/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/smriti-irani-ptifasce.jpg)
ফাইল ফটো
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী তথা আমেঠি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণী পুনৰ এবাৰ কংগ্ৰেছ প্ৰতিদ্বন্দ্বী ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। ৰাহুল গান্ধীয়ে আমেঠিৰ পৰা মেগা ফুড পাৰ্ক পৰিযোজনা নৰেন্দ্ৰ মোডী চৰকাৰে কাঢ়ি নিয়া বুলি উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি স্মৃতি ইৰাণীয়ে দেওবাৰে কয় যে যি মেগা ফুড পাৰ্কৰ কথা কংগ্ৰেছে কৈ আহিছে, সেইখনত গেছ যোগান ধৰিবলৈ পূৰ্বৰ মনমোহন সিং চৰকাৰেই লিখিতভাৱে মানা কৰিছিল।
স্মৃতি ইৰাণীয়ে কয়, 'ৰাহুল গান্ধীয়ে আজি মিছা মাতি আমেঠিবাসীক বিপথে পৰিচালিত কৰিব বিচাৰিছে। কংগ্ৰেছ অধ্যক্ষ গৰাকীয়ে কৃষকৰ হিতৰ কথা কয় কিন্তু কাৰখানা নিৰ্মাণৰ নামত তেৱেঁই কৃষকৰ মাটি হস্তগত কৰি বহি আছে।' আনফালে আদালতৰ নিৰ্দেশৰ পিছতো ৰাহুল গান্ধীয়ে যোৱা ৩ বছৰে সেই ভূমি বেদখল মুক্ত কৰা নাই বুলি অভিযোগ কৰি স্মৃতি ইৰাণীয়ে কয় যে ভাৰত মাতৃক দ্বিখণ্ডিত কৰিব বিচৰা জম্মু-কাশ্মীৰৰ নেতা য়াচীন মালিকৰ সৈতে কংগ্ৰেছে একেলগে কাম কৰে। মালিকৰ বিৰুদ্ধে ৪ গৰাকী বায়ু সেনা জোৱানৰ হত্যা আৰু কাশ্মীৰী পণ্ডিতক হত্যাৰ অভিযোগ থকাৰ পিছতো ৰাহুল গান্ধী আৰু কংগ্ৰেছে তেওঁৰ ওচৰত মূৰ দোৱাই আহিছে বুলিও অভিযোগ কৰে স্মৃতি ইৰাণীয়ে।