২০০৪ত স্নাতক, ২০১৯ত এইছ এছ পাছ! কেনেকৈ এই অধোন্নতি জানিব কেৱল স্মৃতি ইৰাণীয়ে

২০০৪ত স্নাতক, ২০১৯ত এইছ এছ পাছ! কেনেকৈ এই অধোন্নতি জানিব কেৱল স্মৃতি ইৰাণীয়ে

author-image
asomiyapratidin
New Update
২০০৪ত স্নাতক, ২০১৯ত এইছ এছ পাছ! কেনেকৈ এই অধোন্নতি জানিব কেৱল স্মৃতি ইৰাণীয়ে

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰায়ে বিতৰ্ক হোৱা দেখা যায়। এইবাৰ এই বিতৰ্কৰ মাজত সোমাই পৰিছে বিজেপিৰ আমেথি লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। স্মৃতি ইৰাণীৰ শিক্ষাগত অৰ্হতাক লৈ শেহতীয়াকৈ কংগ্ৰেছে আক্ৰমণৰ লক্ষ্য কৰি লৈছে তেওঁ। 'কিয়নো কেতিবাবা মন্ত্ৰীও গ্ৰেজুৱেট আছিল' শীৰ্ষক এক নতুন শ্ল'গানেৰে কংগ্ৰেছ আৰম্ভ কৰিছে স্মৃতি ইৰাণীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ অভিযান।

কংগ্ৰেছৰ প্ৰবক্তা প্ৰিয়ংকা চতুৰ্বেদীয়ে শুকুৰবাৰে এক সংবাদমেলত স্মৃতি ইৰাণীৰ শিক্ষাহত অৰ্হতাক লৈ কটাক্ষ কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়, 'এতিয়া এখন নতুন ধাৰাবাহিক সম্প্ৰচাৰ হ'ব। যাৰ নাম হ'ব- কেতিয়াবা মন্ত্ৰীও গ্ৰেজুৱেট আছিল। এই ধাৰাবাহিকখনত মন্ত্ৰীসকলৰ শিক্ষাগত অৰ্হতাৰ নকল দেখিবলৈ পোৱা যাব। কেনেদৰে নেতা-মন্ত্ৰীয়ে ডিগ্ৰী লাভ কৰে সেয়া জানিব পৰা যাব।'

উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত আমেথি সংসদীয় সমষ্টিৰ পৰা ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা স্মৃতি ইৰাণীয়ে দাখিল কৰা মনোনয়নত তেওঁৰ শিক্ষাগত অৰ্হতা বানিজ্য শাখাৰ স্নাতক মহলাৰ পাৰ্ট-১ বুলি উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰা অনুসৰি তেওঁ এই অধ্যয়ন আৰম্ভ কৰিছিল ১৯৯৪ চনত। লগতে তেওঁ এয়াও উল্লেখ কৰে যে তেওঁৰ স্নাতক শিক্ষা অসম্পূৰ্ণ হৈছে। মনোনয়নত দাখিল কৰা অনুসৰি তেওঁ ১৯৯১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হয়। ১৯৯৩ চনত তেওঁ ইন্টাৰমিডিয়েট পৰীক্ষা উত্তীৰ্ণ হয়।

ইফালে ২০১৪ চনত আমেথি লোকসভা সমষ্টিৰ পৰা দাখিল কৰা মনোনয়নত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্কুল অৱ অপেন লাৰ্ণিঙৰ পৰা ১৯৯৪ চনত বানিজ্য শাখাৰ স্নাতক পাৰ্ট-১ সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰিছিল। কিন্তু ইয়াৰ পূৰ্বে ২০০৪ চনত দিল্লীৰ চান্দনী চ'কৰ পৰা কংগ্ৰেছৰ কপিল চিব্বালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা সময়ত স্মৃতি ইৰাণীয়ে ১৯৯৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্কুল অৱ কৰস্পণ্ডেন্সৰ পৰা ক'লা শাখাত স্নাতক ডিগ্ৰী লাভ কৰা বুলি মনোনয়ত দাখিল কৰিছিল।

বিজেপিৰ নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰে এনেদৰে বিগত ৩টা নিৰ্বাচনত প্ৰতিটোতে শিক্ষাগত অৰ্হতা পৃথক পৃথকৈ উল্লেখ কৰাক লৈ এতিয়া কেৱল কংগ্ৰেছেই নহয়, অন্য সাধাৰণ লোকৰ সমালোচনাৰো সন্মুখীন হৈছে স্মৃতি ইৰাণী।