কংগ্ৰেছ নেত্ৰী শীলা দিক্ষীতে কৰিব পাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা…

কংগ্ৰেছ নেত্ৰী শীলা দিক্ষীতে কৰিব পাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা…

author-image
asomiyapratidin
New Update
কংগ্ৰেছ নেত্ৰী শীলা দিক্ষীতে কৰিব পাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা…

ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দিক্ষীতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে লোকসভা নিৰ্বাচন ২০১৯ত। সূত্ৰৰ মতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে পূৱ দিল্লীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে। সমষ্টিত আম আদ আদমী পাৰ্টীৰ প্ৰাৰ্থী আতিশৰ সৈতে হ'ব পাৰে শীলা দিক্ষীতৰ প্ৰতিদ্বন্দ্বিতা। তদুপৰি কংগ্ৰেছৰ হৈ আজয় মাকেনে নতুন দিল্লী সমষ্টিৰ পৰা, কপিল চিব্বালে চান্দনী চ'কৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বিগত কিছু দিন ধৰি দিল্লীত আপ আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ সৰৱ চৰ্চা চলি আছে। সোমবাৰে ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত এক টুইট কৰি দিল্লীত আপৰ সৈতে মিত্ৰতা কৰিবলৈ সাজু বুলি উল্লেখ কৰে। লগতে তেওঁ ৰাজ্যখনত ৪ খন আসন আম আদমী পাৰ্টীক এৰি দিবলৈও মান্তি হয়।

ইফালে, দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ অধ্যক্ষ অৰবিন্দ কেজৰিৱালেও এই মিত্ৰতাৰ প্ৰতি সন্মতি প্ৰকাশ কৰে যদিও এতিয়া তেওঁৰ দুমুখীয়া স্থিতিয়ে দুয়োটা দলৰ মাজৰ মিত্ৰতাত আশংকতাৰ সৃষ্টি কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত যদি দুয়োটা দলৰ মাজত মিত্ৰতা নহয় তেন্তে কংগ্ৰেছে দিল্লীৰ আটাইকেইখন সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব।