/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/samajwadi-party-s-vision-document-released_65d77d20-6048-11e9-b92f-deef78e36bd1.jpg)
ডিজিটেল ডেস্কঃ সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে বৃহস্পতিবাৰে নাম উল্লেখ নকৰাকৈয়ে প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ কৰে। চকীদাৰ যদি চাহ বেপাৰী হয়, তেন্তে তেৱোঁ গাখীৰ বেপাৰী বুলি নিজকে আখ্যা দি ভাল গাখীৰ অবিহনে ভাল চাহ বনাব নোৱাৰি বুলি মন্তব্য কৰে। চকীদাৰে দেশবাসীক বেয়া চাহ খুওৱা বুলি প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি তেওঁ কয়, '২০১৪ চনত জনতাই চাহ বেপাৰীক বিশ্বাসত লৈছিল। কিন্তু ভাল চাহ খাবলৈ নাপালে। কিয়নো বিনা গাখীৰ চাহ ভাল বনাব নোৱাৰি।'
নতুন দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাই এখন জনসভাত অংশ লোৱা অখিলেশ যাদৱে মোডীৰ নাম উল্লেখ নকৰাকৈয়ে অভিযোগ উত্থাপন কৰি কয়, 'চকীদাৰে দেশৰ যুৱকসকলৰ সংস্থাপন চুৰি কৰিলে। চকীদাৰে আপোনাৰ ধন বেংকত জমা কৰালে ঠিকেই, কিন্তু তাৰ পৰা সেই ধন লৈ পুঁজিপতিক বিদেশলৈ পলায়ন কৰালে। বিজেপিয়ে আজি আমাৰ দেশৰ যুৱ প্ৰজন্মক এনে এক স্থিতিলৈ লৈ আনিছে যে তেওঁলোকে এতিয়া সপোন দেখিবলৈও ভয় কৰে।' এখন সুস্থ আৰু উন্নয়নমুখী ভাৰত গঢ়াৰ বাবে ভোটদান কৰিবলৈ আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us