‘মহক যিদৰে কাপোৰ পিন্ধাব নোৱাৰি, হাতীক যেনেকৈ কোলাত নিচুকাব নোৱাৰি, তেনেকৈ…’,

‘মহক যিদৰে কাপোৰ পিন্ধাব নোৱাৰি, হাতীক যেনেকৈ কোলাত নিচুকাব নোৱাৰি, তেনেকৈ…’,

author-image
asomiyapratidin
New Update
‘মহক যিদৰে কাপোৰ পিন্ধাব নোৱাৰি, হাতীক যেনেকৈ কোলাত নিচুকাব নোৱাৰি, তেনেকৈ…’,

ডিজিটেল ডেস্কঃ কথাৰ ৰজা পঞ্জাৱৰ মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজোৎ সিং সিদ্ধু পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। সততে শ্বায়েৰী আৰু বাক পটুতাৰে বিৰোধীক ধৰাশায়ী কৰা কংগ্ৰেছ নেতাগৰাকীয়ে পুনৰ এবাৰ নিজৰ বাক পটুতা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণৰ লক্ষ্য কৰি লয়।

সোমবাৰে মধ্যপ্ৰদেশৰ ভূপাল লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দিগ্বিজয় সিঙৰ বিৰুদ্ধে প্ৰচাৰ চলায় পঞ্জাৱৰ মন্ত্ৰী তথা কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ নৱজোৎ সিং সিদ্ধুৱে। জনসভাত তেওঁ নিজস্ব ভংগীমাৰে বিজেপিক আক্ৰমণ কৰে। প্ৰধানমন্ত্ৰী মোডীৰ বিশ্বৰ ভিতৰতে আটাইতকৈ মিছলীয়া ব্যক্তি আখ্যা দিয়ে সিদ্ধুৱে। তেওঁ প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি কয়, 'যিদৰে মহক কাপোৰ পিন্ধোৱাটো অসম্ভৱ, হাতীক কোলাত নিচুকওৱা অসম্ভৱ, তেনেদৰে আপোনাৰ মুখৰ পৰাও সঁচা কথা উলিওৱা অসম্ভৱ।'