰা ধৰণেই এগজিট প'ল তৈয়াৰ কৰা বুলি সমালোচনা হৈছে। ২৩ মে'ত নিৰ্বাচনী ফলাফল সেই সংবাদমাধ্যমবোৰৰ প্ৰতিও হ'ব প্ৰত্যাহ্বানমূলক। যদি মিলি যায়, বাচি যাব। কিন্তু যদি প্ৰমাণ হয় সন্দেহ কৰাৰ দৰেই এই সংবাদমাধ্যমবোৰ চৰকাৰী পক্ষৰ হাতত বিক্ৰী কৰিছে, তেন্তে সংবাদমাধ্যমৰ বিশ্বাসযোগ্যতাক লৈ হাজাৰ প্ৰশ্ন উত্থাপন হ'ব। সেয়েহে নিৰ্বাচনী ফলাফল শাসক-বিৰোধীৰ লগতে একাংশ সংবাদমাধ্যমৰ বাবেও গুৰুত্বপূৰ্ণ বিবেচিত হ'ব। অপেক্ষা এতিয়া ২৩ মে'ৰ পুৱা ৭ বজালৈ।