আমেৰিকাৰ মঙল গ্ৰহ অভিযান, চীনৰ সমুদ্ৰ ৰে’ললাইন নিৰ্মাণ যাত্ৰা, আমাৰ মোডী ব্যস্ত চকীদাৰৰ দল গঠনতঃ সিদ্ধু

আমেৰিকাৰ মঙল গ্ৰহ অভিযান, চীনৰ সমুদ্ৰ ৰে’ললাইন নিৰ্মাণ যাত্ৰা, আমাৰ মোডী ব্যস্ত চকীদাৰৰ দল গঠনতঃ সিদ্ধু

author-image
asomiyapratidin
New Update
আমেৰিকাৰ মঙল গ্ৰহ অভিযান, চীনৰ সমুদ্ৰ ৰে’ললাইন নিৰ্মাণ যাত্ৰা, আমাৰ মোডী ব্যস্ত চকীদাৰৰ দল গঠনতঃ সিদ্ধু

ডিজিটেল ডেস্কঃ 'সমগ্ৰ বিশ্বৰ অন্যান্য দেশসমূহে নতুন নতুন আবিস্কাৰেৰে নিজকে মহীয়ান কৰিছে, আৰু আমাৰ প্ৰধানমন্ত্ৰীয়ে এতিয়াও চকীদাৰেই বনাই আছে।' -বৃহস্পতিবাৰে এই মন্তব্য কৰে পঞ্জাৱৰ মন্ত্ৰী নৱজোৎ সিং সিদ্ধুৱে। এক সংবাদমেল সম্বোধন কৰি বৃহস্পতিবাৰে সিদ্ধুৱে মোডী আৰু বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

মোডীয়ে দেশৰ উন্নয়নৰ নামত কেৱল ৰাজনীতি কৰিছে পুঁজিপতিৰ পকেট গৰম কৰিছে বুলি অভিযোগ উত্থাপন কৰে সিদ্ধুৱে। ভাৰতৰ দৰে এখন উন্নয়নশীল দেশৰ নিবনুৱা সমস্যা সমাধানৰ পৰিৱৰ্তে চকীদাৰগিৰি আৰম্ভ কৰিবলৈ শিক্ষা দিছে মোডীয়ে। সিদ্ধুৱে কয়, 'আজি বিশ্ব কোন দিশে ধাৱমান হৈছে, চীনে সাগৰৰ তলিত ৰে'ল লাইন নিৰ্মাণ কৰিছে, আমেৰিকাই মঙল গ্ৰহত জীৱৰ সন্ধান কৰিছে, ৰাছিয়াই ৰবটিক আৰ্মী নিৰ্মাণত ব্যস্ত হৈছে। ইফালে আমাৰ মোডীয়ে এতিয়াও চকীদাৰৰ দল গঠনতে ব্যস্ত হৈ আছে। তাকো চোৰ।'