আমাক লৈ ৰাজনীতি কিয়? সেনা বিষয়াৰ বিদ্ৰোহ, ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ পত্ৰ…

আমাক লৈ ৰাজনীতি কিয়? সেনা বিষয়াৰ বিদ্ৰোহ, ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ পত্ৰ…

author-image
asomiyapratidin
New Update
আমাক লৈ ৰাজনীতি কিয়? সেনা বিষয়াৰ বিদ্ৰোহ, ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ পত্ৰ…

♦ মৃদুল কুমাৰ সন্দিকৈ

সেনাক লৈ ৰাজনীতি কিয়? ৰাজনৈতিক দলবোৰে সেনাক লৈ কৰা ৰাজনীতিত অতিষ্ঠ হৈছে নেকি সেনা বাহিনীৰ বিষয়া-জোৱানসকল? ভাৰতত সেনা বাহিনীক লৈ এতিয়াৰ দৰে ৰাজনাীতি কোনো দিনেই হোৱা নাছিল। শেহতীয়া লোকসভা নিৰ্বাচনৰ প্ৰচাৰত পাকে প্ৰকাৰন্তৰে সেনা বাহিনীক টানি অনা হয়।

পাকিস্তানৰ প্ৰসংগ উত্থাপন কৰি সেনাক লৈ চলা এই ৰাজনীতি দেশৰ বাবে শুভ লক্ষণ নহয়। বালাকোটত ভাৰতীয় বায়ু সেনাই চলোৱা আক্ৰমণ কোনোবাই ৰাজনীতিৰ স্বাৰ্থত নিজৰ পৰাক্ৰম আৰু দৃঢ়তা প্ৰকাশৰ মাধ্যম ৰূপে গ্ৰহণ কৰিলেও সেয়া এখন দেশৰ নিৰাপত্তা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যিকোনো চৰকাৰে ল'বলগা প্ৰয়োজনীয় পদক্ষেপ বুলিহে গণ্য কৰা হয়।

শেহতীয়াকৈ সেনাৰ তিনিওটা বাহিনীৰ ৮ জন প্ৰাক্তন মুৰব্বী আৰু আৰু প্ৰাক্তন ১৫০ গৰাকী সেনা বিষয়াই ৰাষ্ট্ৰপতিলৈ এখন বিশেষ চিঠি লিখা বুলি চৰ্চা হৈছে। ছ'চিয়েল মাধ্যমত ভাইৰেল হৈ পৰিছে এই পত্ৰ। সেনাক ৰাজনীতিকৰণ কৰাৰ বিৰুদ্ধে এই পত্ৰ লিখি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক ইয়াৰ বিৰুদ্ধে ৰাজনৈতিক দলবোৰক সতৰ্ক কৰি দি এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰা হৈছে।

সেনাৰ প্ৰাক্তন মুৰব্বী আৰু ডেৰ শতাধিক সেনা বিষয়াই লিখা বুলি চৰ্চিত হোৱা এই পত্ৰখন সঁচা নে মিছা তাক লৈও বিতৰ্কৰ সূচনা হৈছে। ৰাষ্ট্ৰপতি ভৱনে কোনো প্ৰাক্তন সেনা বিষয়াৰ পৰা এনে পত্ৰ পোৱাৰ কথা অস্বীকাৰ কৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সময়ত মহাৰাষ্ট্ৰৰ লাটুৰত এক নিৰ্বাচনী সভা সম্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

সমাৱেশত অংশ লৈ প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগা দেশৰ নতুন প্ৰজন্মৰ এই ৰেলীৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক আহ্বান জনাইছিল। মোডীয়ে কৈছিল- যিসকলে প্ৰথমবাৰ ভোটদান কৰিবলৈ যাব, তেওঁলোকে তেওঁলোকৰ ভোট সেইসকল সাহসী জোৱানৰ নামত অৰ্পন কৰিব লাগে, যিসকলে পাকিস্তানৰ বালাকোটত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই সফল হৈছিল।

ইয়াৰ পাছতেই চৰ্চালৈ আহিছিল এই পত্ৰখন। মূলতঃ প্ৰধানমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে এই বিষয়টো পুনৰ প্ৰাসংগিক হৈ পৰিছিল। সেনাৰ ৮ জন প্ৰাক্তন মুৰব্বী আৰু আন প্ৰাক্তন সেনা বিষয়া সকলে ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰেৰণ কৰা পত্ৰখনৰ প্ৰথম পৃষ্ঠা এইটো-

প্ৰত্ৰখনত লিখিছে- …We refer, Sir, to the unusual and completely unacceptable practice of political leaders taking credit for military operations like cross-border strikes, and even going so far as to claim the Armed Forced to be 'Modi ji ki Sena'. This is in addition to media pictures of election platforms and campaigns in which party workers are seen wearing military uniforms; and posters and images with pictures of soldiers and especially of Indian air force wing commander Abhinandan Varthaman displayed.

