প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ছোনীয়া-ৰাহুল গান্ধী

প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ছোনীয়া-ৰাহুল গান্ধী

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব ছোনীয়া-ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ ৩০ মে'ত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত দেশ-বিদেশৰ কেইবাগৰাকীও ৰাজনীতিকৰ লগতে ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। নিৰ্বাচনৰ সময়ত বিজেপি-কংগ্ৰেছৰ নিৰ্বাচনী যুঁজৰ মাজতে ছোনীয়া আৰু ৰাহুল গান্ধীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সিদ্ধান্তই চৰ্চা লাভ কৰিছে। কংগ্ৰেছৰ এক সূত্ৰই সদৰি কৰা মতে, নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদো উপস্থিত থাকিব।

Advertisment

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত নৰেন্দ্ৰ মোডীয়ে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব। এই শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। শপত গ্ৰহণ অনুষ্ঠানত কমেও ৫০০০ হাজাৰ নেতা-বিধায়ক আৰু দৰ্শক উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। ইফালে প্ৰধানমন্ত্ৰীৰ এই শপত গ্ৰহণ অনুষ্ঠানত বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰিপালা সিৰিসেনা, নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ লগতে কেইবাগৰাকীও বিদেশী ৰাষ্ট্ৰনেতা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

আনফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে। নিৰ্বাচনৰ সময়ত পশ্চিম বংগত ৰাজনৈতিক হিংসাত ৫৪ জন লোকৰ মৃত্যু ঘটা বুলি বিজেপিয়ে দাবী কৰাৰ পিছতে প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত মমতা বেনাৰ্জীয়ে অংশ নোলোৱাৰ সিদ্ধান্ত লয়। বিজেপিয়ে চলোৱা এই প্ৰচাৰ ভুৱা বুলি মন্তব্য কৰে মমতা বেনাৰ্জীয়ে।