/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/shakil-bhai-Untitled-7-copy.jpg)
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ দলৰপৰা নিলম্বিত কৰা হয় এজন নেতাক। ছকিল আহমেদ নামৰ এজন নেতাই মধুবনী লোকসভা সমষ্টিৰপৰা নিৰ্দলীয় দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বাবে তেওঁক কংগ্ৰেছ দলৰ পৰাতেওঁক নিলম্বিত কৰা হয়। এক বিজ্ঞপ্তিযোগে ছকিল মহম্মদক দলৰ পৰা নিলম্বিত কৰা কথাকংগ্ৰেছে জনায়। ইয়াৰোপৰি দলটোৱে বিহাৰৰ বেণীপট্টিৰ বিধায়ক ভাৱনা ঝাকো নিলম্বিতকৰে।
ভাৱনা ঝাই দলৰ নীতি বিৰোধী কাম-কাজ কৰাৰ বাবে নিলম্বিত কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ছকিল আহমেদে কিছুদিন পূৰ্বে কংগ্ৰেছৰ প্ৰবক্তা পদৰ পৰা পদত্যাগ কৰে আৰু বিহাৰৰ মধুবনী সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। ছকিল আহমেদৰ এই পদক্ষেপে বিহাৰত মহাজোঁটবন্ধনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিলে হেঁতেন, কাৰণ মধুবনী সংসদীয় সমষ্টিটোৰ পৰা আসনৰ ভাগ-বতৰাত বিকাশশীল ইন্সান পাৰ্টি চমুকৈ ভিআইপিৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কথা আছিল।
ইফালে, পূৰ্বেছকিল আহমেদে কৈছিল যে- মই কংগ্ৰেছৰ চিহ্ন বিচাৰিছিলো। মই ৰাহুল গান্ধীৰ সৈতেওসাক্ষাৎ কৰিছিলো। আৰু প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰীশক্তি সিং গোহিলৰ সৈতেও মই কথা পাতিছিলো। লগতে তেওঁ কয়- 'মই বিচাৰিছিলো যে, যিধৰণে চতৰাত আমাৰ দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ৰাজদে একপ্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, সেই ধৰণেই মধুবনীতো মোকো দলৰ চিহ্ন প্ৰদান কৰিনিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দিবলৈ অনুৰোধ জনাইছিলো।'