এনে মন্তব্য দুৰ্ভাগ্যজনক। ভাৰতীয় সেনাক নিৰ্বাচনী সভাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপিৰ নেতা যোগী আদিত্যনাথে 'মোডী সেনা' সম্বোধন কৰিছিল। ঠিক হনুমান সেনাৰ দৰে এইবাৰ মোডীৰ সেনাৰ আগমণ ঘটিল উত্তৰ প্ৰদেশত। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে নিৰ্বাচন আয়োগে সেনাক লৈ ৰাজনীতি নকৰিবলৈ ৰাজনৈতিক দলবোৰক সকিয়াই দিছিল।

এই সকিয়নী খোদ প্ৰধানমন্ত্ৰীয়েই নামানিলে। বালাকোটৰ আক্ৰমণক লৈ ৰাজনীতি কৰিবলৈ শাসক-বিৰোধী সকলোৱে চেষ্টা চলালে। নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী মোডীয়ে সেই মন্তব্যৰ তদন্তৰ নিৰ্দেশ দি মহাৰাষ্ট্ৰৰ নিৰ্বাচনী বিষয়াৰ পৰা ইয়াৰ বিস্তৃত তথ্য বিচাৰিছে। চিপিআই(এম)এ ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলি আয়োগক লিখিত অভিযোগ দাখিল কৰিছে।

ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰই এই পত্ৰ প্ৰাপ্তিক অস্বীকাৰ কৰিলেও সেনাক লৈ ২০১৯ৰ লোকসভা নিৰ্বাচনত যে ৰাজনীতি চলিছে সেয়া সকলোৱে লক্ষ্য কৰিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জেনেৰেল এছ এফ ৰোদ্ৰিজোৱাছে মন্তব্য কৰে যে- 'মোৰ জীৱনত চাকৰি কালত এনে হোৱা কেতিয়াও দেখা নাছিলো। হয়তো এয়া মিছা বাতৰি হ'ব পাৰে।'

ইফালে এয়াৰ চীফ মাৰ্চেল এন চি সুৰীয়ে সংবাদ মাধ্যমক এই পত্ৰ সন্দৰ্ভত কয় যে এডমিৰেল ৰামদাস নামৰ কোনো সেনা বিষয়াই এই পত্ৰ লিখা নাই। কোনোবা মেজৰ চৌধুৰী নামৰ সেনা বিষয়াইহে এই পত্ৰ লিখিছে। তেওঁ চিঠিখনত উল্লেখ কৰা বিষয়টোক লৈ সহমত নাই বুলিও মন্তব্য কৰে।

ইফালে, প্ৰাক্তন সেনাৰ ভাইচ চীফ লেফটেনেন্ট জেনেৰেল এম এল নাইডুৰ নামো এই পত্ৰত আছে। তেওঁৰ নাম অনুমতি অবিহনে এনে পত্ৰৰ সৈতে সন্নিৱিষ্ট কৰা বুলি উল্লেখ কৰি এই ধৰণৰ কাৰবাৰৰ সৈতে তেওঁ জড়িত নহয় বুলি মন্তব্য কৰিছে। মেজৰ জেনেৰেল হৰ্ষ কক্কৰে অৱশ্যে এই পত্ৰৰ সন্দৰ্ভত কৈছে- তেওঁ এই পত্ৰ লিখাত অনুমতি দিছে। বিষয়টো ভাবি চিন্তি তেওঁ সেই পত্ৰত সহমত পোষণ কৰিছিল।

সেনা বাহিনীৰ কেইগৰাকীমান প্ৰাক্তন বিষয়াই লিখা পত্ৰৰ পাছতেই প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁৰ মতে, এই পত্ৰত নাম উল্লেখ থকা দুজন জ্যেষ্ঠ বিষয়াই তেনে কোনো পত্ৰৰ বাবে অনুমতি দিয়া নাই মন্তব্য কৰিছে। এই চিঠিখন ভুৱা বুলি উল্লেখ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।


