ভোটাৰ তালিকাৰ পৰা হেৰাইছে শ শ মোডী বিৰোধীৰ নাম! শক্ৰঘ্ন সিনহাই ক’লে- ছাৰ জী…

ভোটাৰ তালিকাৰ পৰা হেৰাইছে শ শ মোডী বিৰোধীৰ নাম! শক্ৰঘ্ন সিনহাই ক’লে- ছাৰ জী…

author-image
asomiyapratidin
New Update
বিজেপি এৰি কংগ্ৰেছত যোগদান অভিনেতা শত্ৰুঘ্ন সিনহাৰ!

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ২০ ৰাজ্যৰ ৯১টা সমষ্টিত অনুষ্ঠিত হৈ যায় লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। কিন্তু ভোটগ্ৰহণৰ সময়ত এইবাৰ লাভ কৰা গ'ল যথেষ্ট সংখ্যক বিসংগতিৰ ঘটনা। ক'ৰবাত যদি ইভিএম বিকল হ'ল, ক'ৰবাত আকৌ ভোটাৰ তালিকাৰ পৰা হেৰাল শ শ জীৱিত ভোটাৰৰ নাম। আনহাতে বিভিন্ন অঞ্চলত নৰেন্দ্ৰ মোডীক সমৰ্থন নকৰা ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট নোহোৱা বুলিও অভিযোগ উত্থাপিত হয়। এনে পৰিপ্ৰেক্ষিতত বিজেপিত বিসম্বাদ কৰি কংগ্ৰেছত যোগদান কৰা পাটনা সংসদীয় সমষ্টিৰ বিধায়ক শত্ৰুঘ্ন সিনহাই কোনো নাম উল্লেখ নকৰালৈ এক টুইট কৰি আক্ৰমণ কৰে। শত্ৰুঘ্ন সিনহাই টুইটটোত 'ছাৰ জী' বুলি কৰা সম্বোধনে সেয়া মোডীক উদ্দেশ্য কৰি কৰা বুলি নিশ্চিত হ'ব পাৰি।

তেওঁ লিখিছে- 'ছাৰ জী, এয়া কি হ'বলৈ ধৰিছে? সকলো ফালৰ পৰাই খবৰ পোৱা হৈছে যে এইবাৰ অভূতপূৰ্ব হাৰত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা হেৰাইছে আৰু এয়াও অভিযোগ উত্থাপন হৈছে যে, ভোটাৰ তালিকাৰ পৰা নাম কটা যোৱা অধিকাংশই 'ছাৰ জী' বিৰোধী। নাগৰিকৰ ওপৰত থকা আপোনাৰ বিশ্বাস আপুনি বৰ্তাই ৰাখিব নোৱাৰিব নেকি?'


— Shatrughan Sinha (@ShatruganSinha) April 12, 2019

উল্লেখ্য যে বিজেপিত থাকিও সততে মোডী নীতিৰ বিৰুদ্ধে মাত মাতি অহা বিসম্বাদী নেতা শত্ৰুঘ্ন সিনহাই শেহতীয়াকৈ পাটনা চাহিব সমষ্টিৰ পৰা বিজেপিয়ে তেওঁক টিকট নিদিয়াৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছত যোগদান কৰিয়েই শত্ৰুঘ্ন সিনহা বিজেপিৰ বিৰুদ্ধে অধিক সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে।