জোনবাই এ বেজী এটা দিয়া… বেজীনো কেলৈ? নেতাৰ মুখ চিলাবলৈ!

জোনবাই এ বেজী এটা দিয়া… বেজীনো কেলৈ? নেতাৰ মুখ চিলাবলৈ!

author-image
asomiyapratidin
New Update
জোনবাই এ বেজী এটা দিয়া… বেজীনো কেলৈ? নেতাৰ মুখ চিলাবলৈ!

মৃদুল কুমাৰ সন্দিকৈ

জোনবাই এ বেজী এটা দিয়া…

বেজীনো কেলৈ?

মোনা চিলাবলৈ…

সৰুতে এনেদৰে পঢ়া পদ্য আজিৰ তাৰিখত হয়তো পৃথক হ'ল হয়। আজিৰ পৰিৱেশ-পৰিস্থিতিত জোনবাইক বেজী খোজা এজনে হয়তো ক'লে হয়- জোনবাই এ বেজী এটা দিয়া। জোনবাই-য়ে বেজী কেলৈ নো বুলি প্ৰশ্ন কৰিলে উত্তৰ দিলে হয়- মিছা আৰু যা-তা কথা কোৱা আমাৰ নেতাসকলৰ মুখ চিলাবলৈ।

৭টা পৰ্যায়ত অনুষ্ঠিত লোকসভা নিৰ্বাচন অন্ত পৰিবলৈ আৰু মাত্ৰ এটা পৰ্যায়ৰ ভোটগ্ৰহণ বাকী। এইবাৰ নিৰ্বাচনত এক সুস্থ ৰাজনৈতিক বাতাবৰণ দেশবাসীয়ে দেখা নাপালে। অতি নিম্নস্তৰৰ গালি-গালাজ আৰু ব্যক্তিগত আক্ৰমণেৰে নেতাসকলে নিৰ্বাচনী প্ৰচাৰ চলালে।

১৯ মে'ত লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ হোৱাৰ পাছত ২৩ মে'ত হ'ব ভোটগণনা।পৰৱৰ্তী চৰকাৰ কাৰ হৈ সেয়া নিৰ্বাচনী ফলাফলত গম পোৱা যাব। কিন্তু তাৰ পূৰ্বে এটাকথা পৰিস্ফূত হৈছে যে, জনসাধাৰণৰ স্বাৰ্থত কৈ যিকোনো প্ৰকাৰে ক্ষমতা লাভৰ বাবে শাসক-বিৰোধী সকলোৱেভোটৰ স্বাৰ্থত অতি তলৰ পৰ্যায়লৈ যাবলৈ কুণ্ঠাবোধ কৰা নাই।

দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এজন প্রধানমন্ত্ৰীক এখন ৰাজ্যৰমুখ্যমন্ত্ৰীয়ে চৰিয়াব লাগে বুলি পৰোক্ষভাৱে অতি কৌশলী মন্তব্যৰে বিতৰ্কৰ সূচনাকৰিছে। একেদৰে এজন প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সন্মান আৰু পদবীৰ মৰ্যাদা পাহৰিনিৰ্বাচনী সভাত দিয়া বিতৰ্কিত মন্তব্যবোৰো গণতন্ত্ৰৰ বাবে শুভলক্ষণ নহয়।

সুস্থ গণতান্ত্ৰিক বাতাবৰণ ৰক্ষা কৰি শাসক-বিৰোধীয়েগণতান্ত্ৰিক প্ৰমূল্যক যিধৰণে মূল্য দিব লাগিছিল, এই নিৰ্বাচনত সেয়া পৰিলক্ষিত নহ'ল। মৃত ব্যক্তিকোবিতৰ্কৰ মাজলৈ টানি আনি দেশৰ সেনা বাহিনীক নিৰ্বাচনী জনসভাত ভোটৰ আশাত ব্যৱহাৰকৰাৰ অভিযোগ খোদ প্রধানমন্ত্ৰীৰ বিৰুদ্ধেই উত্থাপিত হ'ল।

