/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/union-minister-smriti-irani-addressing-conference-press_ba9dfc86-4bf2-11e9-aca9-eac9e517f545.jpg)
ডিজিটেল ডেস্কঃ 'তেওঁলোকে মোক যিমানেই আক্ৰমণ আৰু ইতিকিং কৰিব, সিমানেই মই কঠিন হম।' -শুকুৰবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। আমেথিত নিৰ্বাচনী প্ৰচাৰ চলাই সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণীয়ে কংগ্ৰেছক আক্ৰমণ কৰি এইদৰে মন্তব্য কৰে।
বিজেপি প্ৰাৰ্থীগৰাকীয়ে কয়, 'যোৱা ৫ বছৰত তেওঁলোকে (কংগ্ৰেছ) মোক উপৰ্য্যুপৰি মোক আক্ৰমণ কৰিছে। বহুবাৰ মোক লৈ কটাক্ষসূচক মন্তব্য কৰিছে। কিন্তু ইয়ে মোৰ ওপৰত প্ৰভাৱ নেপেলায়, তেওঁলোকে যিমানেই সেয়া কৰিব, সিমানেই মই ৰাহুল গান্ধীৰ বিৰুদ্ধে আমেথিত অধিক কষ্টৰে প্ৰচাৰ চলাব পাৰো।'
উল্লেখ্য যে, আমেথিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধী আৰু বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণীৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ বিগত কিছুদিন চৰ্চাত আছে। ২০১৪ চনত সমষ্টিটোত পৰাজয়বৰণ কৰা স্মৃতি ইৰাণীয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীৰ বিৰুদ্ধে জয়লাভ কৰিব বুলি দাবী কৰাৰ বিপৰীতে কংগ্ৰেছৰ দূৰ্গস্বৰূপ সমষ্টিটোত ৰাহুল গান্ধীয়েও জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাই নিজৰ ভেটি সবল কৰাত নামি পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us