— ANI (@ANI) April 12, 2019

এই পত্ৰত নাম আছে মুঠ ১৫৬গৰাকী সেনা প্ৰাক্তন বিষয়াৰ। এতিয়ালৈকে দুজনে সংবাদমাধ্যমক এই পত্ৰ লিখাত তেওঁলোকৰ সহমত নাই বুলি মন্তব্য কৰিলেও, আন সকলে পত্ৰখন লিখা নাই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। সেনাৰ প্ৰাক্তন বিষয়া, শংকৰ ৰায় চৌধুৰীয়ে কৈছে তেওঁ ৰাজনৈতিক দলসমূহে সেনাক লৈ কৰা এনে আচৰণত নাৰাজ। সেনাই কোনো ৰাজনৈতিক দলৰ বাবে নুযুঁজে। সেনা যুঁজে দেশৰ হকে। যি দলৰ চৰকাৰ হয়, সেই চৰকাৰৰ নিৰ্দেশ পালন কৰিবলৈ সেনা বাধ্য। কিন্তু সেনাক কোনো ৰাজনৈতিক দলে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা কাৰ্যই সেনাক বদনামী কৰে। এগৰাকী প্ৰাক্তন সেনা মুৰব্বীৰ প্ৰতিক্ৰিয়া এয়া।

ৰাজহুৱা হোৱা পত্ৰখনত নাম থকা অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকল হ'ল- জেনেৰেল এছ এফ ৰোদ্ৰিগুছ, জেনেৰেল শংকৰ ৰয় চৌধুৰী, জেনেৰেল দীপক কাপুৰ, এডমিৰেল লক্ষ্মীনাৰায়ণ ৰামদাস, এডমিৰেল বিষ্ণু ভাগৱত, এডমিৰেল অৰুণ প্ৰকাশ, এডমিৰেল সুৰীশ মেহতা, এয়াৰ চীফ মাৰ্শ্বেল এন চি ছুৰী, লেফটেনেন্ট জেনেৰেল সঞ্জীৱ আনন্দ, লেফটেনেন্ট জেনেৰেল কেএছ ৰাও, লেফটেনেন্ট জেনেৰেল মোহন ৰামদাস, লেফটেনেন্ট জেনেৰেল ৱাই এন শৰ্মা, লেফটেনেন্ট জেনেৰেল বিনয় শংকৰ, লেফটেনেন্ট জেনেৰেল প্ৰকাশ গোকৰ্ণ, লেফটেনেন্ট জেনেৰেল বিজয় অবেৰয়, লেফটেনেন্ট জেনেৰেল এম এ গুৰবাক্সানী, লেফটেনেন্ট জেনেৰেল আৰ কে নানাৱতী, লেফটেনেন্ট জেনেৰেল আৰ কে গৌৰ, লেফটেনেন্ট জেনেৰেল চি এ বাৰেট্ট,

লেফটেনেন্ট জেনেৰেল এম এল নাইডু,ভাইচ এডমিৰেল মদনজিৎ সিং, ভাইচ এডমিৰেল ডি বি কপিলা, ভাইচ এডমিৰেল এ ব্ৰিট্ট, এয়াৰ মাৰ্শ্বেল বীৰ নৰেন, পিভিএছএম, মেজৰ জেনেৰেল এ কে শুক্লা, মেজৰ জেনেৰেল পি চি পঞ্জিকৰ, মেজৰ জেনেৰেল কে এম ভীমায়া, মেজৰ জেনেৰেল জ'ছ মানাবালন, মেজৰ জেনেৰেল শিৱ দেৱ সিং, মেজৰ জেনেৰেল মোহন সিং, মেজৰ জেনেৰেল হৰ্ষ ককৰ, মেজৰ জেনেৰেল ৰাজেন্দ্ৰ প্ৰকাশ, মেজৰ জেনেৰেল জি এইচ ইছৰাণী, মেজৰ জেনেৰেল অনিল সাহনী, মেজৰ জেনেৰেল আই জে এছ ধিল্লন, মেজৰ জেনেৰেল সীতিন পাণ্ডে, মেজৰ জেনেৰেল টি কে কৌল, মেজৰ জেনেৰেল এম এল মালিক, মেজৰ জেনেৰেল এছ জি পিট্ৰ, মেজৰ জেনেৰেল এছ জি বোমবাটকেৰে, এডমিৰেল শংকৰ মাথুৰ, এডমিৰেল সুধিৰ পিল্লাই,

