পত্নীৰ মনোনয়ন পৰ্বত উপস্থিত শত্ৰুঘ্ন, কংগ্ৰেছ প্ৰাৰ্থীৰ অভিযোগ- দলীয় অনুশাসন ভংগ কৰিছে…

পত্নীৰ মনোনয়ন পৰ্বত উপস্থিত শত্ৰুঘ্ন, কংগ্ৰেছ প্ৰাৰ্থীৰ অভিযোগ- দলীয় অনুশাসন ভংগ কৰিছে…

author-image
asomiyapratidin
New Update
পত্নীৰ মনোনয়ন পৰ্বত উপস্থিত শত্ৰুঘ্ন, কংগ্ৰেছ প্ৰাৰ্থীৰ অভিযোগ- দলীয় অনুশাসন ভংগ কৰিছে…

ডিজিটেল ডেস্কঃ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী তথা পুনম সিনহাৰ মনোনয়নত অংশ গ্ৰহণৰ পিছতে শত্ৰুঘ্ন সিনহাৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছৰ লক্ষ্ণৌ সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ কৃষ্ণম। উল্লেখ্য যে, বৃহস্পতিবাৰে লক্ষ্ণৌ সমষ্টিৰ পৰা এছপি-বিএছপি-আৰএলডি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰে পুনম সিনহাই। পত্নীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিতি থাকে বিজেপি এৰি কংগ্ৰেছত যোগ দিয়া শত্ৰুঘ্ন সিনহাও।

ইফালে পত্নীৰ মনোনয়ন দাখিল পৰ্বত শত্ৰুঘ্ন উপস্থিত থকাক লৈ অসন্তুষ্টি ব্যক্ত কৰি লক্ষ্ণৌ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰমোদ কৃষ্ণমে দাবী কৰে যে শত্ৰুঘ্ন সিনহাই তেওঁৰ দলৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাই দলীয় অনুশাসন ভংগ কৰিছে।

কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ এই মন্তব্যৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখতন নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে শত্ৰুঘ্ন সিনহাই। তেওঁ কয়, 'দল অন্য এক বিষয়। কিন্তু মই মোৰ পৰিয়ালটোৰ মুৰব্বী হিচাপে মোৰ কিছু দায়িত্ব আছে। যিবোৰ মই পালন কৰিবই লাগিব। পুনম সিনহা মোৰ পত্নী। মোৰ দলৰ বিৰোধী বুলি নহয়, মোৰ পত্নী হিচাপে তেওঁৰ এক শুভ মুহূৰ্তত মই উপস্থিত আছিলো। ইয়াক লৈ কোনো ৰাজনৈতিক অসন্তুষ্টি ব্যক্ত কৰাৰ প্ৰয়োজন নাই।'