/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/6b3a8585-1727-4bf0-866b-640ad4ec2f70.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ৰাজনীতিৰ অংক পৃথক। পাটিগণিতত ২+২=৪ হয়। ৰাজনীতিত সেয়া নহ'বও পাৰে। এই অংক বুজি পোৱাও কঠিন আৰু বুজি পালেও সঠিক উত্তৰ দিয়াতো সকলো ক্ষেত্ৰতেই সম্ভৱ নহয়। ৰাজনীতিৰ অংকত সদায় একে উত্তৰ নোলায়।
ৰাজনীতিৰ অংকৰ উত্তৰ বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সেই কাৰকবোৰো স্থিৰ নহয়। ২০১৯ৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাজনৈতিক অংক আছিল যথেষ্ট আমোদজনক। এইবাৰ নিৰ্বাচনত ৯+৩+১+১=১৪ হ'ল ঠিকেই, কিন্তু ইয়াৰ ভিতৰতেই আন কিছু অংক লক্ষ্য কৰিলে আন এক প্ৰতিচ্ছবি ফুটি উঠে।
সমগ্ৰ দেশতেই বিজেপিৰ ঢৌ। ৫৪২খন আসনৰ ৩০৩খন অকলেই দখল কৰি বিজেপিয়ে সমগ্ৰ দেশতেই মহাছুনামিৰ সৃষ্টি কৰিলে। এই ছুনামিত বিধ্বস্ত হৈ পৰিল কংগ্ৰেছ, তৃণমূল সকলো। দুদিনৰ আগলৈকে চৰকাৰ গঠনৰ তৎপৰতাত ব্যস্ত হৈ থকা চন্দ্ৰবাবু নাইডু এতিয়া ঘৰৰ পৰাই নোলোৱা হ'ল।
দেশৰ ৰাজনৈতিক অংক কৰিবলৈ যোৱা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ চকী খনকেই ৰক্ষা কৰিব নোৱাৰিলে। এইবাৰৰ লোকসভা নিৰ্বাচনত অংক ভুল কৰা তেওঁ এজন শ্ৰেষ্ঠ ৰাজনীতিবিদ। একেদৰে দেশক নেতৃত্ব দিবলৈ যোৱা ৰাহুল গান্ধীয়ে আমেথিত স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হৈ তেওঁৰ ৰাজনৈতিক অংক জংক-পংক কৰি পেলালে।
পশ্চিমবংগত ২ৰ পৰা ১৮ হ'লগৈ বিজেপি। তাৰ পাছত মোডীৰ বিৰুদ্ধে হুংকাৰ দিয়া মমতাই গম পালে- তেওঁ ভবাৰ দৰেই তেওঁৰ ৰাজ্যত অংকবোৰ সঠিক হৈ থকা নাছিল। সৰ্বভাৰতীয় পৰ্যায়ত ভবাতকৈ অধিক ভাল ফলাফলেৰে বিজেপি আৰু এন ডি এ-য়ে দ্বিতীয়টো কাৰ্যকালৰ বাবে শাসনভাৰ ল'বলৈ সাজু হৈছে।
ইয়াৰ বিপৰীতে ৰাজনীতিৰ অংকত ভুল কৰি ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকত কংগ্ৰেছৰ অধ্যক্ষৰ দায়িত্ব এৰিব খুজি পদত্যাগ পত্ৰ দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাহুল গান্ধীয়ে দলটোৰ নেতৃত্ব এৰিব বিচৰাত উচুপি উঠিছিল পি চিদাম্বৰামৰ দৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা।
সকলোতে এতিয়া অংক। চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হোৱা ২৭২খন আসন হেলাঙেৰে লাভ কৰি বিৰোধীক উত্তৰবিহীন কৰি পেলোৱা বিজেপিয়ে এনে ফলাফল হয়তো আশাই কৰা নাছিল। বহুদিনৰ পাছত কোনো ৰাজনৈতিক দলে এনে জনাদেশ পাইছে।
লোকসভা নিৰ্বাচনত অসমত মুলতঃ ১৪খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল কংগ্ৰেছ আৰু বিজেপিৰ মাজত। ৩খন আসন মিত্ৰদল অগপ আৰু এখন আসন আন এক মিত্ৰদল বিপিএফক এৰি দিছিল বিজেপিয়ে। বিজেপিয়ে অকলেই ১০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৯খন আসনত জয়ী হ'ল। সেই সূত্ৰে বিজেপিৰ সফলতাৰ হাৰ ৯০ শতাংশ।
তাৰ বিপৰীতে এই নিৰ্বাচনত দুই মিত্ৰদলে এখনো আসন লাভ নকৰিলে। অৱশ্যে তেওঁলোকে বিজেপিৰ সফলতাকেই নিজৰ সফলতা বুলি ধৰি ল'লে। অসমত এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দলৰ ভিতৰত অগপই ২৩ শতাংশ ভোট লাভ কৰিছিল। ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলসমূহে লাভ কৰা ভোটৰ শতকৰা হাৰ আছিল এনেধৰণৰ-
অগপ- ৮.২৩ শতাংশ।
এ আই এফ বি- ০.০৩ শতাংশ।
এ আই টি চি- ০.৪১ শতাংশ.
এ আই ইউ ডি এফ- ৭.৮০শতাংশ।
বিজেপি- ৩৬.০৫ শতাংশ।
বিপিএফ- ২.৪৮ শতাংশ।
চিপিআই- ০.১৭ শতাংশ।
চিপিএম- ০.২৩ শতাংশ।
কংগ্ৰেছ- ৩৫.৪৪ শতাংশ।
এন চি পি- ০.৬০ শতাংশ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/asam-Untitled-4.jpg)
ইয়াৰোপৰি, ৰাজ্যখনত প্ৰতিদ্বন্দ্বিতা কৰা এন পি পিয়ে ০.২৭ শতাংশ, এছ পিয়ে ০.১ শতাংশ, অন্যান্যই ৭.৮১ শতাংশ, নোটাই ০.৯৯ শতাংশ ভোট লাভ কৰে।আঞ্চলিক দল অগপই বিজেপিৰ সৈতে মিত্ৰতা কৰি দুই আসন ক্ৰমে- বৰপেটা আৰু কলিয়াবৰত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও, দলটোৰ প্ৰাৰ্থী জয়ী হ'বলৈ সক্ষম নহ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/asam-part-2Untitled-5.jpg)
অসমত এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিলে মুঠ ৬৪,৮৪,৫৯৬টা ভোট।আনহাতে, কংগ্ৰেছে লাভ কৰা ভোটৰ মুঠ সংখ্যা৬৩,৭৩,৬৫৯টা। অৰ্থাৎ দুয়োটা দলৰ মাজত লাভ কৰা ভোটৰ পাৰ্থক্য-
বিজেপি ৬৪,৮৪,৫৯৬টা – কংগ্ৰেছ ৬৩,৭৩,৬৫৯টা = ১,১০,৯৩৭টা ভোট। অৰ্থাৎ ১,১০,৯৩৭টা ভোট বেছিকৈ পালে বিজেপিয়ে। অংকৰ দৃষ্টিৰে এই ১,১০,৯৩৭টা ভোটৰ ব্যৱধানতেই ফলাফল হ'লগৈ ৯, ৩।
ডিফুত বিজেপিৰ প্ৰাৰ্থীয়ে ২,৩৯,৬২৬টা ভোট বেছিকৈ পালে, বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থীয়ে ১,৪০,৩০৭টা ভোট বেছিকৈ পালে, ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থীয়ে ৩,৬৪,৫৫৬টা ভোট বেছিকৈ পালে, গুৱাহাটীত বিজেপি প্ৰাৰ্থীয়ে ৩,৪৫,৬০৬টা ভোট বেছিকৈ পালে, যোৰহাটত বিজেপিয়ে লাভ কৰিলে ৮২,০৬১৩টা বেছি ভোট, কলিয়াবৰত কংগ্ৰেছ প্ৰাৰ্থীয়ে ২,০৯,৯৫৪টা ভোট অধিক লাভ কৰিছিল।
ভোটৰ ব্যৱধানত লখিমপুৰত সৰ্বাধিক ৩,৫০,৫৫১টা ভোটেৰে জয়ী হৈছিল বিজেপি প্ৰাৰ্থী। কিন্তু এই অংক পৰিসাংখ্যিক দিশত কিছু পৃথক আছিল। ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিয়ে লাভ কৰা ভোটৰ পাৰ্থক্য কিন্তু ১,১০,৯৩৭টাহে।
অৱশ্যে এন ডি এৰ সহযোগী আন দুটা দল অগপ আৰু বিপিএফৰ ভোট বিজেপিৰ সৈতে যোগ কৰিলে ভোটৰ পাৰ্থক্য হয়গৈ ২০,৩৮,৪০৮টা। কেতিয়াবা অংকই বহু ইংগিত দি যায়। কিন্তু সেই অংক ৰাজনীতিত ফলাফল নহ'বও পাৰে। আৰু ফলাফল নোলোৱা ৰাজনীতিৰ অংকৰ কোনো মূল্য নাই।
২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত ২০১৬চনত বিধানসভা নিৰ্বাচন হৈছিল। সেইবাৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এ-য়ে মুঠ আসন লাভ কৰিছিল ৮৬খন। কংগ্ৰেছে লাভ কৰা আসনৰ সংখ্যা আছিল ২৬খন।
এই নিৰ্বাচনত মুঠ ৮৪.৭৩ শতাংশ ভোটদান হৈছিল। বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰজোঁটে ৪১.৯ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ৩১.০ শতাংশ আৰু এ আই ইউ ডি এফে লাভ কৰিছিল ১৩.১ শতাংশ ভোট।
এন ডি এৰ মুঠ ৭০,৩৫,৭২৪টা ভোট লাভ কৰাৰ বিপৰীতে ২০১৬ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিছিল ৫২,৩৮,৬৫৫টা ভোট। এ আই ইউ ডি এফে লাভ কৰা ভোটৰ সংখ্যা আছিল ২২,০৭,৯৪৫টা। অৰ্থাৎ ২০১৬ৰ বিধানসভা নিৰ্বাচনতকৈ কংগ্ৰেছৰ ভোটৰ সংখ্যা ১০লাখতকৈ অধিক বৃদ্ধি হ'ল। কিন্তু ফলাফল বিহীন এই বৃদ্ধি।
ৰাজনীতিৰ অংকবোৰ এনেকুৱাই। কেতিয়াবা ভোটৰ সংখ্যা বৃদ্ধি হ'লেও ফলাফল নোলাব পাৰে। ২০১৪চনত বিজেপিয়ে লোকসভা নিৰ্বাচনত ৩৬.৫০ শতাংশ ভোট লাভ কৰিছিল। কংগ্ৰেছে লাভ কৰা ভোটৰ শতকৰা হাৰ আছিল ২৯.৬০ শতাংশ।
কংগ্ৰেছৰ শতকৰা হাৰত ভোটৰ হাৰ বৃদ্ধি পালেও, দলটোৱে ফলাফল ৩ৰ পৰা বৃদ্ধি কৰিব নোৱাৰিলে। সেইবাৰ অগপই ৩.৮০ শতাংশ ভোট লাভ কৰিছিল। এ আই ইউ ডি এফে লাভ কৰা ভোটৰ শতকৰা হাৰ আছিল ১৪.৮০ শতাংশ।
শেহতীয়া নিৰ্বাচনত অগপৰ ভোটৰ সংখ্যা বৃদ্ধি পাইছে। অৰ্থাৎ ২০১৪চনৰ লোকসভা নিৰ্বাচনতকৈ ৪.৪ শতাংশ বৃদ্ধি হ'ল। কংগ্ৰেছৰ এই ভোটৰ বৃদ্ধি হাৰ ৫.৮ হ'ল। বিজেপিৰ ভোটৰ হাৰ বৃদ্ধি হোৱা নাই। ২০১৪ৰ তুলনাত বিজেপিৰ ভোটৰ হাৰ ০.৪ শতাংশ হ্ৰাসহে পালে। কিন্তু হ্ৰাস পালেও দলটোৰ আসনৰ সংখ্যা ২০১৪ৰ ৭খনৰ বিপৰীতে এইবাৰ ৯খন হ'ল।
ভোটৰ শতকৰা হাৰত এ আই ইউ ডি এফৰ সৰ্বাধিক ৭ শতাংশ হ্ৰাস হ'ল। অৱশ্যে দলটোৱে কেইটামান সমষ্টিত প্ৰাৰ্থিত্বই প্ৰদান নকৰিলে। ৰাজনীতিত সদায় জিকাৰ অংকৰ চলে। ১টা ভোটত জিকিলেও তেওঁকেই জনপ্ৰতিনিধি ৰূপে গণ্য কৰা হয়।
ৰাজনীতিৰ এই অংকবোৰ বৰ জটিল। কিন্তু আমোদজনক। অসমত বিজেপি আৰু কংগ্ৰেছৰ মাজৰ ভোটৰ ব্যৱধান মাত্ৰ ১,১০,৯৩৭টাহে। সেই কথা হয়তো বহুতেই মনেই নকৰে। কিয়নো গণতন্ত্ৰত সংখ্যাৰ হিচাপ হয়।
সেই হিচাপ কোনো এক নিৰ্ধাৰিত ক্ষেত্ৰ ভিত্তিত কৰা হয়। ইয়াক কেতিয়াও সৰ্বমুঠ ৰূপত তুলি ধৰা নহয়। সেয়েহে ৰাজনীতিত এনে জটিল অংকই জটিল উত্তৰ দি যায়। ব্যৱধান যিমানেই নহওঁক, জয়ী হোৱা জনৰ হাততহে থাকে দেশৰ দায়িত্ব। বাকী পৰিসংখ্যাবোৰে কেৱল দি যায় আমোদ, দিয়ে বহুতকে আত্মসন্তুষ্টি।