এন এম, এয়াৰ ভাইচ মাৰ্শ্বে কপিল কাক, ব্ৰিগেডিয়াৰ এ এ ৰামচন্দানী, ব্ৰিগেডিয়াৰ ইউ পি এছ পাথানিয়া, ব্ৰিগেডিয়াৰ বিনোদ ৰাইজাদা, ব্ৰিগেডিয়াৰ ভিএইচএম প্ৰসাদ, কমডোৰ চি জয়ৰাজ, কমডোৰ ৰাজেন মাথিউ, কমডোৰ আৰ ৰাহমাথুল্লাহ, কমডোৰ জি কেইলাথ, কমডোৰ দীনবন্ধু জেনা, কমডোৰ জল পোষ্টৱালা, কমডোৰ পি চি গুলাটি, এন এম, কমডোৰ এম এছ চাহাল, এয়াৰ কমডোৰ সঞ্জয় শৰ্মা, কৰ্ণেল ভাৰত হালাডি, কৰ্ণেল সঞ্জীৱ চৌধুৰী, কৰ্ণেল কৃষ্ণা প্ৰসাদ এন জি, কৰ্ণেল মুকেশ ত্ৰেহান, কৰ্ণেল আৰ পি সুহাগ, কৰ্ণেল পংকজ ফোটেদাৰ, ভিএছএম, কৰ্ণেল বিবেক মাথুৰ,

কৰ্ণেল অৰুণ হৰিহৰণ, কৰ্ণেল কে এন সিং, কৰ্ণেল কডি এম শৰ্মা, কৰ্ণেল শান্তনু মজুমদাৰ, কৰ্ণেল গুৰপিন্দৰ সিং, কৰ্ণেল ৰামনিক খান্না, কৰ্ণেল অভয় প্ৰসাদ, কৰ্ণেল অভি চেটাৰ্জী, কৰ্ণেল মনমোহন সিং, কৰ্ণেল ৰাজীৱ কাঁৱাৰ, কৰ্ণেল ভাৰত কুমাৰ, কৰ্ণেল জায়দেৱ পি আই, কৰ্ণেল সুজিত দত্ত, কৰ্ণেল লাল কেছাবন, কৰ্ণেল মেলৱিন ডিছ'জা, কৰ্ণেল সঞ্জয় দিলৱাৰীয়া, কৰ্ণেল কে এছ কামবোজ, কৰ্ণেল শশী থ'মাছ কিলো, কৰ্ণেল কে কাটাৰীয়া, এছ এম, কৰ্ণেল এম কে কেশ্বৰী, কৰ্ণেল মনিষ ডি কাচী, কৰ্ণেল অপৰাজিত নাকাই, কৰ্ণেল চি এম এছ বাবু, কৰ্ণেল আৰ এছ সিং, কেপ্টেইন এইচ পি এছ ছোধি, কেপ্টেইন ৰাকেশ কুমাৰ প্ৰভাকৰ, কেপ্টেইন এছ প্ৰভালা,

কেপ্টেইন সন্দিপ কাপুৰ, গ্ৰুপ কেপ্টেইন আশুতোষ শ্ৰীবাস্তৱ (অৱসৰপ্ৰাপ্ত), গ্ৰুপত কেপ্টেইন ৰজিন্দৰ আব্ৰোল, গ্ৰুপ কেপ্টেইন ডি ভি শুক্লা, গ্ৰুপ কেপ্টেইন ফিলিপছ জেকোব, ভিএম, গ্ৰুপ কেপ্টেইন সৎবিন্দৰ সিং, গ্ৰুপ কেপ্টেইন দীপক মুন্দদে, গ্ৰুপ কেপ্টেইন এম এছ সদানন্দ, লেফটেনেন্ট কৰ্ণেল অৰবিন্দ কুমাৰ সিং, লেফটেনেন্ট কৰ্ণেল এম এছ কানৱাল, লেফটেনেন্ট কৰ্ণেল ছাজন মোইদিন, লেফটেনেন্ট কৰ্ণেল মুৰুগানন্থাম, লেফটেনেন্ট কৰ্ণেল ভি পি শৰ্মা, লেফটেনেন্ট কৰ্ণেল আৰ পংগজ, লেফটেনেন্ট কৰ্ণেল এছ ঋষি, লেফটেনেন্ট কৰ্ণেল এছ কে গুপ্তা, লেফটেনেন্ট কৰ্ণেল এছ পি এছ পানৱাৰ, লেফটেনেন্ট কৰ্ণেল নিৰাজ শৰ্মা, লেফটেনেন্ট কৰ্ণেল গগন খান্না, লেফটেনেন্ট কৰ্ণেল এছ চাৰী, লেফটেনেন্ট কৰ্ণেল এ ছাচান, লেফটেনেন্ট কৰ্ণেল পিপি সিং, লেফটেনেন্ট কৰ্ণেল সন্দিপ চান্দকাৰ, লেফটেনেন্ট কৰ্ণেল এছ এছ নাথ,