পশ্চিমবংগত বিজেপি নেতৃত্বক নিৰ্বাচনী সভা অনুষ্ঠিত কৰিবনিদিয়া বা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কাৰ্টুন ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ অপৰাধত বিজেপি কৰ্মীকেই গ্ৰেপ্তাৰকৰাৰ ঘটনা এইবাৰ সংঘটিত হ'ল লোকসভা নিৰ্বাচনত।

বিজেপিৰ এই কৰ্মীগৰাকীৰ বিৰুদ্ধে পশ্চিমবংগ চৰকাৰে গ্ৰহণকৰা স্থিতি সন্তোষজনক নহয়। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা মন্ত্ৰীহিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত জৰুৰীকালীন সদৃশ শাসন চলা বুলি প্ৰিয়ংকা শৰ্মা নামৰবিজেপি কৰ্মীগৰাকীক গ্ৰেপ্তাৰ কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

একেজন মন্ত্ৰীয়ে কিন্তু বিজেপি কৰ্মীয়েই ৰাজ্যত এজনসাংবাদিকক বিজেপিৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰাৰ বাবেই হত্যাৰ চেষ্টা কৰাৰ ঘটনাকএবাৰলৈও গৰিহণা নিদিলে। অথচ পশ্চিমবংগত হিমন্ত বিশ্ব শৰ্মাই সেই বিজেপিকৰ্মীগৰাকীৰ ঘৰত গৈ সাক্ষাৎ কৰি এনে ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিসংবাদমাধ্যমত বিবৃতি প্ৰদান কৰিলে।

নলবাৰীৰ সাংবাদিক ৰাজেন ডেকাৰ ক্ষেত্ৰত মৌন এই একেগৰাকীমন্ত্ৰী। কিন্তু এইজন মন্ত্ৰীয়েই এদিন ঘোষণা কৰিছিল- ফেচবুকত আপত্তিজনক মন্তব্যকৰা সকলৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব। সেই দৃষ্টিৰে মমতা বেনাৰ্জীক সমালোচনা কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকপ্ৰশ্ন কৰিব পাৰি- এনে ঘটনাৰ বিৰুদ্ধে মন্তব্য কৰাৰ তেওঁৰ নৈতিক অধিকৰ আছেনে?

মমতা বেনাৰ্জীক প্ৰত্যাহ্বান জনাই সোমবাৰে বিজেপিৰৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে পশ্চিমবংগৰ জয়নগৰত এক নিৰ্বাচনী সভাত দিলে জয় শ্ৰীৰামৰ ধ্বনি।


— ANI (@ANI) May 13, 2019

অভিনেতা কমল হাছানে নিৰ্বাচনী প্ৰচাৰত মন্তব্য কৰিলে- স্বাধীন ভাৰতৰপ্রথমজন সন্ত্ৰাসবাদী হেনো হিন্দু আছিল। নাথুৰাম গডছেলৈ আঙুলি টোৱালে অভিনয়ৰ পৰাৰাজনীতিত প্ৰৱেশ কৰা হাছানে।

দিল্লীত নিৰ্বাচনী ৰেলীত অংশ লওঁতে দিল্লীৰ মুখ্যমন্ত্ৰীকেজৰিৱালক চৰ দিয়া ঘটনা, হাৰ্দিক পেটেলৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হৈ গ'ল এইবাৰ নিৰ্বাচনীপ্ৰচাৰত।

অবাইচ মাত, গালি, অসংবিধানিক শব্দব্যৱহাৰেৰে ব্যক্তিগত আক্ৰমণ এইবোৰ ৰাইজে ঠিকেই দেখা পালে। আনকি সন্ত্ৰাসবাদীৰবিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিয়া আৰক্ষী বিষয়াক তুচ্ছ-তাচ্ছিল্য কৰিবনেৰিলে বিজেপি প্ৰাৰ্থী প্ৰজ্ঞা ঠাকুৰে।

বোমা-বিস্ফোৰণৰ এক গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিজেললৈ পঠিওৱাৰ বাবে ক্ষুব্ধ হৈ এইবাৰ নিৰ্বাচনী প্ৰচাৰত পূৰ্বৰ প্ৰতিশোধ পূৰণৰবাবে কৈ দিলে- তেওঁৰ অভিশাপৰ বাবেই হেনো হেমন্ত কাৰকেৰ নামৰ আৰক্ষী বিষয়াগৰাকীৰ হাতত নিহত হ'ল!

নিৰ্বাচনৰ নামত ইয়াতকৈ নীচ মন্তব্য কৰি হ'ব পাৰে। গো-মাতাক পূজা কৰাবিজেপি নেতাই মুছলমানক গাখীৰ নিদিয়া গাই বুলি অভিহিত কৰিলে।তাকো অসমৰ এজন নেতাইকৰা এনে মন্তব্যই তেওঁৰ মানসিকতাৰ প্ৰতিফলন ঘটালে।

মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা উত্তৰপ্ৰদেশৰ বিজেপি নেতা যোগীআদিত্য নাথে দেশৰ সেনা বাহিনীক মোডী সেনা বাহিনীৰ সৈতে তুলনা কৰিলে। অভিনেত্ৰী তথাসাংসদ জয়া প্ৰদাৰ বিৰুদ্ধে সমাজবাদী নেতা আজম খানে কৰা মন্তব্য দ্বিতীয়বাৰ মুখত ল'ব নোৱাৰি।

সমগ্ৰ ভাৰতবৰ্ষতেই নিম্ন ৰুচিৰে চলোৱা নিৰ্বাচনী প্ৰচাৰত এইনেতাসকলে যি ইচ্ছা তাকেই কয় গ'ল। এই দিশত পিছ পৰি নাথাকিল নৱজোত সিংসিদ্ধু। যাৰ বাবে তেওঁক নিৰ্বাচনী প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিব লগা হৈছিলনিৰ্বাচন আয়োগে।

মেনকা গান্ধীয়ে নিৰ্বাচনী সভাত বিজেপিক ভোট দিয়া মুছলমানসকলকহে সা-সুবিধা প্ৰদান কৰিব বুলি মুকলিকৈ মন্তব্য কৰিলে। নৱজোত সিং সিদ্ধুৱে নিৰ্বাচনীসভাত ভাষণ দিয়াৰ লগতে টুইটাৰ যোগেও বহু কেইটা আপত্তিজনক মন্তব্য কৰে এই নিৰ্বাচনত।লোকসভাত বিৰুধী পক্ষৰ নেতা মল্লিকাৰ্জুন খৰ্গেয়ে মোডীক আক্ৰমণ কৰি ক'লে- 'তেওঁ কোৱাৰ দৰেকংগ্ৰেছে যদি ৪০খনৰ কম আসন পায়, তেনেহ'লে নৰেন্দ্ৰমোডীয়ে আত্মহত্যা কৰিবনে?' এইবোৰ আছিল নেতাৰ মুখৰ ভাষা।

ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচনী সভাত নেতাসকলে কৰা ১০টাআপত্তিজনক মন্তব্যৰ ভিতৰত আছিল-

১. নৰেন্দ্ৰ মোডীঃ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১ মে', ২০১৯ত মধ্যপ্ৰদেশতনিৰ্বাচনী প্ৰচাৰ চলাই কৈছিল- 'ভাবক, কংগ্ৰেছেআপোনালোকৰ মোডীক ইমানেই ঘৃণা কৰে যে, তেওঁক মৰাৰ সপোনোদেখে।'

২. ৰাহুল গান্ধীঃ

উচ্চতম ন্যায়ালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চোৰ আখ্যাদিয়া বুলি বিতৰ্কৰ সূচনা কৰিছিল ৰাহুল গান্ধীয়ে। নিৰ্বাচনী সভাত চকীদাৰেই চোৰশীৰ্ষক মন্তব্যৰ বাবে আদালতত ক্ষমা বিচাৰিব লগা হৈছিল ৰাহুল গান্ধীয়ে।

৩. আজম খানঃ

সমাজবাদী পাৰ্টিৰ নেতা আজম খানে উত্তৰ প্ৰদেশত অভিনেত্ৰীজয়া প্ৰদাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰৰ মাজতে কৈছিল- 'মই তেওঁক ৰামপুৰলৈআনিছিলো। আপোনালোক সাক্ষী আছিল, মই কাকোকে তেওঁৰগাত স্পৰ্শ কৰিবলৈ অনুমতি দিয়া নাছিলো। ১৭ বছৰ লাগিল আচল চেহেৰা কি বুজি পাবলৈ। ১৭দিনতেই মই তেওঁক বুজি পালো, যেতিয়া তেওঁ খাকীঅন্তবাস পিন্ধিলে…'

৪. সৎপাল সিংঃ

হিমাচলপ্ৰদেশৰ এইগৰাকী নেতাই ক'লে- 'ৰাহুলগান্ধী জামিনত আছে, ছোনিয়া গান্ধী জামিনত আছে। তেওঁলোকৰজোৱায়েক জামিনত আছে। আৰু তেওঁলোকে কয়- মোডী চোৰ। যদি মোডী চোৰ, তোমালোকm*d**c**d।'

৫.  মায়াৱতীঃ

'নিৰ্বাচন আয়োগ অসংবিধানিক। হেঁচাত পৰিআয়োগে লৈছিল তেওঁৰ বিৰুদ্ধে ব্যৱস্থা।'- এই মন্তব্য কৰা মায়াৱতীয়ে জাগ্ৰতৰাজনীতিৰে বহু কেইটা মন্তব্য কৰাৰ বাবে ১৫ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তেওঁকনিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা দিয়া হৈছিল।

৬. পল্লৱ লোচন দাসঃ

প্ৰাক্তনআই এ এছ বিষয়া এম জি ভি কে ভানুৰ বিৰুদ্ধে তেজপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে ভানুক 'বুঢ়াগৰু'ৰ সৈতে তুলনা কৰিছিল। যাৰ বাবে সৃষ্টি হৈছিলতীব্ৰ প্ৰতিক্ৰিয়া। লগতে আই এ এছ বিষয়াগৰাকীয়ে চাকৰি কালত তেওঁক ছাৰ বুলি সম্বোধনকৰা মন্তব্যক লৈও সমালোচনা হৈছিল।

৭. প্ৰজ্ঞা ঠাকুৰঃ

প্ৰজ্ঞাঠাকুৰে মুম্বাইৰ এণ্টি টেৰ'ৰিষ্ট ক্সোৱাডৰ মুৰব্বী হেমন্ত কাৰকেৰ সন্দৰ্ভত কৰামন্তব্য আছিল আচৰ্যজনক। তেওঁ কৈছিল- 'I told him you will be destroyed,and just over a month later. terrorists killed him'

৮. তেজশ্বি সূৰ্য্যঃ

বিজেপিৰতৰুণ নেতাগৰাকীয়ে বাংগালুৰু (ছাউথ)ৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেওঁৰ মতে,এই নিৰ্বাচনত ভাৰতবাসীৰ দেশপ্ৰেম নিৰূপন হ'ব। 'যদি তুমি মোডীৰ লগত আছে, তেন্তেভাৰতৰ লগত আছে। আৰু যদি মোডীৰ সৈতে নাই, তেন্তে তুমি দেশদ্ৰোহী।'

৯. ৰঞ্জিত বাহাদুৰঃ

উত্তৰপ্ৰদেশৰবাৰাবাংকীৰ এক নিৰ্বাচনী সভাত অংশ লৈ ৰঞ্জিত বাহাদুৰে কৰা মন্তব্য আছিল এনে ধৰণৰ-নিৰ্বাচনৰ শেষত চীনৰ পৰা এটা মেচিন অনা হ'ব, যাৰ দ্বাৰা ১০-১২ হাজাৰ মুছলমানৰদাঢ়ি-চুলি কাটি তেওঁলোকক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰা হ'ব।

১০. নৱজোত সিং সিদ্ধুঃ

কংগ্ৰেছনেতা নৱজোত সিং সিদ্ধুৱে প্ৰধানমন্ত্ৰী সন্দৰ্ভত কৈছিল- 'প্ৰথমে কৈছিল জাগি থাকা,জাগি থাকা। আৰু এতিয়া চকীদাৰে চৰকাৰী বেংকৰ টকা পুঁজপতিসকলক দি কৈছে পলাই যোৱাপলাই যোৱা। মই ভাবিছিলো চকীদাৰ হ'ব কামৰ মানুহ। কিন্তু এতিয়া দেখিলো চকীদাৰনিষ্কৰ্মা।'

আনকিমোডী বিৰোধীসকলক হাত কাটি দিয়াৰ ভাবুকি দিছিল বিহাৰৰ বিজেপি মুৰব্বী নৃত্যানন্দৰাজে। অসমো ইয়াৰ পৰা ব্যতিক্ৰম নাছিল। অসমৰ নেতাসকলেও ৰাষ্ট্ৰপৰ্যায়ৰ নেতাসকলকঅনুসৰণ কৰিয়েই যেন এইবাৰ নিৰ্বাচনী প্ৰচাৰত এনে কিছু মন্তব্য কৰিলে, যিবোৰ পূৰ্বতেঅসমৰ ৰাজনীতিত দেখিবলৈ পোৱা হোৱা নাছিল।

অতিসাম্প্ৰদায়িক, নিম্নৰুচিৰ এই মন্তব্যৰে অসমৰ ভোটাৰক কিমান আকৰ্ষিত কৰিব পাৰিব সেয়াসন্দেহ আছে। আন নহ'লেও, অসমৰ সংস্কৃতিবান মানুহে এনে কথা-বতৰা কেতিয়াও পচন্দ নকৰে।নাচি-বাগি ঠাট্টা-মচকৰা কৰি কৰা এই মন্তব্যবোৰে নেতাসকলৰ মানসিকতাকে উদঙাই দিয়ে।

পশ্চিমবংগতনিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে হিমন্ত বিশ্ব শর্মাৰ কনভয়ত আক্ৰমণ অসমৰপ্ৰেক্ষাপটত এক ডাঙৰ ঘটনা। কিন্তু ইয়াৰ বিৰুদ্ধে বিশেষ প্ৰতিক্ৰিয়া সৃষ্টি নহ'ল।হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াত নিজেই ঘটনাৰ সবিশেষ জনাইছিল যদিও, তাক লৈবিশেষ আগ্ৰহ নেদেখুৱালে অসমৰ ৰাইজে।

নেতাসকলৰ মাত-কথাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। এজন নেতাই নিৰ্বাচনৰ সময়ত বিৰোধীক আক্ৰমণকৰিব পাৰে। সেয়া পূৰ্বতেও হয়। কিন্তু তেওঁলোকে নিজৰ সন্মান আৰু ৰুচিবোধ ৰক্ষা কৰিএনে কৰে। ছ'চিয়েল মিডিয়াত এইধৰণৰ পাতল কথা-বতৰা চৰ্চা হয় বুলি অভিযোগ আছিল। কিন্তুসেয়া এইবাৰ নেতাসকলে ভংগ কৰি ছ'চিয়েল মিডিয়াত চলা চৰ্চা, মন্তব্যতকৈ চৰমঅসহিষ্ণুতাৰ প্ৰমাণ দি নিৰ্বাচনী ৰেলীত ভাষণ প্ৰদান কৰিলে।

অবাইচমাত, চৰ-ভুকু, অভিযোগ-প্ৰতিঅভিযোগ আদি এইবাৰ নেতাৰ মুখ মুখৰিত হ'ল। শালিনতাহীন এইনিৰ্বাচনী বচনবোৰৰ জৰিয়তে নেতাই গণতন্ত্ৰক কি পৰ্যায়লৈ লৈ গৈছে তাৰ আভাস জনতাই পালে।২০১৯চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত নেতাই যি ইচ্ছা তাকেই ক'লে। নেতাসকলে পাহৰি গ'ল- তেওঁলোক যে জনপ্ৰতিনিধি।

জনতাক চৰম অৱজ্ঞাৰে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসক-বিৰোধী একাংশ নেতাই এই মন্তব্যৰ জৰিয়তে বাতৰিৰ শিৰোনাম দখল কৰিলে। আজিৰ নেতাসকলে নিজৰ পৰিচয় নিজেই দিলে। ন্যূনতম শালিনতাবোধ নৰখাকৈয়ে মুখত যি আহে তাকে কোৱা এই সকল নেতাই পাহৰি গ'ল সংযমতা বুলি যে এটা শব্দ আছে।