লেফটেনেন্ট কৰ্ণেল জে এছ পাটিল, লেফটেনেন্ট কৰ্ণেল অমিত পি মাথুৰ, লেফটেনেন্ট কৰ্ণেল জে এছ জাৰ্জ, লেফটেনেন্ট কৰ্ণেল আৰ পি শংকৰ, লেফটেনেন্ট কৰ্ণেল এন এম ছাক্সেনা, লেফটেনেন্ট কৰ্ণেল আৰ সিং, লেফটেনেন্ট কৰ্ণেল এছ মানহাছ, লেফটেনেন্ট কৰ্ণেল ডি এন যাদৱ, লেফটেনেন্ট কৰ্ণেল জে আৰ বাটছা, লেফটেনেন্ট কৰ্ণেল ৰাকেশ মেহৰোট্ৰা, লেফটেনেন্ট কৰ্ণেল আৰ আৰ কোটৱাল, কামাণ্ডাৰ এম চি পি জোছে, কামাণ্ডাৰ কে চি মহেশ গিৰি, কামাণ্ডাৰ ছেম টি ছেমুৱেল, কামাণ্ডাৰ জে টি মুন্দাকেল, কামাণ্ডাৰ এছ মানৰায়, কামাণ্ডাৰ পি পট্টনাথ, কামাণ্ডাৰ এইচ এছ দাবাছ, কামাণ্ডাৰ এছ দত্ত

কামাণ্ডাৰ এছ এ ৰাৱল, কামাণ্ডাৰ এছ কুমাৰ, কামাণ্ডাৰ আৰ কে শ্ৰীবাস্তৱ, কামাণ্ডাৰ এছ জেইন, কামাণ্ডাৰ সতী তানেজা, উইং কামাণ্ডাৰ গোপাল তানেজা, উইং কামাণ্ডাৰ সঞ্জয় বিষ্ণৌ, উইং কামাণ্ডাৰ নীলেশ গান্ধী, উইং কামাণ্ডাৰ ৰাজীৱ গুপ্তা, উইং কামাণ্ডাৰ এছ কে বীৰুলকাৰ, উইং কামাণ্ডাৰ এছ কে চোপ্ৰা, উইং কামাণ্ডাৰ সঞ্জয় নিজাই, উইং কামাণ্ডাৰ কুলদ্বীপ মাথুৰ, উইং কামাণ্ডাৰ এছ কে নেইৰ, উইং কামাণ্ডাৰ প্ৰশান্ত কাৰ্ডে, মেজৰ কে জে সিং, মেজৰ পি ছিৰুৰ, মেজৰ প্ৰিয়াদৰ্শী চৌধুৰী, এছ চি, স্কোৱাৰ্ডন লিডাৰ নৰেন্দ্ৰ প্ৰসাদ ইনিয়াল, কেপ্টেইন সন্দিপ শেখাৱত, লেফটেনেন্ট আৰ চি জেইন, লেফটেনেন্ট এইচ এছ আখলাৱট।

বিৰোধী দল কংগ্ৰেছে এই পত্ৰখনৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিন্তু তেওঁলোকো সেনাক লৈ ৰাজনীতি কৰা অভিযোগৰ পৰা মুক্ত নহয়। ইফালে শাসকীয় বিজেপিয়ে পত্ৰখন ভুৱা আৰু পৰিকল্পিত বুলি আখ্যা দিছে। প্ৰাক্তন ইমান সংখ্যক সেনা বিষয়াই লিখা এই পত্ৰখনে আকৌ এতিয়া এই দুই ৰাজনৈতিক দলৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

পত্ৰ লিখাৰ কথা সদৰি কৰা অৱসৰপ্ৰাপ্ত এজন সেনা মুৰব্বীয়ে ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি বিষয়টো দৃষ্টিগোচৰ কৰাৰ কথা স্বীকাৰ কৰি ইয়াক দুৰ্ভাগ্যজনক আখ্যা দিছে। তেওঁৰ মতে, বালাকোট সৰু ঘটনা। পাকিস্তানক দুভাগ কৰিছিল ভাৰতীয় সেনাই। ভাৰতীয় সেনাৰ এই পৰাক্ৰমক লৈ পৰৱৰ্তী সময়ত কোনো ৰাজনৈতিক দলে ৰাজনীতি কৰা নাছিল।

এই পত্ৰখনক লৈ শাসক-বিৰোধীয়ে যিয়েই নকওঁক, সাধাৰণ মানুহৰ এয়া দৃষ্টিগোচৰ হৈছে যে নিৰ্বাচনী বতৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ প্ৰতিখন ৰাজনৈতিক সভাতেই মোডীয়ে বালাকোটৰ প্ৰসংগ টানি আনে। সেনাক পৰোক্ষ বা প্ৰত্যক্ষভাৱে ভাষণৰ মাজলৈ টানি আনে প্ৰধানমন্ত্ৰী মোডীয়ে।

উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ভাৰতীয় সেনাক 'মোডী সেনা' আখ্যা দি দেশৰ হকে জীৱনৰ বাজি লগাই কৰ্তব্য সম্পাদন কৰা সেনা বাহিনীয়ে চৰম অপমান কৰা অভিযোগ উত্থাপিত হৈছে। এইবোৰ কথা মিছা বুলি কয় কেনেকৈ? তেনেবোৰ কাৰণতেই প্ৰাক্তন সেনাৰ ইমান বৃহৎ সংখ্যক বিষয়াই লিখা এই পত্ৰ সাধাৰণভাৱে গণ্য কৰিব নোৱাৰি।

যি দলেই নহওঁক, সেনাক ৰাজনীতিৰ স্বাৰ্থত ব্যৱহাৰ কৰা অনুচিত। নিৰ্বাচনৰ সময়ত কিন্তু ইয়াকেই কৰি আছে শাসক-বিৰোধী ৰাজনৈতিক দলবোৰে। কোনোবাই পৰোক্ষভাৱে, আন কোনোবাই প্ৰত্যক্ষভাৱে সেনাক লৈ ৰাজহুৱা মন্তব্যৰে ভোটভিক্ষা কৰিছে। চাকৰিত থকা সেনা বিষয়া-জোৱানে এই সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰিব নোৱাৰিলেও, প্ৰাক্তন সেনা বিষয়াৰ এই উদ্যোগ এক অৰ্থত ৰাজনৈতিক দলবোৰৰ বিৰুদ্ধে ক্ষোভ আৰু বিদ্ৰোহৰ বহিঃপ্ৰকাশ।

ভাৰতত এনে কেতিয়াও হোৱা নাছিল। এতিয়া সেনাক লৈ যি হৈছে, তাত প্ৰাক্তন সেনা সকল অস্বস্তিত ভোগিছে। এই কথা সত্য যে সেনাক লৈ ২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাজনীতি চলিছে। কোনোবাই যদি সেনাৰ পোষ্টাৰ আঁৰিছে, আন কোনোবাই সেনাৰ পোছাক পিন্ধি নিৰ্বাচনী প্ৰচাৰত নামিছে। এক অৰ্থত সেনাক লৈ চলা এই ৰাজনীতিয়ে সেনাকেই ব্যতিব্যস্ত কৰি তুলিছে।

প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ নেতালৈকে সকলোৱে সেনাৰ নাম লৈছে। তেওঁলোকৰ এই কাৰ্যত দেশপ্ৰেম বা সেনাৰ প্ৰতি কৃতজ্ঞতাবোধ নাই। আছে কেৱল আৱেগ সৃষ্টিৰে সাধাৰণ জনতাক আৱেগিক কৰি নিৰ্বাচনৰ বৈতৰণী পাৰ হ'বলৈ ভোটসংগ্ৰহ কৰা গোপন ইচ্ছা।